Logo
image

জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি

জোনাইত বিধ্বংসী ধুমুহা, শিলাবৃষ্টি কেইবা ঠাইটো ছিঙিল বিদ্যুতৰ তাঁৰ, উভালি পৰিল খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ পৰি তচনচ হ'ল বহু পৰিয়ালৰ ঘৰদুৱাৰ

আমাৰ অসম, ২ এপ্ৰিলঃ জোনাই মহকুমাত প্ৰচণ্ড ধুমুহা-বতাহ বৰষুণে  বিভিন্ন অঞ্চলত  চলালে তাণ্ডৱ। বৃহস্পতিবাৰে সন্ধিয়া প্ৰচণ্ড জোৰেৰে অহা বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিয়ে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ হাতীজান, চনাপুৰ, পাদিগাঁও , লাইমেকুৰী, ৰাকুটককে, বগৰিগুৰি, তেলাম, চিমেন চাপৰি, চমকং, মিছামৰা,ডেকাপাম গাওঁ পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁৱৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰত তাণ্ডৱ চলায়। নিমিষতে অহা প্ৰাকৃতিক দুৰ্যোগৰ ফলত চিমেন চাপৰি গাওঁ পঞ্চায়তৰ

ৰংপুৰীয়া,দাধৰা, আটকপুৰ,চমকং গাওঁ পঞ্চায়তৰ সোনাপুৰ, টাদুনীয়া,২ নং বেজগুৰী, লকলুং,৩ নং বালিগড়া,৪ নং বালিগড়া, তেলাম গাওঁ পঞ্চায়তৰ কেমেৰে,লোহিত, ৰাঙলী, মিছামৰা গাওঁ পঞ্চায়তৰ মাগুৰমাৰী,হস্তিনাপুৰ,মাজগাঁও, উলুচাপৰি, ডেকাপাম গাওঁ পঞ্চায়তৰ ১ নং মোহনপুৰ,২ নং মোহনপুৰ, চুমাপাৰা, ৩ নং মোহনপুৰ আদি গাঁৱৰ দুই শতাধিক  কৃষিজীৱী পৰিয়ালৰ ঘৰদুৱাৰ, ভঁৰাল,মূল্যৱান গছগছনি ভাঙি তচনচ কৰি পেলায়।চিমেন চাপৰি গাওঁ পঞ্চায়তৰ ৰংপুৰীয়া গাঁৱৰ মুহিকান্ত চুতীয়া, বীৰেণ বৰুৱা, দিগন্ত সন্দিকৈ, ৰেবতী বৰুৱা, ক্ষীৰেশ্বৰ নাথ,ধনীৰাম বৰুৱা, কলীয়া বৰুৱা, মাইনা শইকীয়া, চন্দ্ৰ চুতীয়া, অনিল বৰুৱা, মদন বৰপাত্ৰগোঁহাই,ললিত দুৱৰা, বিজয় বৰা, মনিৰাম বৰুৱা, পিতৌ বৰুৱা, ফটিক বৰুৱা, দাধৰা গাঁৱৰ প্ৰবীণ শইকীয়া, ৰিঙ্কুমণি গগৈৰ ঘৰদুৱাৰ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যোৱাৰ লগতে গাওঁ খনৰ ৩৭ টা পৰিয়ালৰো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। ৰংপুৰীয়াত বিদ্যুতৰ লাইনত শিলিখা গছ পৰি যোৱাৰ লগতে দুটা স্থানত খুঁটা উভালি পৰাত অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা।  আনহাতে আটকপুৰ গাঁৱৰ নৱজ্যোতি হৰিমন্দৰটো ধূমূহাত বিধ্বস্ত হয়।চমকং গাওঁ পঞ্চায়তৰ সোনাপুৰ গাঁৱৰ ২৬ টা পৰিয়ালৰ ঘৰবাৰী আংশিকভাৱে বিধ্বস্ত হোৱাৰ বিপৰীতে ছটা পৰিয়াল ক্ৰমে বিনতি বসুমতাৰী, বাসন্তী বসুমতাৰী, মীনা বড়ো,দৈমালী নাৰ্জাৰী, দণ্ডী মুছাহাৰী, সবিলা নাৰ্জাৰীৰ ঘৰদুৱাৰ সম্পূৰ্ণ ধ্বংস কৰি পেলাই প্ৰাকৃতিক দুৰ্যোগে।পঞ্চায়তখনৰ টাদুনীয়া গাঁৱৰ ফুলমতী স্বৰ্গীয়াৰী, জাৰৌ বসুমতাৰী, ফাগুণী বড়ো,সৌমশ্ৰী মুছাহাৰী,২ নং বেজগুৰী গাঁৱৰ ৰঞ্জনা বড়ো,সৌমখ্লী বড়ো,লকলুং গাঁৱৰ সঞ্জীৱ বসুমতাৰীৰ ঘৰবাৰী সম্পূৰ্ণ তচনচ হোৱাৰ লগতে ৪ নং বালিগড়া গাঁৱৰ ৭ টা আৰু ৩ নং বালিগড়া গাঁৱৰ ৰেৱতী বসুমতাৰীৰ ঘৰদুৱাৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইপিনে তেলাম গাওঁ পঞ্চায়তৰ কেমেৰে,ৰাঙলী, লোহিত গাঁৱৰ ত্ৰিশ টা পৰিয়ালৰ মাজত বিস্তৰ তাণ্ডৱ চলাই বিধ্বংসী ধুমুহা,শিলাবৃষ্টিয়ে। কেমেৰে গাঁৱৰ মোহন পাংগিং,লেলিন দলে, অজয় পাংগিং, বণমালী পেগু, জগদীশ পাংগিং, গুপেশ্বৰ দলে,ৰাঙলী গাঁৱৰ জুয়েল টাও,ডিস্কুৰাম টাও,লোহিত গাঁৱৰ অমিতাভ পেগু, পবিত্ৰ কাৰ্দং, যুৱকান্ত পাঠৰীৰ ঘৰবাৰী সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাই বিধ্বংসী ধুমুহা বতাহে। অঞ্চলটোৰ কেইবা ঠাইটো বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত গাৱঁকেইখনত বিদ্যুৎসেৱা ব্যাহত হৈ পৰিছে। আনহাতে মিছামৰা গাওঁ পঞ্চায়তৰ বৰমূৰীড়া 

বিহাৰী, মাগুৰমাৰী, মাজগাঁও, হস্তিনাপুৰ, ডেকাপাম গাওঁ পঞ্চায়তৰ ১ নং,২ নং মোহনপুৰ, চুমাপাৰা, বিজয়পুৰ গাঁৱৰ ৪২ পৰিয়ালৰ অধিকাংশ পৰিয়ালৰ ঘৰবাৰী আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে পশিছটা পৰিয়ালৰ ঘৰদুৱাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। ডেকাপাম আৰু মিছামৰা গাওঁ পঞ্চায়তৰ অধিকাংশ গাঁৱত বিদ্যুৎ সেৱা বিচিন্ন হৈ পৰিছে বহু ঠাইত বিদ্যুতৰ তাঁৰ ছিঙাৰ ফলত।