
যোৰহাটত উলংগ বাবাক লৈ সমদল
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জানুৱাৰীঃ দিগম্বৰ জৈন ধৰ্মাৱলম্বী লোকসকলৰ দুজন দিগম্বৰ বাবা বুধবাৰে যোৰহাটত উপস্থিত হয়৷ তেওঁলোকক লৈ একাংশ লোকে যোৰহাট নগৰৰ মাজেদি এটা সমদল উলিয়ায়৷ ইয়াৰ প্ৰতিবাদত আজি বীৰ লাচিত সেনাৰ নেতৃত্বত একাংশ লোকে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ উল্লেখ্য, এজন ধৰ্মগুৰুৱে তেওঁৰ এজন সহযোগীক লৈ দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি কালি যোৰহাটত উপস্থিত হয়৷ তেওঁলোকে যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত বাহৰ পাতিছে৷ উলংগপ্ৰায় বাবাক লৈ একাংশ জৈন ধৰ্মাৱলম্বী লোকে নগৰখনত সমদল উলিয়ায়৷ এই বিষয়ে প্ৰচাৰ হোৱাতে আজি নগৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ লোকে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৰহাট উকীল সন্থাৰ সভাপতি হেমেন বৰা, বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ সভাপতি আদিত্য পানীফুকনৰ নেতৃত্বত প্ৰায় অদ্ধৰ্শতাধিক প্ৰতিবাদকাৰীয়ে ‘খেদ ঐ খেদ উলংগ বাবাক খেদ’, ‘যোৰহাটৰ গৰিমা হানি কৰা নহ’ব’ আদি ধবনি আকাশ বতাহ মুখৰিত কৰে৷ ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকল জৈন মুনী দুজনে আশ্ৰয় লৈ থকা মাৰোৱাৰী ঠাকুৰবাৰীৰ দিশে ৰাওনা হওঁতেই আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ দলে বীৰ লাচিত সেনাৰ জিলা সভাপতি আদিত্য পানীফুকন, সুজিত দত্তসহ বিভিন্ন সংগঠনৰ প্ৰায় ১৫ জন লোকক আটক কৰে৷ ইয়াৰে আদিত্য পানীফুকন, সুজিত দত্তসহ ৭ জন প্ৰতিবাদকাৰীক যোৰহাটৰ বৰহোলা থানালৈ স্থানান্তৰ কৰা হয়৷ যোৰহাটৰ আইন-শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক কাকলি বন্যা বৰুৱাৰ পৰা জানিব পৰা মতে এতিয়া লৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই৷ অৱশ্যে গ্ৰেপ্তাৰৰ সম্ভাৱনাও তেওঁ অস্বীকাৰ কৰা নাই৷ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, প্ৰতিবাদকাৰীসকলে জৈন মুনি দুজনৰ অংগচেদনৰ ভাবুকি প্ৰদান কৰে আৰু সেয়ে তেওঁলোক গ্ৰেপ্তাৰৰ যোগ্য৷ অৱশ্যে এতিয়াও বিষয়টো পৰ্যালোচনা কৰি থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে৷ উল্লেখ্য, জৈন ধৰ্মৰ দিগম্বৰ পন্থীৰ ধৰ্মগুৰু ইয়াৰ পূৰ্বেও যোৰহাট আহিছে আৰু প্ৰত্যেক বাৰেই যোৰহাটত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেও এইবাৰেই সংগঠিত ৰূপত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ এই কাৰ্যক লৈ যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ তীব্ৰ বিৰোধিতা নাগৰিক সমাজৰঃ যোৰহাট চহৰৰ মাজেদি এটা বিশেষ ধৰ্মৰ দুজন ধৰ্মগুৰুৱে উলংগহৈ শোভাযাত্ৰা কৰাক লৈ সমগ্ৰ যোৰহাট জিলাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ একৈশ শতিকাৰ আধুনিক সভ্য সমাজত এজন পুৰুষ সম্পূৰ্ণ বস্ত্ৰহীন হৈ নাৰীৰে পৰিৱেষ্টিত সমদলত যোৱা দৃশ্য সভ্য মানুহৰ বাবে লজ্জাজনক৷ শংকৰ আজানৰ অসমত এই সংস্কৃতি কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এনে কাৰ্য অন্য ধৰ্মাৱলম্বী লোকৰ অনুভূতিত আঘাত হানিছে৷ অসমৰ বাহিৰৰ এনে অপসঃস্কৃতিয়ে সাংস্কৃতিক নগৰী যোৰহাটৰ জনগণক অপমানিত কৰিছে৷ এই কাৰ্যসূচীত জিলা প্ৰশাসনে অনুমতি দিয়া কাৰ্যৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা দল সংগঠনৰ নেতা-কৰ্মীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু আৰক্ষীৰ এনে বৰ্বৰ কাৰ্যক ধিক্কাৰ দিছে৷ প্ৰতিবাদী নাগৰিক তথা দল সংগঠনৰ নেতা কৰ্মীসকলক অনতিপলমে বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে৷ লগতে অসমৰ অন্য কোনো ঠাইতে যাতে ধৰ্মীয় পৰম্পৰাৰ অজুহাত দেখুৱাই শোভাযাত্ৰা কৰিবলৈ অনুমতি দিয়া নহয়, তাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷