Logo
image

৭৭ শতাংশ শিক্ষাৰ্থীয়ে ছ’চিয়েল মিডিয়াৰ বাবেহে ব্যৱহাৰ কৰে স্মাৰ্টফোন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জানুৱাৰীঃ  অসম চৰকাৰে শিক্ষাখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ সময়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা স্বৰূপ পোহৰলৈ আহিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ এটা ৰাষ্ট্ৰীয় সংস্থাৰ জৰীপত৷ ‘প্ৰথম’ নামৰ জৰীপকাৰী সংস্থাটোৱে প্ৰকাশ কৰা ২০২৪ বৰ্ষৰ বাৰ্ষিক শিক্ষা প্ৰতিবেদনত অসমৰ শিক্ষাখণ্ডৰ উন্নয়নৰ যেন ফোপোলা ছবিখন উন্মোচন কৰিলে৷ ছাত্ৰ-ছাত্ৰীৰ মান নিৰূপণৰ বাবে গুণোৎসৱৰ দৰে পদক্ষেপ হাতত লোৱাৰ পাছতো গ্ৰামাঞ্চলৰ   ছাত্ৰ-ছাত্ৰীয়ে যে আজিও প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে, তাৰ যেন প্ৰকৃত স্বৰূপ উদঙাই দিছে ‘প্ৰথম’ৰ সমীক্ষাটোত৷ সমীক্ষাটোত প্ৰকাশ পোৱা মতে ৰাজ্যৰ গ্ৰামাঞ্চলৰ উচ্চ শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ অসমীয়া বৰ্ণমালা, পাটীগণিতৰ সংখ্যাৰো সাম্যক জ্ঞান শূন্য৷ শুনিলে আচৰিত যেন লাগিলেও দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ ২০.৪  শতাংশইহে শুদ্ধকৈ পঢ়িব পাৰে প্ৰথম শ্ৰেণীৰ পাঠ৷ একেদৰে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ৫০ শতাংশ শিক্ষাৰ্থীয়ে প্ৰথম শ্ৰেণীৰ গণিতৰ ২ টা সংখ্যা গণনা কৰিব পাৰে৷ আনহাতে, পঞ্চম শ্ৰেণীৰ ৩২.৮  শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে দ্বিতীয় শ্ৰেণীৰ পাঠ বা পাঠৰ টোকা শুদ্ধকৈ পঢ়িব পাৰে৷


অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ৬৭.২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নোৱাৰে পূৰ্বৰ দ্বিতীয় শ্ৰেণীৰ পাঠ্যক্ৰমৰ টোকা৷ কেৱল পঢ়িব নজনাই নহয়, পঞ্চম শ্ৰেণীৰ ৮৮  শতাংশ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ পাঠ্যক্ৰমৰ হৰণ অংকও কৰিব নোৱাৰে৷ অৱশ্যে গ্ৰামাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানৰ এই শোচনীয় অৱস্থাৰ বিপৰীতে গ্ৰামাঞ্চলৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী বহুত ওপৰত৷ সমীক্ষাটোত প্ৰকাশ পোৱা মতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ৫৫.৮  শতাংশ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ পাঠ শুদ্ধকৈ পঢ়িব পৰাৰ বিপৰীতে ৩০.৯  শতাংশ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ গণিতৰ হৰণ অংক কৰিব পাৰে৷ একেদৰে গ্ৰামাঞ্চলৰ তৃতীয় শ্ৰেণীৰো ৪১.৭  শতাংশ ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধকৈ পঢ়িব নোৱাৰে দ্বিতীয় শ্ৰেণীৰ একোটা পাঠ৷ উল্লেখ্য, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ বেচৰকাৰী সংস্থাটোতে দেশজুৰি চলোৱা এই সমীক্ষাত অসমৰ ২৬ খন জিলাৰ ৭৮০ খন গাঁৱৰ ১৫,৪৫৬ টা পৰিয়ালক সামৰি লৈছিল৷ পৰিয়ালকেইটাৰ ৩-১৬ বছৰ বয়সৰ ২৪,২৭৫ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত চলাইছিল এই সমীক্ষাটো৷ এই সমীক্ষাটোত লগতে প্ৰকাশ পোৱা অনুসৰি ১৪-১৬ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ১৪.৬  শতাংশৰে আছে নিজা স্মাৰ্ট ফোন৷ অৱশ্যে ১৪-১৬ বছৰীয়া ছাত্ৰ-ছাত্ৰীৰ ১৪  শতাংশৰ নিজা স্মাৰ্ট ফোন থাকিলেও ৮৫.১ শতাংশ শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰি আহিছে স্মাৰ্ট ফোন৷ অতিকে উদ্বেগজনক বিষয়টো হৈছে অসমৰ এইসকল স্মাৰ্টফোন ব্যৱহাৰকাৰী ছাত্ৰ-ছাত্ৰীৰ ৭৬.৯ শতাংশই কেৱল ছ’চিয়েল মিডিয়াৰ বাবেহে স্মাৰ্টফোন ব্যৱহাৰ কৰি আহিছে৷ অৱশ্যে ৰাজ্যৰ ৫৫.৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাসম্পৰ্কীয় তথ্যৰ বাবেও স্মাৰ্ট ফোন ব্যৱহাৰ কৰি আহিছে৷ সমীক্ষাটোত প্ৰকাশ পোৱা আন এক উদ্বেগজনক তথ্য হৈছে যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৫  শতাংশ ছাত্ৰ-ছাত্ৰীয়ে শৈশৱৰ ১৫-১৬ বছৰ বয়সতে বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰিবলগীয়া হৈছে৷ ড্ৰপ আউট শিক্ষাৰ্থীৰ ভিতৰত ৬.১  শতাংশ ছাত্ৰ আৰু ৪   শতাংশই হৈছে ছাত্ৰী৷ আনহাতে, গ্ৰামাঞ্চলৰ ২০ শতাংশ শিক্ষানুষ্ঠানত আজিও বিশুদ্ধ খোৱাপানীৰ কোনো ব্যৱস্থা নাই৷ তদুপৰি প্ৰায় ২০ শতাংশ বিদ্যালয়ৰ শৌচাগাৰ ব্যৱহাৰযোগ্য হৈ থকা নাই৷ আশ্চৰ্যজনক বিষয়টোত যি সময়ত চৰকাৰে ডিজিটেল শিক্ষাৰ কথা কৈ আহিছে আৰু শিক্ষাসেতু এপত ডিজিটেল উপস্থিতি লৈছে, ঠিক তেনে সময়ত গ্ৰামাঞ্চলৰ ৩ শতাংশ বিদ্যালয়তে বিদ্যুতৰ কোনো সংযোগেই নাই৷ আনহাতে, ২২.৯  শতাংশ বিদ্যালয়ত আজিলৈকে নহ’ল গ্ৰন্থাগাৰৰ সুবিধা৷ ইফালে,সমীক্ষাটোত প্ৰকাশ পোৱা মতে গ্ৰামাঞ্চলৰ  ২৮  শতাংশ শিশুক ৫ বছৰ বয়সতো কোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দিয়া নাই অভিভাৱকে৷