Logo
image

আকাশ চুইছেগৈ ঔষধৰ দামে, শুনোতা নাই কোনো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ জানুৱাৰীঃ জীৱনদায়িনী ঔষধৰ পৰা সাধাৰণ ঔষধলৈ প্ৰতিবিধ দৰৱৰ দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক এতিয়া যেন কোঙা কৰি পেলাইছে ৷ অতি সংগোপন ঔষধ কোম্পানীসমূহে বৃদ্ধি কৰিছে প্ৰায় প্ৰতিবিধ ঔষধৰ মূল্য৷ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ সমান্তৰালভাৱে ঔষধৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সাধাৰণ তথা মধ্যবিত্ত লোকৰ বৰ্তমানপানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ হাস্পতালত চিকিৎসাৰ ব্যয় আকাশলংঘী হোৱাৰ পাছত এতিয়া ঔষধৰ মূল্যবৃদ্ধিৰ ফলত মৰণ যন্ত্ৰণাৰে যুঁজ দিবলগীয়া হৈছে দুখীয়া তথা মধ্যবিত্ত লোকসকেল৷ শুনিলে আচৰিত যেন লাগিলেও মধুমেহ ৰোগৰ পৰা  যকৃত ৰোগলৈ প্ৰায় প্ৰতিবিধ ঔষধৰে ১০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি পাইছে৷ উদাহৰণ স্বৰূপে যকৃতজনিত ৰোগৰ ঔষধ Ylyses ৩০০ নামৰ লুপিন কোম্পানীৰ টেবলেট বিধৰ ছেপ্টেম্বৰ মাহত দাম আছিল ৬৯০টকা৷ কিন্তু একেই ১৫টা টেবলেটৰ বিগত ডিচেম্বৰত দাম ৭৫৯ টকালৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ মাত্ৰ ৪ মাহৰ ব্যৱধানত যকৃত ৰোগত ব্যৱহৃত ঔষধ বিধৰ দাম প্ৰায় ৭০ টকা বৃদ্ধি পালে৷ একদৰে মুধুমেহ ৰোগীয়ে ব্যৱহাৰ কৰা Humalog mix-২৫ Cartridge নামৰ ইনছুলিন বিধৰ মূল্যও ৯৯০ টকাৰ পৰা ১,০৮৯ টকালৈ বৃদ্ধি পালে৷ আনহাতে সততে ৰোগীয়ে গেছজনিত সমস্যাৰ বাবে ব্যৱহাৰ কৰা Omez-DSR নামৰ  টেবলেট বিধৰ ইয়াৰ পূৰ্বে মূল্য আছিল ২০৪.৫০ টকা৷ কিন্তু গেছৰ টেবলেট বিধৰ নতুন নিৰিখ হৈছে ২২৮.৭৫ টকা৷ শিশুৰ পৰা বৃদ্ধলৈ ব্যৱহাৰ কৰা NMEF নামৰ বডী লোচনটোৰ পূৰ্বে ২০০ মিলি লিটাৰৰ ৪৩৮ টকাত গ্ৰাহকে লাভ কৰিছিল যদিও এতিয়া ৪৯৯ টকা ভৰি গ্ৰাহকে ক্ৰয় কৰিবলগীয়া হৈছে৷


তদুপৰি মূৰৰ বিষৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰা Dart টেবলেট বিধৰ দুমাহ পূৰ্বে দাম আছিল ৫৯.২৫ টকা আৰু বৰ্তমানৰ দাম হৈছে ৬৫ টকা৷ এইকেইটা মাত্ৰ উদাহৰণহে যদিও প্ৰতিবিধ ঔষধৰে ১০-১২ শতাংশ পৰ্যন্ত দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ফলত ধনৰ অভাৱত ৰোগীয়ে ঔষধ সেৱনকে বাদ দিবলৈ বাধ্য হৈছে৷ অৱশ্যে, গুৰুত্বপূৰ্ণ ৰোগৰ প্ৰতিবিধ ঔষধৰে দাম বৃদ্ধিৰ বিপৰীতে দুই এবিধ ঔষধৰ মূল্য হ্ৰাস পোৱাও পৰিলক্ষিত হৈছে৷ সেই অনুসৰি কাণৰ ৰোগত ব্যৱহৃত Drep Ear Drop নামৰঔষধ বিধৰ দাম পূৰ্বৰ ১০৭ টকাৰ পৰা বৰ্তমান ৯৬ টকালৈ হ্ৰাস পাইছে৷ লক্ষণীয়ভাৱে কোনো ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ হ’লে ঔষধ কোম্পানীসমূহে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কতৃৰ্পক্ষৰ অনুমতি ল’ব লাগিব৷ নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটীয়ে সকলো দিশ চাই ঔষধৰ দাম বৃদ্ধিৰ অনুমোদন জনায়৷শেহতীয়াকৈ বিগত অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোৱেই ৮ বিধ অত্যাৱশ্যকীয় ঔষধৰ ১১টা ফৰ্মুলেচনত দাম বৃদ্ধিত অনুমোদন জনাইছিল৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থাটোৱে হাঁপানী, গ্ল’ক’মা, থেলাচেমিয়া, যক্ষ্মাৰ ৰোগৰ ঔষধত দাম বৃদ্ধিৰ অনুমোদন জনাইছিল যদিও নতুনকৈ যকৃত তথা মধুমেহ ৰোগৰ বাকী ঔষধসমূহৰ দাম বৃদ্ধিত কেতিয়া অনুমোদন জনালে, সেয়া আজিও স্পষ্ট নহয়৷ যাৰ ফলত ঔষধ কোম্পানীসমূহে নিজাববীয়াকৈ কেন্দ্ৰীয় সংস্থাটোৰ চকুত ধূলি দি উৎপাদিত দৰৱৰ দাম বৃদ্ধি কৰিছে নেকি, তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷