Logo
image

নগাঁও জিলা পুথিভঁৰালত 'শিল্পকানন'ৰ বিশেষ নাট্য-সন্ধিয়া

ডিজিটেল সংবাদ, নগাঁও,১ ফেব্ৰুৱাৰীঃ নগাঁও জিলা পুথিভঁৰালত শুকুৰবাৰে সন্ধিয়া সফলতাৰে মঞ্চস্থ হয় 'বিদ্ৰোহী জনা' নামৰ পূৰ্ণাংগ নাটখন। ঊনৈশ বছৰীয়া নাট্যানুষ্ঠান 'শিল্প কানন'ৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ নাট্যসন্ধিয়া। গোলাপ চন্দ্ৰ বৰাৰ 'বিদ্ৰোহী জনা' নামৰ নাটখনৰ পৰিকল্পনা আৰু পৰিচালনা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অসমৰ জীয়ৰী দক্ষিণা শৰ্মাৰ। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজকন্যা জনাগাভৰুৱে আৰম্ভ কৰা বিদ্ৰোহক শীৰ্ষস্থান প্ৰদান কৰি ৰচনা কৰা হৈছে এই নাটখন। কেনেদৰে আজিও মহিলাসকল পুৰুষৰ হাতত লাঞ্ছিত হয় আৰু প্ৰতাৰণাৰ বলি হয় তাৰেই যথাযোগ্য নিদৰ্শন পূৰ্ণাংগ নাটখনি। মুঠ বিশটাকৈ চৰিত্ৰসম্পন্ন নাটখনিৰ সামগ্ৰিক ব্যৱস্থাপনাত আছিল প্ৰসন্ন কুমাৰ বেজবৰুৱা, ধনঞ্জয় বৰদলৈ আৰু শোণিত কুমাৰ বৰা। 



নীৰ আবিদৰ সংগীতেৰে উপভোগ্য হৈ পৰা নাটখনৰ পোহৰ নিক্ষেপন কৰিছিল সুৰজ কুমাৰ শইকীয়া আৰু গৌতম শইকীয়াই। জ্যেতি গগন, বিনন্দ কুমাৰ সূতৰ মঞ্চসজ্জা আৰু গৌৰৱ কুমাৰ হাজৰিকা,মূৰ্চ্ছনা মহন্তৰ নৃত্য নিৰ্দেশনাৰে মঞ্চস্থ হোৱা নাটখনিৰ অভিনয় শিল্পীসকল হৈছে ক্ৰমে অজয় ৰাজবংশী, ইন্দ্ৰাণী বৰা, দুৰ্বা ডেকা, ধনঞ্জয় বৰদলৈ,পাপৰি ৰাজখোৱা, প্ৰকাশ বৰা, যুতৃষ্ণা গোঁহাই, নৱজ্যোতি গোস্বামী, মৌচম বৰা, প্ৰণৱজ্যোতি বৰদলৈ, মেঘালী বৰা শইকীয়া, কৰৱী শৰ্মা, নিবেদিতা গৌতম, উদয় বাস্তৱ শৰ্মা, কৃষ্ণাংগ বৰা, কৃপাশ্ৰী হাজৰিকা, সুস্মিতা শইকীয়া, হিৰু কাশ্যপ শৰ্মা, বিদ্যুত কুমাৰ নাথ আৰু চিৰঞ্জীৱ বাৎস্য। উল্লেখ্য, আগন্তুক ৮ ফেব্ৰুৱাৰীত এইখন নাটকেই 'ভাৰত ৰঙ্গ মহোৎসৱ'ৰ উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত মঞ্চস্থ হ'ব। আনহাতে, নগাঁও জিলাৰ ননৈৰ অভিমুখ নাট্যদলেও এই মহোৎসৱত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে। নাট্যদলটোৱে বিদ্যুত কুমাৰ নাথৰ ৰচনা আৰু পৰিচালনাত আগন্তুক ৫ ফেব্ৰুৱাৰীৰ দিনা গোৰখপুৰত তেওঁলোকৰ বহু সমাদৃত নাট 'ৰঘুনাথ' মঞ্চস্থ কৰিব।