
পঞ্চায়ত নিৰ্বাচনৰ সকলো বাধা আঁতৰিল
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জানুৱাৰীঃ ৰাজ্যৰ সকলো পঞ্চায়তত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অহা সকলো আইনী বাধা আঁতৰিল৷ ৯ খন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশ প্ৰত্যাহাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ বৃহস্পতিবাৰে খণ্ড বিচাৰপীঠে পূৰ্বৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে৷ পূৰ্বে ৫ খন জিলাৰ ৯ খন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাত স্থগিতাদেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে৷ বিবদমান ৯ খন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছিল উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে৷ উক্ত ৰায়ক প্ৰত্যাহ্বান জনাই খণ্ড বিচাৰপীঠৰ ওচৰত আবেদন জনাইছিল ৰাজ্য চৰকাৰে৷ উভয় পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত খণ্ড বিচাৰপীঠে বাতিল কৰে পাঁচ জিলাৰ ৯ পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰোপ কৰা স্থগিতাদেশ বাতিল কৰে৷ ৯ খন লেখ আবেদনৰ ভিত্তিত জাৰি কৰা হৈছিল স্থগিতাদেশ৷ ৬ ফেব্ৰুৱাৰীত উক্ত গোচৰ সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে৷
কেউখন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে আৰোপ কৰা কৰা বাধা আঁতৰিলে যদিও হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পাছত অৰ্থাৎ ব’হাগ বিহুৰ পাছতহে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগ্ৰহী নহয়৷ উল্লেখ্য, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ১০ জানুৱাৰী শুকুৰবাৰে দীঘলীয়া শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষণ কৰি ৰাখিছিল উচ্চ ন্যায়ালয়ে৷ ১২ জানুৱাৰী দেওবাৰে উক্ত গোচৰৰ বিপৰীতে উচ্চ ন্যায়ালয়ে ৫ জিলাৰ ৯ খন পঞ্চায়তৰ বাহিৰে আন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাত সেউজ সংকেট দি ৰায় দিয়ে৷ ৯ পঞ্চায়তৰ বিপৰীতে আপত্তি দৰ্শোৱাৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচন অনুষ্ঠিত কৰাত স্থগিতাদেশ জাৰি কৰা হয়৷ নতুনকৈ নিৰ্ধাৰণ কৰা সীমাক লৈ আপত্তি দৰ্শোৱাৰ পৰিপ্ৰেক্ষিততে উক্ত ৯ খন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে৷