Logo
image

‘এমিলিয়া পেৰেজ’ লৈ অস্কাৰৰ ১৩টা মনোনয়ন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ জানুৱাৰীঃ  ফৰাছী ছবি নিৰ্মাতা জেকুৱেছ অডিয়াৰ্ডৰ স্পেনিছ ভাষাৰ সংগীতধৰ্মী ক্ৰাইম-কমেডী ছবি   ‘এমিলিয়া পেৰেজে’  অস্কাৰৰ ১৩ টাকৈ মনোনয়ন লাভ কৰি অভিলেখ সৃষ্টি কৰিছে৷ অনা-ইংৰাজী ভাষাৰ কোনো ছবিয়ে ইয়াৰ পূৰ্বে অস্কাৰৰ ১৩ টা মনোনয়ন পোৱা নাছিল৷ ইয়াৰ পূৰ্বে অনা-ইংৰাজী ভাষাৰ ছবি ‘ক্ৰাছিং টাইগাৰ, হিডেন ড্ৰেগনে’ ২০০০ চনত আৰু ‘ৰোমা’ই ২০১৮ চনত ১০ টাকৈ অস্কাৰৰ মনোনয়ন লাভ কৰিছিল৷ অৱশ্যে সৰ্বাধিক ১৪ টাকৈ অস্কাৰৰ মনোনয়ন লাভ কৰি ইতিহাস সৃষ্টি কৰি থৈছে ইংৰাজী ভাষাৰ ছবি ‘অল এবাউট আই’ (১৯৫০), ‘টাইটানিক’ (১৯৯৭) আৰু ‘লা লা লেণ্ডে’ (২০১৬)৷ 


আনহাতে ব্ৰেডি কৰবেটৰ ‘দ্য ব্ৰুটেলিষ্টে’ ১০ টা আৰু জেমছ মেংগ’ল্ডৰ বব ডিলানৰ বায়’পিক ‘এ কমপ্লিট আনন’নে’ ৮  টা মনোনয়ন লাভ কৰিছে৷