
ৰাষ্ট্ৰপতিক ক্লান্ত বুলি কৈ বিতৰ্কৰ কেন্দ্ৰত ছোনিয়া
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ ফেব্ৰুৱাৰীঃ অনাৱশ্যকভাৱে দীঘলীয়া ভাষণ প্ৰদানত সংসদৰ বাজেটৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ক্লান্ত হৈ পৰিছিল বুলি মন্তব্য কৰি ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীয়ে বিতৰ্কৰ সৃষ্টি কৰিছে৷ চৰকাৰী পক্ষৰ মন্ত্ৰী-সাংসদে ছোনিয়া গান্ধীক এই মন্তব্যৰ বাবে আক্ৰমণ কৰাৰ উপৰি এগৰাকী সাংসদৰ এনে বক্তব্য ৰুচিহীন, দুৰ্ভাগ্যজনক আৰু বৰ্জনীয় বুলি এক বিবৃতিৰ জৰিয়তে আপত্তি কৰিছে ৰাষ্ট্ৰপতি ভৱনে৷ বিবৃতিত ৰাষ্ট্ৰপতি ভৱনৰ পৰা কোৱা হয়, ভাষণ প্ৰদানৰ কোনো সময়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ক্লান্ত হৈ পৰা নাছিল৷ দেশৰ প্ৰান্তিক সম্প্ৰদায় তথা মহিলাৰ উন্নয়নৰ হকে তেওঁ অক্লান্তভাৱে কাম কৰাৰ শক্তি আছে৷
সংসদৰ যুটীয়া অধিৱেশনৰ আদৰণি ভাষণ দিছিল ৰাষ্ট্ৰপতিয়ে ৫৯ মিনিট সময়জুৰি৷ সেই ভাষণত তেওঁ চৰকাৰক হকে-বিহকে প্ৰশংসা কৰাৰ লগতে তেওঁৰ ভাষণ অনাৱশ্যকভাৱে দীঘলীয়া আছিল৷ ভাষণৰ অন্তত সংসদৰ বাহিৰত উপস্থিত সাংবাদিকে ছোনিয়া গান্ধীক ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত প্ৰশ্ন কৰাত ছোনিয়া গান্ধীয়ে কয়–‘শেষৰ পিনে ৰাষ্ট্ৰপতি তেনেই ক্লান্ত হৈ পৰিছিল৷ তেওঁ কথা ক’বলৈকে অসুবিধা পাইছিল৷ তেনেই পুতৌজনক৷’ (দ্য প্ৰেচিডেণ্ট ৱজ গেটিং ভেৰী টায়াৰ্ড বাই দ্য এণ্ড৷ ছি কুড হাৰ্ডলি স্পিক, পুৱৰ থিং৷) ছোনিয়া গান্ধীৰ এই বক্তব্য তৎক্ষণাত বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু সাংসদে সলনি কৰি ছোনিয়াই ৰাষ্ট্ৰপতিক ‘পুৱৰ লেডী’ বুলি কোৱাৰ অভিযোগ উত্থাপন কৰে৷ আনকি ৰাষ্ট্ৰপতি দলিত হোৱাৰ বাবে ছোনিয়া গান্ধীয়ে তেওঁক সহ্য কৰিব নোৱাৰা বুলিও বিজেপিৰ একাধিক মন্ত্ৰীয়ে অভিযোগ তুলি ছোনিয়া গান্ধীৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰে৷ প্ৰত্যুত্তৰত ছোনিয়া গান্ধীয়ে এতিয়াও কোনো মন্তব্য কৰা নাই কিম্বা ক্ষমাও বিচৰা নাই৷ এই সন্দৰ্ভত ৰাহুল গান্ধীৰ পৰা মন্তব্য বিচৰাও তেওঁ ৰাষ্ট্ৰপতিৰ ভাষণ বিৰক্তিকৰ বুলি কয়৷ আনহাতে নতুন সংসদ ভৱন উদ্বোধন আৰু ৰাম মন্দিৰ উদ্বোধনলৈ আমন্ত্ৰণ নজনাই বিজেপি চৰকাৰেহে ৰাষ্ট্ৰপতিক অপমান কৰা বুলি দাবী কৰে অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷