Logo
image

আজি মুখ্যমন্ত্ৰীৰ জন্মদিন

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩১ জানুৱাৰীঃ  শনিবাৰে (১ ফেব্ৰুৱাৰী) মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন৷ এই উপলক্ষে ইতিমধ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে তিনিদিনীয়া কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰিছে গুৱাহাটী পৌৰ নিগমে৷ ইফালে, জন্মদিনৰ প্ৰাক্‌-সন্ধিয়া ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাইজৰ আশীৰ্বাদ বিচাৰে৷ পাণ্ডুনাথ দেৱালয়ত ‘হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন উদ্‌যাপন সমিতি’ৰ উদ্যোগত শনিবাৰে বিশেষ কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ জন্মদিন উদ্‌যাপনৰ দিহা কৰা হৈছে৷


সমিতিৰ সভানেত্ৰী ৰিণিকি ভূঞা শৰ্মা আৰু সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে জনোৱা মতে, শনিবাৰে আবেলি তিনি বজাৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ লটাৰীৰো আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতাত যোগদান কৰিব খোজাসকলক হীৰা দাস বা বন্দনা দাসৰ সৈতে (ফোনঃ ৮৪৮৬৩-১৫১৭০ আৰু ৯১০১৮-৯৮৮০৫)যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে উদ্যোক্তাসকলে৷ সন্ধিয়া পাঁচ বজাৰ পৰা হিমন্তবিশ্ব শৰ্মাৰ দীৰ্ঘজীৱন আৰু সুস্বাস্থ্য কামনা কৰি সমূহীয়া বন্তি প্ৰজ্বলনেৰে জন্মদিনৰ বিশেষ কাৰ্যসূচী আৰম্ভ কৰা হ’ব৷