Logo
image

বাজেটৰ পূৰ্বাভাসত দেশৰ অৰ্থনীতিত ক’লীয়া ডাৱৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ জানুৱাৰীঃ  ২০২৫-২৬  বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ নিম্নগামী হ’ব৷ অহা বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিলৰ আগদিনা পৰম্পৰাগতভাৱে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত এই আশংকা ব্যক্ত কৰিছে৷ সেই অনুসৰি ২০২৫-২৬  বিত্তীয় বৰ্ষত দেশৰ জিডিপিৰ হাৰ  ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশৰ মাজত থাকিব বুলি সমীক্ষাত কোৱা হৈছে৷ বিভিন্ন কাৰকৰ বাবে ধীৰ হৈ পৰিব দেশৰ আৰ্থিক উন্নয়নৰ গতি৷ দেশৰ আৰ্থিক উন্নয়নৰ গতি ধীৰ আৰু জিডিপিৰ হাৰ নিম্নগামী হোৱাৰ আশংকা প্ৰকাশ কৰিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অৰ্থনীতিৰ বুনিয়াদী ভিত্তি যথেষ্ট শক্তিশালী হৈ থকা বুলি দাবী কৰে৷ সীতাৰমণে প্ৰকাশ কৰা অনুসৰি দেশৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ এতিয়া যথেষ্ট৷ ৰাজহ সংগ্ৰহ চকুত পৰাকৈ শক্তিশালী হৈ আছে৷ এই পৰিস্থিতিত ভাৰসাম্য বজাই ৰাখি দেশৰ জিডিপিৰ হাৰ ৬.৩ ৰ পৰা ৬.৮ শতাংশ হ’ব বুলি আশা কৰা হৈছে৷


সীতাৰমণৰ আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনৰ ভাষা সুন্দৰ হ’লেও তাত বৰ্ণনা কৰা তথ্য, সম্ভাৱনা আৰু বিশ্লেষণে দেশৰ অৰ্থনীতি সৰ্বদিশতে স্বাস্থ্যসন্মত হৈ থকা প্ৰতিফলিত নকৰে৷ কিয়নো প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি দেশৰ শিল্পক্ষেত্ৰৰ উৎপাদন সম্প্ৰতি হ্ৰাস হৈছে৷ বিশ্বজুৰি দুৰ্বল চাহিদা আৰু প্ৰাকৃতিক দুৰ্যোগ তথা প্ৰতিকূল বতৰকে ইয়াৰ বাবে দায়ী কৰা হৈছে৷ আভ্যন্তৰীণ চাহিদা স্থিতিশীল হোৱাৰ বাবে বেচৰকাৰী ব্যয় আশা কৰাৰ দৰে বৃদ্ধি হোৱা নাই বুলি কোৱা হৈছে৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চাহিদা নিম্নমুখী হোৱাৰ বাবে উৎপাদনৰ সূচকো অৱনমিত হৈছে৷ সমীক্ষাত দাবী কৰা হৈছে, এই পৰ্যন্ত মুদ্ৰাস্ফীতি যথেষ্ট উদ্বেগজনক সঁচা, কিন্তু ২০২৫ বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত মুদ্ৰাস্ফীতি হ্ৰাস পাব৷ আনহাতে খাৰিফ শস্য বজাৰলৈ আহিলে শাক-পাচলিৰ দামো হ্ৰাস পাব৷ সেইদৰে ২০২৬ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ৰবি শস্যৰ উৎপাদন ভাল হ’ব বুলি আশা কৰা হৈছে৷ তেতিয়া খাদ্য মুদ্ৰাস্ফীতিৰ হাৰ আৰু নিম্নগামী হ’ব৷ বিনিয়োগৰ ক্ষেত্ৰ এতিয়া তেনেই তৰাং হৈ থকা বুলি উল্লেখ কৰি সেয়া অস্থায়ী বুলি দাবী কৰিছে বিত্তমন্ত্ৰীয়ে৷