Logo
image

পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনঃ নিশা হাড় কঁপোৱা জাৰত ঘৰৰ পৰা উলিয়াই দিলে ৮০ ঊৰ্ধ্বৰ মাতৃক

'আমাৰ অসম'ৰ বিজনীৰ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ কোন দিশে জীৱশ্ৰেষ্ঠ মানৱ! পিতৃ-মাতৃৰ প্ৰতি মমতা, মানৱীয়তা, দায়বদ্ধতা, সমাজ ব্যৱস্থাক আওকাণ কৰি বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত গোটাই দিয়াৰ উপৰি ৰাজপথলৈ গতিয়াই দিয়া কাৰ্য সংঘটিত হৈ আহিছে এইখন সভ্য সমাজত। বৃদ্ধা মাতৃক পুত্ৰ-বোৱাৰীৰ এক বোজা বুলি গণ্য কৰি ৰাজপথলৈ উলিয়াই দিয়া তেনে এটি ঘটনাই সংঘটিত হ'ল চিৰাং জিলাৰ বিজনীত। বুধবাৰে নিশা হাড় কঁপোৱা জাৰত বিজনী চহৰৰ ৩ নং ওৱাৰ্ডৰ আমগুৰী কলনীৰ পথৰ দাঁতিত এগৰাকী আশী ঊৰ্ধ্বৰ বৃদ্ধা আইতা উদ্ধাৰ হোৱা কাৰ্যই হৃদয় জোকাৰি গৈছে সচেতন নাগৰিকৰ।



ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত পুত্ৰ আৰু বোৱাৰীয়ে নিৰ্যাতন চলাই ঘৰৰ পৰা উলিয়াই দি গেট বন্ধ কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে আশী ঊৰ্ধ্বৰ আইতাগৰাকীয়ে। সন্ধিয়াৰ ভাগতেই এনেদৰে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত শীতৰ নিশা অ'ত-ত'ত অনাই-বনাই ঘূৰি নিশা পথৰ দাঁতিত আশ্ৰয় লয় আইতাগৰাকীয়ে। জানিব পৰা মতে, তিনিটা উপযুক্ত পুত্ৰ সন্তানেৰে সুন্দৰ পৰিয়াল বিজনীৰ ৩নং ৱাৰ্ডৰ আমগুৰী কলনীৰ আদৰি বসাক নামৰ আইতাগৰাকীৰ। দুই ডাঙৰ পুত্ৰ কৰ্মসূত্ৰে বিজনীৰ বাহিৰত নিগাজিকৈ থকাৰ লগতে কনিষ্ঠ পুত্ৰ কালাচাণ্ড বসাক আৰু বোৱাৰী ছেফালী বসাকৰ লগত থাকে মাতৃ আদৰি বসাক। 

কিন্তু আইতাগৰাকীয়ে দিয়া অভিযোগ অনুসৰি প্ৰায় সঘনাই পুত্ৰ-বোৱাৰীয়ে মাৰধৰ কৰি শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। ইয়াৰ পূৰ্বেও নিৰ্যাতন চলাই ঘৰৰ পৰা উলিয়াই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে বৃদ্ধা আইতাগৰাকীয়ে। এইক্ষেত্ৰত স্থানীয় লোক তথা ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব বিচৰাত পৰিয়ালটোত প্ৰায়েই কাজিয়াৰ সৃষ্টি হৈ থাকে বুলি জানিব দিয়ে। ইফালে, ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ খবৰ পাই পুত্ৰ কালাচাণ্ড বসাক উপস্থিত হৈ মাতৃৰ অভিযোগ মিছা বুলি দাবী কৰি মাতৃ মানসিক বাধাগ্ৰস্ত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। কিন্তু ইয়াৰ বিপৰীতে স্থানীয় লোকে বৃদ্ধা গৰাকীৰ মানসিক পৰিবৰ্তন আজিলৈ দৃষ্টিগোচৰ হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে। ঘটনা সংক্ৰান্তত কোনো সচেতন লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বিজনী থানাৰ আৰক্ষী উপস্থিত হৈ বৃদ্ধা আইতাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আহে যদিও নিশাৰ ভাগতেই পৰিয়ালটোক চমজাই দিয়া হয়৷