
দুজনলৈ সদস্য মহীয়ান, চাৰিজনলৈ সাহিত্যাচাৰ্য, এজনলৈ জাতীয় কবি সন্মান
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৮ জানুৱাৰীঃ অসমৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰি অহা বিশেষ সন্মান এইবাৰো ঘোষণা কৰা হৈছে৷ ‘সদস্য মহীয়ান’, ‘সাহিত্যাচাৰ্য’ আৰু ‘জাতীয় কবি’ উপাধি প্ৰদানৰ বাবে অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি তথা সভাৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ অৰ্থে গঠিত বিশেষজ্ঞ সমিতিয়ে কেইজনমান বিশিষ্ট ব্যক্তিৰ নাম বাছনি কৰিছে৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই জনোৱা মতে, অসম সাহিত্য সভাৰ ‘সদস্য মহীয়ান’ সন্মানৰ বাবে প্ৰাচ্যতত্ত্ববিদ, বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু প্ৰাচ্যতত্ত্ববিদ, বিশিষ্ট সাহিত্যিক, অধ্যাপক মহেশ্বৰ হাজৰিকাৰ নাম বাছনি কৰা হৈছে৷ আনহাতে, অসম সাহিত্য সভাৰ ‘সাহিত্যাচাৰ্য’ সন্মান চাৰিজন বৰেণ্য ব্যক্তি ক্ৰমে– প্ৰথিতযশা গৱেষক-সাহিত্যিক, সমালোচক অধ্যাপক আনন্দ বৰমুদৈ; বিশিষ্ট সাহিত্যিক, গীতিকাৰ অধ্যাপক ইদ্ৰিছ আলী; বিশিষ্ট ভাষাবিদ-সাহিত্যিক, অধ্যাপক ভীমকান্ত বৰুৱা আৰু বিশিষ্ট গৱেষক-সাহিত্যিক, অধ্যাপিকা কৰবী ডেকা হাজৰিকালৈ আগবঢ়োৱা হ’ব৷ ইফালে, অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ উপাধি আগবঢ়োৱা হৈছে বিশিষ্ট কবি-সাহিত্যিক আনিছ উজ্ জামানলৈ৷ অহা ৩০ জানুৱাৰী বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ‘সমাৱৰ্তন-২০২৫’ অনুষ্ঠানত কেউগৰাকী বৰেণ্য ব্যক্তিক অসম সাহিত্য সভাৰ বিশেষ সন্মান প্ৰদান কৰা হ’ব৷
ইদ্ৰিছ আলীলৈ ‘সাহিত্যাচাৰ্য’,
‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদকঃ বিশিষ্ট সাহিত্যিক কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক মঙলদৈ নিৱাসী ইদ্ৰিছ আলীলৈ অসম সাহিত্য সভাই ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰিছে৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই এখন পত্ৰযোগে এই বাৰ্তা প্ৰেৰণ কৰে বৰিষ্ঠ সাহিত্যিকজনলৈ৷ অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি তথা সভাৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ অৰ্থে গঠিত বিশেষজ্ঞ সমিতিয়ে সাহিত্যিক ইদ্ৰিছ আলীক অসমৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান ‘সাহিত্যাচাৰ্য’ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অহা ৩০ জানুৱাৰীৰ দিনৰ ১১.০০ বজাত সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ পৌৰোহিত্যত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইদ্ৰিছ আলিক সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হ’ব বুলি অসম সাহিত্য সভাৰ সূত্ৰত প্ৰকাশ৷ এইগৰাকী বৰেণ্য সাহিত্যিকে ২০০১ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰে৷ ২০১৭-১৮ বৰ্ষত ৰাজ্য চৰকাৰে প্ৰদান কৰা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটাপ্ৰাপক প্ৰথমজন সাহিত্যিক ইদ্ৰিছ আলী৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰা ইদ্ৰিছ আলীয়ে ২০১৩ চনত কলংপৰীয়া সাহিত্য সমাজে প্ৰদান কৰা ‘কলংপাৰ বঁটা’, ২০২২ চনত ‘এনাজৰী বঁটা’ আৰু ২০২৪ চনত ‘দৰং গৌৰৱ’ উপাধি লাভ কৰে৷ মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে তেওঁ ২০০১ চনৰ ৩০ এপ্ৰিলত চাকৰি জীৱনৰ পৰা অৱসৰগ্ৰহণ কৰে৷ তেওঁ ‘মোৰ গাঁৱৰ সাধু’, বুঢ়া আঁহতৰ হাঁহি, ‘আগচোতালৰ মেল’ নামৰ তিনিখন উপন্যাস, ‘নিৰিবিলি’ আৰু ‘সুৰমিতা’ নামৰ দুখন গীতৰ সংকলন, ‘কিশোৰ জ্যোতিপ্ৰসাদ’ নামৰ’ শিশু সাহিত্য, ‘সুখৰ দুখৰ আৰু প্ৰেমৰ’ নামৰ এখন কবিতা সংকলন ইতিমধ্যে প্ৰকাশ পাইছে আৰু ই সমাদৃতও হৈছে৷ বষীৰ্য়ান সাহিত্যিক ইদ্ৰিছ আলীয়ে অসম সাহিত্য সভাৰ পৰা এইবাৰ ‘সাহিত্যাচাৰ্য’ উপাধি লাভ কৰাত দৰং জিলাত উচাহৰ ঢল বাগৰিছে৷ অসংখ্য শুভাকাংক্ষীয়ে অধ্যাপক ইদ্ৰিছ আলীক অভিনন্দন জনাইছে৷