Logo
image

জে’লৰ পৰাও ৰাইজক ঠগিছিল কেজৰিৱালে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জানুৱাৰীঃ অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ তাৰকা প্ৰচাৰক ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তম নগৰ আৰু কৰোলবাগ বিধান সভাত দুখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়৷ দেশৰ ৰাজধানীত পথৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে খেদ প্ৰকাশ কৰি ড॰ শৰ্মাই মন্তব্য কৰে যে এই অঞ্চল দুটাৰ পৰা অন্যান্য স্থানসমূহলৈ যাতায়াত কৰাটো অত্যন্ত বিপজ্জনক৷ এই অঞ্চলৰ পথৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও  উল্লেখ কৰে৷


দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি ড॰ শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ বিফলতাৰ খতিয়ান দাঙি ধৰি অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰি, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু আইন-শৃংখলাৰ কথা ব্যক্ত কৰে৷ লগতে দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীক ক্ষমতাহীন তথা মাত্ৰ নামৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি ড॰ শৰ্মাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনা কৰি কয় যে কাৰাগাৰত থকাৰ অৱস্থাৰ পৰাই ৰিম’ট কণ্ট্ৰ’ল ৰাজনীতি কৰি জনসাধাৰণক প্ৰতাৰণা কৰিছিল কেজৰিৱালে৷  জে’লৰ পৰাও ৰাইজক ঠগিছিল কেজৰিৱালে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ দোহাই দি হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে সকলো কতৃৰ্ত্বৰ পৰা আঁতৰাই দিয়াৰ কথা উল্লেখ কৰে৷ লগতে তেওঁৰ বিতৰ্কিত বাসগৃহ চিচ মহল সম্পৰ্কতো ব্যংগাত্মকভাবে কটাক্ষ কৰে৷ ড॰ শৰ্মাই অৰবিন্দ কেজৰিৱালৰ হাৰিয়ানাৰ যমুনাৰ পানী বিষক্ৰিয়াৰ দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আৰু এই কথাৰ বাবে দুখ প্ৰকাশ কৰে যে কেনেকৈ কোনোবাই নিজৰ জন্মস্থানক দোষাৰোপ আৰু নিজৰ বিফলতা লুকুৱাবলৈ এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিব পাৰে৷ তেওঁ অসমকে ধৰি সকলো ৰাজ্যতে বিজেপিৰ সুশাসনৰ ট্ৰেক ৰেকৰ্ডৰ সন্দৰ্ভত আলোকপাত কৰে আৰু এইবাৰ দিল্লীত বিজেপি চৰকাৰক নিৰ্বাচন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়, যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকাশ সু-নিশ্চিত কৰাৰ দিশত কাম কৰিব আৰু ৰাজধানী চহৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব৷