Logo
image

প্ৰেছক্ৰিপ্‌চন ভালকৈ লিখক ! ডাক্তৰক নিৰ্দেশ মন্ত্ৰীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ জানুৱাৰীঃ  চিকিৎসালয়ত উপলব্ধ থকা ঔষধ ৰোগীক বাহিৰৰ পৰা ক্ৰয় কৰাৰ বাবে প্ৰেছক্ৰিপচ্‌নত নিলিখিবলৈ চিকিৎসকসকলক সকীয়নি প্ৰদান কৰিছে স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে৷  হাস্পতালত পৰ্যাপ্ত ঔষধ মজুত থকাৰ পাছতো বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া বিকল্প ঔষধ ৰোগীক প্ৰেছক্ৰাইব কৰি শুকুৰবাৰে মন্ত্ৰী সিংঘালৰ ৰোষত পৰিবলগীয়া হ’ল কাছাৰ জিলা অসামৰিক হাস্পতালৰ চিকিৎসক৷ কিয় হাস্পতালত মজুত থকাৰ পাছতো বাহিৰৰ পৰা বিকল্প ক্ৰয় কৰিবলৈ প্ৰেছক্ৰাইব কৰা হ’ল এই ঘটনা প্ৰতিবেদন দাখিল বিভাগীয় মন্ত্ৰীজনে কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে কাছাৰ জিলা অসামৰিক হাস্পতালৰ অধীক্ষকক৷  উল্লেখ্য, বৃহস্পতিবাৰে শ্ৰীভূমি জিলাৰ হাস্পতাল পৰিদৰ্শন কৰি বিভাগীয় মন্ত্ৰীজনে হাস্পতালত মজুত থকা ঔষধ বাহিৰৰ পৰা ক্ৰয় কৰাৰ বাবে প্ৰেছক্ৰাইব নকৰিবলৈ আহ্বান জনাইছিল চিকিৎসকসকলক৷ আনকি কোনো চিকিৎসকে বাহিৰৰ পৰা বিকল্প ঔষধ ক্ৰয় কৰিবলৈ দিলে স্বাস্থ্য বিভাগৰ হেল্প লাইন নম্বৰত অভিযোগ দিবলৈকো ৰোগীক আহ্বান জনাইছিল৷ কিন্তু শুকুৰবাৰে শিলচৰস্থিত কাছাৰ জিলা অসামৰিক হাস্পতাল পৰিদৰ্শনৰ সময়ত হাস্পতালখনত মজুত থকা ঔষধ বাহিৰৰ পৰা ক্ৰয় কৰিবলৈ প্ৰেছক্ৰাইব কৰাৰ অভিযোগ লাভ কৰাত ক্ষুব্ধ হৈ পৰে মন্ত্ৰী সিংঘাল৷ আনকি মন্ত্ৰীজনে সংশ্লিষ্ট চিকিৎসকজনৰ লগতে অধীক্ষকক জবাবদিহি কৰি কিয় বাহিৰৰ বিকল্প ঔষধ প্ৰেছক্ৰাইব কৰিবলগীয়া হ’ল সেই সন্দৰ্ভত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰী সিংঘালে চিকিৎসকসকলক ৰোগীক কষ্ট নিদিবলৈ আহ্বান জনাই জীৱন দায়িনী ঔষধৰ বাহিৰে আন বিকল্প ঔষধ বাহিৰৰ পৰা ক্ৰয় কৰিবলৈ দিয়া চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিয়ে৷ এইক্ষেত্ৰত ৰোগীসকলক প্ৰেছক্ৰিপচ্‌নৰ ফটো  ৯৮৬৪৫৪১৪৩০  নম্বৰত হোৱাটছ এপ কৰিবলৈ আহ্বান জনায়৷


সকলো হাস্পতালত  ৯৯  শতাংশ ঔষধ মজুত আছেঃ  স্বাস্থ্যমন্ত্ৰী সিংঘাল

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ  হাস্পতালত ঔষধ নাপালে তথা যিকোনো ক্ষেত্ৰত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’লে ৰোগীয়ে ৱাটছ-এপ কৰক৷ ৰাজ্যবাসীৰ চিকিৎসাৰ ক্ষেত্ৰত ঔষধ আৰু অভাৱ-অভিযোগৰ সুবিধাৰ্থে ৱাটছ-এপ মোবাইল নম্বৰ মুকলি কৰিলে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চনমন্ত্ৰী অশোক সিংঘালে৷ ৱাটছ-এপ নম্বৰ হ’ল  ৯৮৬৪৫-৪১৪৩০৷ শুকুৰবাৰে শিলচৰত অনুষ্ঠিত এক সংবাদ মেলত মন্ত্ৰী অশোক সিংঘালে ৰাজ্যৰ সকলো স্তৰৰ হাস্পতালত ৯৯ শতাংশ ঔষধ মজুত আছে বুলি উল্লেখ কৰি তেওঁ কয়, ৰাজ্যৰ চিকিৎসা খণ্ডৰ প্ৰতিটো সমস্যাত চকু দি জনকল্যাণ সুনিশ্চিত কৰিবলৈ আমাৰ চৰকাৰ বদ্ধপৰিকৰ৷ তেওঁ হাস্পতালৰ চিকিৎসকক মেডিকেলত থকা ঔষধ ৰোগীক লিখি দিয়াৰ আহ্বান জনায়৷ তদুপৰি, ঔষধৰ জেনেৰিক লিখি দিয়াৰ আহ্বান জনায় তেওঁ৷ মন্ত্ৰী সিংঘালে কয়, জনতাই আমাৰ বাবে সৰ্বস্ব আৰু তেওঁলোকৰ সেৱাত কোনো ত্ৰুটি-অৱহেলা গ্ৰহণ বা সহ্য কৰা নহ’ব৷ কালি শ্ৰীভূমি অসামৰিক হাস্পতাল পৰিদৰ্শনৰ সময়ত- কোনো ৰোগীয়েই যাতে ঔষধ নোপোৱাকৈ উভতিবলগীয়া নহয় সেয়া নিশ্চিত কৰোঁ৷ লগতে এইক্ষেত্ৰত অধিক সচেতন হ’বলৈ আৰু আগলৈও ৰোগীয়ে সকলো সুবিধা লাভৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ হাস্পতাল কতৃৰ্পক্ষক নিৰ্দেশ দিছোঁ৷ কালি হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ৷ এই বৈঠকত বিভিন্ন আঁচনিৰ স্থিতি, আন্তঃগাঁথনি, সেৱাৰ মান উন্নীতকৰণৰ পৰিকল্পনা আদি সন্দৰ্ভত আলোচনা কৰাৰ লগতে সংশ্লিষ্ট বিষয়াসকলক নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ আহ৩ান জনাওঁ৷  শ্ৰীভূমি আৰু হাইলাকান্দিৰ স্বাস্থ্যখণ্ডৰ পৰ্যবেক্ষণ তথা পৰ্যালোচনা কৰাৰ অন্তত জিলা দুখনৰ স্বাস্থ্যসেৱাৰ সংস্কাৰ সাধনৰ বাবে আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ৷ মই অঞ্চল দুটাৰ সমূহ ৰাইজক আশ্বাস দিছোঁ যে শীঘ্ৰে ইয়াৰ ইতিবাচক ফল আৰু যথোপযুক্ত সেৱা পোৱাটো আমি সুনিশ্চিত কৰিম৷ তেওঁ কয়, বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিনা আজি কাছাৰ জিলাৰ শিলকুড়ি আৰু শিলকুড়ি চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰোঁ৷ হাস্পতালসমূহত স্বাস্থ্যসেৱাৰ সুবিধা পৰ্যালোচনা কৰাৰ লগতে ৰোগী, চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সৈতেও মত-বিনিময় কৰি তেওঁলোকৰ সুবিধা-অসুবিধাসমূহৰ বুজ লওঁ৷ চৰকাৰী স্বাস্থ্যকেন্দ্ৰলৈ অহা ৰোগীসকলৰ অভিজ্ঞতাৰ নিজে বুজ ল’বলৈ তথা ইতিবাচক-নেতিবাচক প্ৰতিটো দিশ জুকিয়াই চাবলৈ আজি সাধাৰণ এজন ৰোগীৰ দৰেই প্ৰক্ৰিয়াটোৰ অংশ লওঁ বুলি উল্লেখ কৰে তেওঁ৷ অশোক সিংঘালে কয়, কাছাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লওঁ৷ বৈঠকত চলিত স্বাস্থ্যখণ্ডৰ বিভিন্ন কামৰ মূল্যাঙ্কন কৰাৰ লগতে বিষয়াসকলক জিলাখনত চিকিৎসা সেৱা ৰাইজৰ বাবে যথোপযুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে বুলি উল্লেখ কৰে মন্ত্ৰীয়ে৷ সংবাদ মেলত বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক নীহাৰ ৰঞ্জন দাস, কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱ উপস্থিত আছিল৷