Logo
image

বিদ্যাভাৰতীৰ সভাৰ পৰা সাহিত্য সভালৈ... ৯২ বছৰ বয়সতো অক্লান্ত যতীন গোস্বামী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জানুৱাৰীঃ  বয়সৰ ওচৰত হাৰ মানিব নিবিচৰা তেওঁ যেন এজন দুৰন্ত তৰুণ৷ ৯২ বছৰ বয়সতো উপস্থিত হৈছে ইটোৰ পাছত সিটোকৈ অনুষ্ঠানত৷ শেহতীয়াভাৱে ভাৰত চৰকাৰে তেওঁলৈ আগবঢ়াইছে পদ্মভূষণ সন্মান৷ জীৱিত কালত এই সন্মান লাভ কৰা তেওঁৱে সম্ভৱতঃ  একমাত্ৰ অসমীয়া৷ অন্য দহজনতকৈ অধিক সক্ৰিয় এই লোকজন হ’ল নৃত্যাচাৰ্য যতীন গোস্বামী৷ ‘অকাডেমি ৰত্ন’ সন্মানেৰে বিভূষিত যতীন গোস্বামীয়ে বিদ্যা ভাৰতীৰ উদ্যোগত সৰু সজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ থকা সমুৎকৰ্ষ মহা শিবিৰত শুকুৰবাৰে উপস্থিত হৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা গ্ৰহণ কৰে বিশেষ সম্বৰ্ধনা৷ আনহাতে ২ ফেব্ৰুৱাৰীত দিনৰ ১১.৩০ বজাত পদ্মভূষণ সন্মান প্ৰাপক গোস্বামীয়ে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত উদ্বোধন কৰিব অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিক লৈ হ’বলগীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ৷ ৯২ বছৰ বয়সতো যেন অকান্ত নৃত্যাচাৰ্য গোস্বামী৷ উল্লেখ্য যে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত সমুৎকৰ্ষ মহাশিবিৰ শুকুৰবাৰে সফলতাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত পৰিসমাপ্তি ঘটে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৭০০ ৰো অধিক বিদ্যালয়ৰ ৮০০০ ছাত্ৰ ছাত্ৰীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি ঘোষ বাদ্য তথা শাৰীৰিক প্ৰদৰ্শন কৰে৷ শুকুৰবাৰে সমাপন সত্ৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ অনুসৰি পুৱা উত্তৰ পূৰ্বাঞ্চলৰ জ্জখন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মাতৃ ভাৰতীৰ ৫০০০ হাজাৰ মাতৃক সম্বোধন কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱকৰ অসম প্ৰান্তৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা শিশুৱে কিদৰে নৰৰ পৰা নাৰায়ণ হোৱা সংস্কাৰ মাতৃৰ পৰা লাভ কৰে সেই বিষয়ে বৰ্ণনা কৰে৷ আদৰ্শ পৰিয়াল গঠনৰ বাবে জন্মৰ পৰা অন্তিম সংস্কাৰলৈ ভাৰতীয় ১৬ সংস্কাৰ পালন কৰি মাতৃসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত তথা সমাজ গঢ়িবলৈ আহ৩ান জনায়৷ বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সহসংগঠন মন্ত্ৰী যতীন্দ্ৰ শৰ্মাই মাতৃসকলক লোক মাতা অহল্যা বাঈৰ আদৰ্শৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আহ৩ান জনায়৷ লগতে বালিকা শিক্ষাৰ জৰিয়তে মাতৃ সমাজক ভৱিষ্যতে ৰাষ্ট্ৰক নেতৃত্বত দিব পৰা মাতৃসমাজ গঢ়িবলৈ সংকল্পবদ্ধ হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷


মন্ত্ৰী নন্দিতা গাৰ্লোচা, অৰুণাচল প্ৰদেশৰ  শিশু আৰু মহিলা বিকাশ মন্ত্ৰালয়ৰ মন্ত্ৰী দাচাংলু ফুল প্ৰমুখ্যে বিশিষ্ট লোকসকল অনুষ্ঠানত উপস্থিত থাকে৷ সমান্তৰাল কৈ আয়োজিত প্ৰাক্তন ছাত্ৰ সমাৰোহত প্ৰাক্তন ছাত্ৰসকলক সম্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ড॰ কৃষ্ণ গোপাল শৰ্মাই৷ বিয়লি ২ বজাত মুখ্য অতিথি উপস্থিত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৮০০০ ছাত্ৰ ছাত্ৰীয়ে ৫ টা বেলেগ বেলেগ ঘোষ বাদ্য প্ৰদৰ্শন কৰি এক অপূৰ্ব ধবনিৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে৷ ইয়াৰ লগতে ১০০০ ছাত্ৰ ছাত্ৰীয়ে বিহু নৃত্য প্ৰস্তুত কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়৷ সমাপন সমাৰোহৰ সভাৰ আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই৷ সভাৰ আৰম্ভণিতেই পদ্ম ভূষণ সন্মান লাভ কৰা যতীন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ বিশিষ্ট অতিথি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ-সৰকাৰ্যবাহ ড॰ কৃষ্ণ গোপাল শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তোৰণ মাধ্যমৰে বিদ্যা ভাৰতীক ভাৰতৰ ৫ হাজাৰ বছৰ পুৰণি বৈভৱ হেৰুৱা গৌৰৱ উদ্ধাৰ কৰি ভাৰতবৰ্ষক বিশ্ব গুৰু আসন বহুৱাৰ বাবে হাতে কামে লাগিবলৈ আহ৩ান জনায়৷ মুখ্য অতিথি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তব্যত নিজৰ জ্ঞানৰ দৰে পবিত্ৰ একে নাই৷ অতীজৰে ভাৰতবৰ্ষ আধ্যাত্মিকতা, বিজ্ঞান, জ্যোতিষ বিদ্যাসকলোৰে প্ৰাণ কেন্দ্ৰ আছিল৷ শিক্ষাৰ্থীয়ে জ্ঞান অৰ্জনৰ বাবে তপস্যা কৰিব লাগিব৷ অতীতৰ গহ্ববৰ পৰা জ্ঞানৰ অমৃত লৈ ভৱিষ্যতত প্ৰযুক্তিৰ সৈতে খোজ মিলাই ২০৪৭ চনত বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব৷ সেৱা শিক্ষাৰ অপৰিহাৰ্য্য অংগ৷ শিক্ষাৰ্থীৰ মনত প্ৰশ্নৰ উদয়ে জ্ঞান অন্বেষণত সহায়ক হয়৷ আমাৰ যুৱ সমাজৰ সমগ্ৰ বিকাশ হৈছে চৰকাৰ আৰু সমাজৰ এক যৌথ প্ৰচেষ্টাত৷ শেষত বিদ্যা ভাৰতীৰ এই সোণালী যাত্ৰাৰ সাক্ষী হ’বলৈ পাই প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰী, আচাৰ্য আচাৰ্যা, পৰিচালনা আৰু বিদ্যা ভাৰতীৰ পৰিয়াললৈ তেওঁ অভিনন্দন জ্ঞাপন কৰে৷ সভাৰ শেষত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক ড॰ জগদীন্দ্ৰ ৰায়চোধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়৷