Logo
image

বায়ু প্ৰদূষণ

নগৰীয়া জীৱনৰ এটা অন্যতম সমস্যা হ’ল প্ৰদূষণ৷ গাঁও অঞ্চলতকৈ নগৰ অঞ্চলত জনবসতি বেছি হোৱাৰ উপৰি যান-বাহন, উদ্যোগ-কাৰখানা আদিও এনে অঞ্চলত বেছি হোৱাৰ বাবে এনে অঞ্চলত প্ৰদূষণৰ মাত্ৰা বেছি৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত মহানগৰ দিল্লীত প্ৰদূষণৰ বাবে চৰকাৰে যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ বাবে যুগ্ম-অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিৰ্দেশ দিয়াৰ কথা সকলোৱেই অৱগত৷ ২০১৯ চনৰ ২৫ নৱেম্বৰত উচ্ছতম ন্যায়ালয়ে দিল্লী প্ৰদূষণ সম্পৰ্কত কৈছিল যে দিল্লী নৰকতকৈও বিপজ্জনক হৈছে৷ দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ইলেক্টিªক বাহনৰ চলাচলৰ ব্যৱস্থাৰ লগতে বিশেষ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিগত বৰ্ষতকৈ দিল্লীৰ বায়ু প্ৰদূষণ ১৫ শতাংশ কমিছে যদিও এতিয়াও দিল্লী মহানগৰী বিশ্বৰ আটাইতকৈ প্ৰদূষিত মহানগৰীৰ স্থানতেই আছে৷ কেৱল দিল্লীয়েই নহয়, পৃথিৱীৰ ৩০খন সৰ্বাধিক প্ৰদূষিত মহানগৰৰ ভিতৰত ২২খনেই ভাৰতৰ বুলি প্ৰমাণ পাইছে ছুইডেনৰ এটা সংস্থাই চলোৱা ৱ’ল্ডৰ্ এয়াৰ কুৱালিটী ৰিপ’ৰ্ট-২০২০ত৷ পৃথিৱীৰ ভিতৰতে প্ৰদূষিত সেই মহানগৰকেইখন হ’ল– গাজিয়াবাদ, বুলন্দচহৰ, বিছৰাখ, জালালপুৰ, নইডা, গ্ৰেটাৰ নইডা, কাণপুৰ, লক্ষ্ণৌ, মীৰাট, আগ্ৰা, মুজাফ্‌ফৰনগৰ, ভিৱাৰী, ফৰিদাবাদ, জিন্দ, হিচাৰ, ফটেহপুৰ, বান্ধৱাৰী, গুৰগ্ৰাম, যমুনানগৰ, ৰোহটক, ডেৰাদুন আৰু মুজাফ্‌ফৰপুৰ৷ বিশ্বৰ ১০৬খন দেশৰ মহানগৰসমূহৰ পি এম ২.৫  তথ্যৰ আধাৰত এই প্ৰতিবেদন প্ৰকাশ কৰিছে ছুইডেনৰ সংস্থাটোৱে৷ ভাৰতত বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ কেইবাটাও৷ মূলতঃ পৰিবহণৰ ফলত যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্ৰদূষণ কৰাৰ উপৰি ৰন্ধনৰ বাবে জৈৱিক ইন্ধনৰ ব্যৱহাৰৰ ফলতো বায়ু প্ৰদূষণ হয়৷ আনহাতে, বিদ্যুৎ আহৰণত জৈৱ ইন্ধন দহনৰ ফলতো প্ৰদূষণ হয়৷ ইয়াৰ উপৰি উদ্যোগ, নিৰ্মাণ, আৱৰ্জনা দহন আৰু কৃষিৰ অৱশিষ্ট দহনৰ ফলতো বায়ু প্ৰদূষণ হয়৷ প্ৰদূষণ বৃদ্ধিয়ে মানুহৰ বেমাৰ-আজাৰ বৃদ্ধি কৰিছে৷ বিশেষকৈ শিশু আৰু বৃদ্ধ লোক ইয়াৰ ফলত বেছিকৈ আক্ৰান্ত হৈছে৷

শেহতীয়াকৈ প্ৰকাশ পোৱা কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি, অসমৰ গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদূষণো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বায়ুৰ মান সূচাংক [পিএম২.৫] যদি ০-৫০ৰ ভিতৰত থাকে, তেতিয়া সেই ঠাইৰ বায়ু স্বাস্থ্যৰ উপযোগী বুলি কোৱা হয়৷ যদিহে এই মান ৫১-১০০ৰ ভিতৰত থাকে, তেন্তে সেই ঠাইৰ বায়ু জীৱৰ বাবে  সন্তোষজনক আৰু ১০১-২০০ৰ ভিতৰত থাকিলে মধ্যমীয়া বুলি কোৱা হয়৷ কিন্তু যদিহে বায়ুৰ সূচাংক ২০১-৩০০ৰ ভিতৰত থাকে, তেন্তে সেই ঠাইৰ বায়ু প্ৰদূষিত আৰু ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি প্ৰদূষিত বুলি কোৱাৰ উপৰি ৪০১-৫০০ৰ ভিতৰত থাকিলে বিপজ্জনক বুলি কোৱা হয়৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদূষণ ইমানেই বাঢ়িছে যে বিগত কেইটামান দিনত এই সূচাংক ৩৩৬ৰ পৰা ৩৭০ৰ ভিতৰত অৱস্থান কৰিছে৷ কাজেই গুৱাহাটী মহানগৰীৰ বায়ু অধিক প্ৰদূষিত বুলি চিহ্নিত হৈছে৷ এই অৱস্থা নিয়ন্ত্ৰণৰ বাবে চৰকাৰ আৰু প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে অতি কম দিনৰ ভিতৰতে গুৱাহাটীৰ বায়ু প্ৰদূষণ দিল্লীৰ দৰে হ’ব৷ ইয়াৰ বাবে চৰকাৰে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণৰ উপৰি পুৰণি আৰু প্ৰদূষণ সৃষ্টিকাৰী বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব৷ আনহাতে, গুৱাহাটী মহানগৰীত নিৰ্মাণ কাৰ্যৰ বাবে ব্যৱহৃত শিল-বালি আদি সামগ্ৰী পথতে ৰাখি সেই পথছোৱাত যান-জঁট সৃষ্টি কৰাৰ উপৰি প্ৰদূষণতো ইন্ধন যোগায়৷ যদিহে আমি গুৱাহাটীখন বাসোপযোগী মহানগৰ হিচাপে ৰাখিব বিচাৰোঁ, তেন্তে চৰকাৰ-প্ৰশাসনৰ লগতে জনসাধাৰণেও প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিব৷