Logo
image

চাইবাৰ-প্ৰৱঞ্চকৰ ঘাটি অসম ! বহিঃৰাজ্যৰ আৰক্ষী হায়ৰাণ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ জানুৱাৰীঃ  কাৰ্যতঃ ডিজিটেল এৰেষ্টৰ দেশৰ হটস্পটত পৰিণত হৈছে অসম৷ অসমে যেন এতিয়া চাইবাৰ অপৰাধৰ ‘জামতাৰা’ হিচাপে কুখ্যাতি অৰ্জন কৰিছে৷ মৰিগাঁও-নগাঁৱৰ পাছত গুৱাহাটীত বাহৰ পতা চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে দেশৰ মেট্ৰ’ চিটীৰ বিভিন্ন ব্যক্তি-ব্যৱসায়ী৷ যাৰ বাবে দেশৰ বিভিন্ন চহৰৰ আৰক্ষীয়ে সঘনাই গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত চাইবাৰ অপৰাধীৰ সন্ধানত অভিযান চলাবলৈ বাধ্য হৈ পৰিছে৷ বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ পৰাই গ্ৰে*প্তাৰ হৈছে ৫ টাকৈ কুখ্যাত চাইবাৰ অপৰাধী৷ এইবাৰ কৰ্ণাটক আৰক্ষীয়ে অভিযান চলালে গুৱাহাটী মহানগৰীত৷ ডিজিটেল এৰেষ্টৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা লুট কৰা ম’ষ্ট ৱাণ্টেড ঘোষিত ৰাহুল ৰয় নামৰ এটা চাইবাৰ অপৰাধীক বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে কৰ্ণাটকৰ চাইবাৰ আৰক্ষীয়ে৷ ধৃত চাইবাৰ অপৰাধী ৰাহুল ৰয়ৰ প্ৰকৃত ঘৰ ধুবুৰীত৷ শেহতীয়াকৈ বেংগালুৰুৰ এটা আই টি কোম্পানীৰ স্বত্বাধিকাৰীৰ পৰা ডিজিটেল এৰেষ্টৰ নামত ৩ কোটি ৮০ লাখ টকা লুট কৰিছিল ৰাহুল ৰয়ে৷ ৰাহুল ৰয়ে নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি কৰ্ণাটকৰ ব্যৱসায়ীজনৰ পৰা ধন লুট কৰিছিল৷ এই গেংটোত আছে অসমৰে আন কেইবাজনো সদস্য৷ দিছপুৰ আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে নিশা গণেশগুৰিৰ পৰা ৰাহুল ৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কৰ্ণাটক আৰক্ষীৰ দলটোৱে৷ ইফালে ৰাহুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আন এটা সহযোগীক বিচাৰি শুকুৰবাৰে পুৱা কৰ্ণাটক আৰক্ষীয়ে গোৱালপাৰাত অভিযান চলাই যদিও সফল নহ’ল৷ ইফালে মহানগৰীৰ নুনমাটিৰ পৰা আন এটা ৫ জনীয়া চাইবাৰ অপৰাধী চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে৷ সাধাৰণ জনতাৰ বেংক একাউণ্টৰ তথ্য দিল্লীৰ হেকাৰ চক্ৰক দীৰ্ঘদিনে যোগান ধৰি আছিল এই চাইবাৰ প্ৰবঞ্চকৰ দলটোৱে৷ মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ চাইবাৰ চেলে নুনমাটিত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা চাইবাৰ অপৰাধী কেইটা হৈছে ক্ৰমে– ৰোহিত বৰ্মন, আমিৰ হুছেইন, জ্যোতি দাস আৰু জোন ৰহমান৷ এই চাইবাৰ অপৰাধী কেইটাত এটিএম বুথত হেল্প লাইন নম্বৰ বুলি হেকাৰ চক্ৰৰ নম্বৰ আঁৰি ৰাখি কৌশলেৰে লুণ্ঠনৰ জাল মেলিছিল৷ উল্লেখ্য,  ইয়াৰ পূৰ্বে পঞ্জাবৰ লুধিয়ানা আৰক্ষীয়ে এজন উদ্যোগপতিক ডিজিটেল এৰেষ্টৰ নামত ডেৰ কোটি টকা লুট কৰা গুৱাহাটীৰ আন তিনিটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল৷ এক কথাত অসমৰ চাইবাৰ অপৰাধীৰ বাবে হায়ৰাণ হৈ পৰিছে বহিঃৰাজ্যৰ আৰক্ষী৷


ধৃত প্ৰৱঞ্চকক লগত লৈ আৰক্ষীৰ অভিযান

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ  চাইবাৰ অপৰাধীৰ ৰাজধানীত পৰিণত হৈছিল জামতাৰা৷ চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত সম্প্ৰতি অসম খনও জামতাৰা লৈ ৰূপান্তৰ হৈছে৷ নিতৌ অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এজনৰ পিছত আনজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ বহিঃৰাজ্যৰ আৰক্ষীয়ে অসমৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বহু চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি নিজৰ ৰাজ্যলৈ লৈ গৈছে৷ বহিঃৰাজ্যৰ আৰক্ষীয়ে অসমত চাইবাৰ অপৰাধীক বিচাৰি এক প্ৰকাৰ হায়ৰাণ হৈ পৰিছে৷ শেহতীয়াকৈ কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা চাইবাৰ অপৰাধী এজনক বৃহস্পতিবাৰে কৰ্ণাটক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷ গুৱাহাটী মহানগৰীৰ গণেশগুৰিত বৃহস্পতিবাৰে কৰ্ণাটক আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে৷ বাংগালুৰু ইষ্ট চিইএন থানাত ৰুজু হোৱা ৪১২য২৪ নম্বৰৰ গোচৰটোৰ ভিত্তিত অভিযান চলাই ৰাহুল ৰয় (৩৩) নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰে৷ ধৃত বাহুলৰ ঘৰ ধুবুৰীৰ খলিলপুৰত৷ উল্লেখযোগ্য যে, গোৱালপাৰাত ঘাটি পাতি চাইবাৰ অপৰাধী ৰাহুলে ডিজিটেল এৰেষ্টৰ কাণ্ড কৰি আহিছিল৷ ৰাহুলে নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বাংগালুৰুৰ বহু লোকক ব্লেকমেইলিং কৰিছিল৷ বাংগালুৰুৰ বহু লোকক ব্লেকমেইলিং কৰি ৰাহুলে ৩ কোটি ৮০ লাখ টকা লুট কৰিছিল৷ বাংগালুৰুৰ বহু ভুক্তভোগী লোকে থানাত এজাহাৰ দাখিল কৰিছিল৷ শেহতীয়াকৈ বাংগালুৰু চাইবাৰ চেলৰ মষ্ট ৱাণ্টেড হৈ পৰিছিল ৰাহুল নামৰ চাইবাৰ অপৰাধীটো৷ বাংগালুৰু আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত গণেশগুৰিৰ পৰা ৰাহুল ৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি ৰাহুলক লগত লৈ এতিয়া গোৱালপাৰাত আৰক্ষীয়ে অভিযান চলাই আছে৷ উল্লেখযোগ্য যে, ২৯ জানুৱাৰীত মুম্বাই আৰক্ষীৰ জালত পাৰিছিল অসমৰ এজন মাষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী৷ মুম্বাই আৰক্ষীৰ জালত পৰা অসমৰ চাইবাৰ অপৰাধীজন হৈছে গুৱাহাটীৰ নুনমাটিৰ পেট্ৰোল পাম্পৰ সমীপৰ বাসিন্দা বিশ্বজিৎ দাস৷ জানিব পৰা মতে ছাইবাৰ অপৰাধী বিশ্বজিৎ দাসে ডিজিটেল এৰেষ্টৰ ভাবুকি প্ৰদান কৰি প্ৰবঞ্চনাৰে ধন লুট কৰি আহিছিল৷ মুম্বাইৰ এগৰাকী ভুক্তভোগী লোকৰ এজাহাৰৰ ভিত্তিত মুম্বাইৰ চাইবাৰ চেলৰ আৰক্ষীয়ে তদন্ত কৰি অসমত বিশ্বজিৎ দাস নামৰ লোকজনে চাইবাৰ অপৰাধ সংঘটিত কৰাৰ তথ্য লাভ কৰে৷ মুম্বাই আৰক্ষীয়ে নুনমাটি আৰক্ষীৰ সহযোগত অভিযুক্ত বিশ্বজিৎ দাসক সেইদিনা নুনমাটিৰ পেট্ৰোল পাম্পৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত ২৯ জানুৱাৰীত ট্ৰেনজিত ৰিমাণ্ডত লৈ মুম্বাইলৈ ৰাওনা হৈছে৷ উল্লেখ্য যে, মুম্বাইৰ এজন চৰকাৰী অৱসৰ প্ৰাপ্ত বিষয়াই তেওঁৰ লগত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত মুম্বাইৰ চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰত ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি অচিনাক্ত লোক এজনে ৭৮৯৫৫-৪৬৭৯৭ নম্বৰৰ পৰা ফোন কৰি নিজকে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া বুলি পৰিচয় দি ভুক্তভোগী লোক জনক বেংকৰ জৰিয়তে মানি লাউণ্ডৰিং কৰা বুলি কৈ গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে৷ গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ লোক জনক ২৫৯৩৮৭৬৮৫০৩৩ নম্বৰৰ ইণ্ডাছ লেণ্ড বেংকৰ একাউণ্টত ২১ লাখ টকা সোমাই দিবলৈ নিৰ্দেশ দিয়ে চাইবাৰ অপৰাধীয়ে৷ ভীতিগ্ৰস্ত লোকজনে সেই মতে চাইবাৰ অপৰাধীৰ বেংকৰ একাউণ্টত ২১ লাখ টকা সোমাই দিছিল৷ ইপিনে, ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত মুম্বাইৰ আৰক্ষীয়ে বিএনএছৰ অধীনত ৩১৮ (8) আৰু ৬৬ ডিআইটি এক্টৰ ধাৰাত থানাত ০৮/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে চাইবাৰ অপৰাধী বিশ্বজিৎ দাসে গুৱাহাটীৰ বহু লোকৰ বেংক একাউণ্ট ভাৰাত লৈ লুট কৰা ধন সমূহ সেই একাউণ্টৰে স্থানান্তৰ কৰিছিল৷ এই সংক্ৰান্তত মুম্বাইৰ আৰক্ষীয়ে অধিক তদন্ত কৰি বেংকৰ একাউণ্ট ভাৰা দিয়া লোকৰ নাম, ঠিকনা সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰে৷