Logo
image

অৱশেষত ট্ৰাম্প-মোদীৰ বাৰ্তালাপ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ জানুৱাৰীঃ ভাৰতৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক আৰু বাংলাদেশৰ সৈতে শত্ৰুতামূলক আচৰণ আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনত বাৰ্তালাপ কৰি দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে আৰু চুবুৰীয়া বাংলাদেশলৈ  দেশখনে প্ৰদান কৰি থকা আৰ্থিক সাহাৰ্য্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে  অৱশেষত ট্ৰাম্প-মোদীৰ বাৰ্তালাপ জনাইছে যে ট্ৰাম্পে মোদীৰ  সৈতে টেলিফোনত বাৰ্তালাপ কৰিছে৷ মোদীয়ে তেওঁৰ বন্ধু বুলি বৰ্ণনা কৰা ট্ৰাম্পক ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ কাৰ্যকালত উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্কই উচ্চ সীমা স্পৰ্শ কৰিব বুলি আশা ব্যক্ত কৰে৷


ইপিনে বাংলাদেশলৈ আমেৰিকাই সকলোধৰণৰ আৰ্থিক অনুদান প্ৰদান বন্ধ কৰি দিছে৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক নিৰ্দেশ জাৰি কৰি ৫০ বছৰৰো অধিক দিন ধৰি প্ৰদান কৰি থকা জনস্বাস্থ্য, শিক্ষা, ইন্ধন, পৰিৱেশ, খাদ্য, প্ৰাকৃতিক দুৰ্যোগ মোকাবিলা ইত্যাদিৰ আৰ্থিক অনুদান বন্ধ কৰি দিয়াত ঘোৰ বিপদৰ সন্মুখীন হৈছে বাংলাদেশ৷ ইয়াৰ ফলত দেশখনত চলি থকা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু প্ৰকল্প বন্ধ হৈ পৰিব৷ উল্লেখ্য, বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য পৰামৰ্শদাতা মহম্মদ ইউনুছৰ সৈতে আমেৰিকাৰ বিদায়ী ডেম’ক্ৰেট চৰকাৰৰ মধুৰ সম্পৰ্ক আছিল৷ বিগত ছেপ্টেম্বৰত আমেৰিকা ভ্ৰমণকালত ইউনুছে ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিল ক্লিণ্টন, বাৰাক ওবামা আদি ডেম’ক্ৰেট নেতাক সাক্ষাৎ কৰিলেও কোনো ৰিপাব্লিকান নেতাক সাক্ষাৎ কৰা নাছিল৷ তদুপৰি নোবেলজয়ী ইউনুছে পূৰ্বে পেৰিছৰ এখন সন্মিলনত ট্ৰাম্পৰ সমালোচনা কৰি কৈছিল– ‘ট্ৰাম্পৰ বিজয় সূৰ্যগ্ৰহণৰ দৰে৷ ক’লা দিন আহি আছে৷ তেওঁ যেন আমাক গ্ৰাস নকৰে৷’ ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত তেওঁ বাংলাদেশৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ ইউনুছৰ বিৰুদ্ধে প্ৰতিশোধ বুলিও চৰ্চা হৈছে৷ ইপিনে ঢাকাত পুনৰ ছাত্ৰ সংঘৰ্ষ আৰম্ভ হৈছে এই সংঘৰ্ষত উত্তল হৈছে বাংলাদেশৰ ৰাজধানী৷