
অতিকায় জাপিয়ে আকৰ্ষণ কৰিছে সাহিত্যানুৰাগীক
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কিশোৰ শিৱম আৰু কৈলাস চৌধুৰী আমাৰ অসমঃ অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক জাপি৷ এটা বৃহৎ আকাৰৰ জাপিয়ে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰৰ প্ৰদৰ্শনীৰ স্থানত স্থাপন হোৱাৰ লগে লগে দুটাকৈ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ অতিকায় জাপিটোৱে বাৰুকৈয়ে আকৰ্ষণ কৰিছে সাহিত্যানুৰাগীক৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰথম দিনটোতে জাপিটো চাবলৈ মানুহে ভিৰ কৰে৷ এই বৃহদাকাৰৰ জাপিটো নিৰ্মাণকাৰ্যত নলবাৰী জিলাৰ জাপি নিৰ্মাণত বিখ্যাত মুগকুছিৰ কেশৱ বৈশ্যৰ নিৰ্দেশত বিগত এমাহধৰি নিৰ্মাণ কৰাৰ পাছত আজি উন্মোচনৰ বাবে সাজু কৰা হয়৷ উল্লেখ্য, জাপিটো নিৰ্মাণৰ ক্ষেত্ৰত মুখ্য নিৰ্দেশক হিচাপে নলবাৰী জিলাৰ মুগকুছিৰ কেশৱ বৈশ্যৰ লগতে হিতেশ্বৰ বৈশ্য, নিপুল ৰাজবংশী, অমৰেন্দ্ৰ বৈশ্য, কুমুদ দাস, বুবুল কলিতা, প্ৰতাপ কলিতা, দ্বীপেন কলিতা, কামেশ্বৰ কলিতা, হৰেশ্বৰ মেধি, সুভাষ বৈশ্য, ৰমনী বৈশ্য, শৰৎ কলিতা, কনক দাস, প্ৰমোদ দাস আৰু ঘনশ্যাম বৈশ্য নামৰ শিল্পীসকলে বিগত এমাহ ধৰি অশেষ ত্যাগ আৰু কষ্ট কৰি নিৰ্মাণ কৰি উলিয়ায়৷ উল্লেখ্য, অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন আজিৰে পৰা পাঠশালা ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে৷ আজি পুৱাৰ ভাগত মাংগলিক অনুষ্ঠানেৰে কাৰ্যক্ৰমণিকা মুকলি কৰা হয়৷ পাঠশালা অধিৱেশনৰ আজিৰ কাৰ্যসূচীৰ ভিতৰত বিশেষ উল্লেখনীয় হৈছে বৃহৎ আকাৰৰ জাপি উন্মোচন৷ ৫৫৫ বৰ্গমিটাৰ পৰিৱেষ্টিত তথা ১৩.৩ মিটাৰ ব্যাসৰ জাপিটো উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ জাপিটো উন্মোচন কৰি মৃণালিনী দেৱীয়ে পাশ্চাত্যৰ প্ৰভাৱত প্ৰভাৱান্বিত নহৈ থলুৱা সংস্কৃতিৰ অসমীয়াৰ স্বাভিমান জাপি এটা সাহিত্য সভাৰ পাঠশালা অধিৱেশনত সংস্থাপন কৰাটো ইতিবাচক দিশ বুলি মন্তব্য কৰে৷ লগতে তেওঁ ভাষণ প্ৰসংগত এই জাপিটোৱে অসমীয়া সংস্কৃতিক উজ্জ্বলাই তোলাৰ বাবে এইখন অধিৱেশনক অসমবাসীয়ে চিৰদিনলৈ মনত ৰাখিব বুলিও মন্তব্য কৰে৷ এই জাপিটো উন্মোচন কৰাৰ পাছতে অভিলেখ স্থাপন কৰাৰ কথা ঘোষণা কৰি ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ড আৰু এছিয়ান বুকছ এণ্ড ৰেকৰ্ডৰ বিচাৰক তপন দত্তই অনুষ্ঠানিকভাৱে প্ৰদৰ্শনী উপ-সমিতিৰ সম্পাদক সমুদ্ৰ পাটগিৰীৰ হাতত ভাৰতবৰ্ষৰ ভিতৰত বৃহৎ আকাৰৰ লগতে এছিয়া মহাদেশক সংলগ্ন কৰি অভিলেখ স্থাপনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে৷ জানিব পৰা মতে, আমেৰিকা নিৱাসী ভাস্কৰ চৌধুৰীয়ে দান কৰা জাপিটো সংস্থাপন কৰাৰ পৰিকল্পনা কৰিছিল অশোক আগৰৱালাই৷ জাপি উন্মোচনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সচিব মুনীন্দ্ৰ নাথ শৰ্মা, প্ৰদৰ্শনী উপ-সমিতিৰ সভাপতি ভূপেন্দ্ৰ শৰ্মা, কাৰ্যকৰী সভাপতি ধনজিৎ দাস, উপ-সভাপতি মনোজ কলিতা, উৎপল বৰকাকতি, নন্দিতা বৰ্মনকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷
ভাগৱতৰ শ্লোক, হৰিনামৰ ধ্বনিৰে মুখৰ অধিৱেশনথলী
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কিশোৰ শিৱম আমাৰ অসমঃ হৰিনামত মুখৰিত হৈ পৰিছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰ৷ চৌদিশে বিয়পি পৰিছে কেৱল হৰিৰ গুণ নাম৷ ভট্টদেৱ ক্ষেত্ৰৰ ভিতৰলৈ সোমাই গ’লে পোনপ্ৰথমে কাণত ভাহি আহে ভাগৱতৰ শ্লোক, হৰি নাম৷ অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰৰ মূল প্ৰৱেশ-দ্বাৰৰ নিচেই কাষতে বাওঁফালে আজি পুৱাৰ প্ৰথম কাৰ্যসূচী অনুসৰি অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰা হয়৷ এই উপলক্ষে আজি পুৱা আঠ বজাত নামঘৰৰ ভিতৰত গুৰু আসন প্ৰতিষ্ঠা কৰা হয়৷ গুৰু আসন প্ৰতিষ্ঠা কৰে শৰণাচাৰ্য দীনেশ পাটগিৰিয়ে৷ ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে নামঘৰটো উদ্বোধন কৰে বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ অধিকাৰীয়ে৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘ, শিৱসাগৰ জিলাৰ নাজিৰা শাখাৰ সভাপতি যতীন লাহন উপস্থিত থাকে৷ এটা বৰগীতেৰে নামঘৰৰ শুভাৰম্ভ কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্থানীয় সদস্যসকলে পুৱাৰ প্ৰসংগ সমাপন কৰাৰ পাছত ভাগৱত পাঠ কৰা হয়৷ পুৱা ১১.৩০ বজাৰ পৰা বিভিন্ন দলে নাম-প্ৰসংগ, দিহা নাম প্ৰদৰ্শন কৰে৷ আবেলি ৪ বজাত নামঘৰত পুনৰ নাম-প্ৰসংগ, ভাগৱত পাঠ, টোকাৰী গীত আদি প্ৰদৰ্শিত হয়৷ উল্লেখ্য, আজিৰ পৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰৰ অস্থায়ী নামঘৰত প্ৰতিদিনে ভাগৱত পাঠ, নাম-প্ৰসংগ, টোকাৰী গীতকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰদৰ্শিত হ’ব বুলি নামঘৰ পৰিচালনা সমিতিৰ সদস্য নৱজ্যোতি কাকতিয়ে জানিবলৈ দিছে৷ উল্লেখ্য, অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনস্থলীত আজি উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ অধিৱেশন উপলক্ষে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে ভট্টদেৱ ক্ষেত্ৰত৷ আজিৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ প্ৰথমদিনা পুৱা নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে আৰম্ভ কৰা হয় পাঠশালা অধিৱেশনৰ কাৰ্যসূচী৷