
প্ৰবীণ লোকশিল্পী বিজয় মেধিলৈ 'মোহন ভাইৰা বঁটা'
নলবাৰীৰ পৰা চম্পক বৈশ্য আমাৰ অসমঃ নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱৰ বিশিষ্ট শিল্পী, লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ আগবঢ়োৱা হৈছে ২০২৫ চনৰ মোহন ভাইৰা স্মাৰক বঁটা৷ বৃহস্পতিবাৰে নলবাৰী শ্বহীদ ভৱনত এক সংবাদ মেলযোগে এই বঁটাৰ কথা ঘোষণা কৰে আছু আৰু অসম উন্নতি সভাৰ নলবাৰীৰ কৰ্মকৰ্তাসকলে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা আৰু সাংগঠনিক সম্পাদক ৰিয়াজুউদ্দিন আহমেদ, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, উপদেষ্টা গুণজ্যোতি পাঠক আৰু অক্ষয় ডেকাৰ লগতে নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ উপস্থিত থকা সংবাদ মেলত সংগঠন দুটাৰ নেতৃত্বই কয় যে সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা-সংস্কৃতিৰ সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ চনৰ পৰা সন্মান প্ৰদান কৰি আহিছে৷ সেইমৰ্মে ২০০৯ চনত পুণ্যপ্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা, ২০১৩ চনত ৰূহীন ৰাভা, ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ চনত বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী আৰু ২০১৮ চনত লোকনাথ কুটুমক এই বঁটা প্ৰদান কৰা হয়৷
২০১৯ চনত ‘কা’ আন্দোলন আৰু ২০২০ চনত ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল৷ ২০২১ চনত হৰেকৃষ্ণ তালুকদাৰ, ২০২২ চনত নিকুঞ্জ পাঠক, ২০২৩ চনত অনিৰাম নাথ আৰু ২০২৪ চনত পৰমেশ্বৰ বসুমতাৰীক এই বঁটা প্ৰদান কৰা হয়৷ এইবাৰ পহিলা ফেব্ৰুবাৰীত নলবাৰীত অনুষ্ঠিত হ’ব লগা বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা উপস্থিত থাকিব৷ বঁটা প্ৰদান কৰিব দুবাৰকৈ সাহিত্য অকাদেমি বঁটাপ্ৰাপক ড॰ দীপক কুমাৰ শৰ্মাই৷ নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া উক্ত বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্ৰাপকক বঁটাৰ লগতে নগদ ধন, স্মাৰক, ফুলাম জাপি, ফুলাম গামোচা, মান-পত্ৰ, চেলেং আদি প্ৰদান কৰা হ’ব৷ উল্লেখ্য, নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱত ১৯৪৬ চনত জন্মগ্ৰহণ কৰা নাগাৰা নামৰ শিল্পী বিজয় মেধিয়ে ১৯৬২ চনত নাগাৰা নামৰ চৰ্চা আৰম্ভ কৰে৷ তেওঁ ১৯৭৭ চনৰ পৰা প্ৰায় ১০০টা নাগাৰা নাম ৰচনা কৰি নাগাৰা নামৰ পাঠকৰ জৰিয়তে ৰাইজৰ মাজলৈ আগবঢ়ায়৷ লোকসংস্কৃতিৰ চৰ্চাত একাণপতীয়াভাৱে লাগি থকা বিজয় মেধি প্ৰকৃতাৰ্থতেই এজন প্ৰচাৰবিমুখ আৰু মাটিৰ শিল্পী৷