২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল, নাগৰিকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ ফেব্ৰুৱাৰীঃ দেশৰ মধ্যবিত্তৰ বাবে ‘ব্লকবাষ্টাৰ’ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজৰ কেৰিয়াৰৰ অষ্টমখন বাজেটক অষ্টম আশ্চৰ্যত পৰিণত কৰিছে৷ কিয়নো চাৰিটা দশকৰ পাছত দেশৰ সাধাৰণ বাজেটত এইবাৰ প্ৰদান কৰা হৈছে অভাৱনীয় আয়কৰ ৰেহাই৷ বছৰি ১২ লাখ টকালৈকে আয়কৰ শূণ্য কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ মধ্যবিত্তক যি উপহাৰ দিছে, সেয়া সামগ্ৰিকভাৱে বলীউডী ‘ব্লকবাষ্টাৰ’ ছবিৰ দৰেই বুলি চৰ্চা হৈছে৷ বছৰি ১২ লাখ টকা উপাৰ্জন কৰা পৰিয়াল বা ব্যক্তি যিহেতু মধ্যবিত্তৰ শাৰীত পৰে, সেয়ে নিৰ্মলা সীতাৰমণৰ বাজেট মধ্যবিত্তৰ প্ৰতি গভীৰ স্বস্তি হিচাপে পৰিগণিত হৈছে৷ আয়কৰ ৰেহাই দিলে মধ্যবিত্তৰ হাতত টকা সৰহকৈ থাকিব আৰু মধ্যবিত্ত নাগৰিকে তাৰ একাংশ ব্যয় আৰু আন একাংশ জমা কৰিব৷ এই দুয়োটাই দেশৰ অৰ্থনীতি স্বচ্ছল কৰি ৰাখিব৷ ধীৰ হৈ পৰা দেশৰ অৰ্থনীতি স্বচ্ছল কৰি তুলিবলৈ এই প্ৰাচীন কৌশলৰ বাহিৰে বিত্তমন্ত্ৰীৰ হাতত আৰু অৰ্থনীতিৰ আন কোনো সূত্ৰ নাছিল৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেটত মুঠতে ৬টা মূল বিষয়ত গুৰুত্ব প্ৰদান কৰিছে৷ সেয়া হৈছেঃ ১) কৰৰ সংস্কাৰ, ২) শক্তিখণ্ড, ৩) চহৰ উন্নয়ন, ৪) খনি, ৫) বিত্ত আৰু ৬) বিভিন্ন ক্ষেত্ৰৰ নিয়ামকৰ ওপৰত নিয়ন্ত্ৰণ৷ নিৰ্মলা সীতাৰামণে সংসদত কয়–‘নতুন কৰ ব্যৱস্থাই মধ্যবিত্তৰ ওপৰত কৰৰ চাপ কমাব আৰু লোকৰ হাতত অধিক ধন থাকিব, যাৰ ফলত খৰচ, জমা আৰু বিনিয়োগ বৃদ্ধি পাব৷ ব্যক্তিগত খৰচে দেশৰ মুঠ অভ্যন্তৰীণ উৎপাদনৰ (GDP) প্ৰায় ৬০% অংশ পূৰণ কৰে৷ ইয়াৰ ফলত চৰকাৰৰ কোষাগাৰত বছৰি ১ লাখ কোটি টকা ক্ষতি হ’ব৷
বিহাৰৰ বাবে বিশেষ সুবিধাঃ এই বৰ্ষত বিধানসভা নিৰ্বাচন হ’বলগীয়া এন ডি এ শাসিত বিহাৰৰ বাবে বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে৷ বিত্তমন্ত্ৰীৰ ভাষণত বিহাৰৰ নাম ৮ বাৰ উল্লেখ কৰা হৈছিল৷
উদ্যম আৰু চাকৰিৰ সৃষ্টিঃ সেউজ শক্তি আৰু প্ৰযুক্তিৰ দৰে এম এছ এম ই ক্ষেত্ৰত কৰ্মসংস্থাপন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্যৱসায়ৰ বাবে বিশেষ আঁচনি ঘোষণা কৰিছে৷
বিকশিত ভাৰতৰ বাবে এক শক্তিশালী ভিত্তিঃ বিশ্লেষকৰ মতে, এই বাজেটে এক সুদৃঢ় ‘বিকশিত ভাৰত’ৰ পথ প্ৰশস্ত কৰিছে৷ ইয়াৰ মূল লক্ষ্য হ’ল আন্তঃগাঠনিৰ উন্নয়ন, অৰ্থনৈতিক স্থিতিশীলতা, আৰু উদ্ভাৱনীকৰণ৷
নতুন নগৰ উন্নয়ন ফাণ্ড – ১ লাখ কোটি টকাঃ নগৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ১ লাখ কোটি টকাৰে ‘আৰবান চেলেঞ্জ ফাণ্ড’ গঠন কৰা হ’ব৷ এই ফাণ্ডৰ সহায়ত ২৫ শতাংশ পৰ্যন্ত মূলধনযুক্ত পৰিকল্পনাক অৰ্থিক সহায় আগবঢ়োৱা হ’ব৷
ৰাজ্যসমূহৰ বাবে সুদমুক্ত ঋণঃ নতুন উদ্যোগপতিৰ সহায়ৰ বাবে ‘ফাণ্ড অব ফাণ্ডছ’ আঁচনিৰ অধীনত ১০, ০০০ কোটি টকাৰ মূলধন দিয়া হ’ব৷
এম এছ এম ইৰ বাবে বৃহৎ ঋণ সুবিধাঃ ক্ষুদ্ৰ উদ্যোগৰ বাবে ক্ৰেডিট গেৰাণ্টি সীমা ৫ কোটিৰ পৰা ১০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে, ৫ বছৰীয়া সময়সীমাত ১.৫ লাখ কোটি টকা অতিৰিক্ত ঋণ দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত নতুন নিৰ্মাণ অভিযান আৰম্ভ হ’ব৷
কৃষকৰ বাবে বৃহৎ সহায়ঃ বাজেটত পি এম ধন ধান্য কৃষি যোজনা ঘোষণা কৰা হৈছে, যাৰ লক্ষ্য হ’ল ১০০খন জিলা উন্নত কৰা হ’ব৷
নতুন কৰ ব্যৱস্থাঃ নতুন কৰ ব্যৱস্থাত ১২ লাখ টকা পৰ্যন্ত আয়ৰ কোনো কৰ দিব নালাগে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ‘চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ বেতনভোগী লোকসকলৰ বছৰি ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ দিব নালগিব৷’ যোৱা বৰ্ষৰ পূৰ্ণাংগ বাজেটত নতুন কৰ কাঠামোৰ ক্ষেত্ৰত ‘ষ্টেণ্ডাৰ্ড ডিডাকচন ৫০ হাজাৰ টকাৰ পৰিৱৰ্তে ৭৫ হাজাৰ টকা কৰা হৈছিল৷ এইবাৰ এই নিয়মত কোনো পৰিৱৰ্তন কৰা হোৱা নাই৷ ফলত, বেতনভোগী লোকৰ বাবে ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয়ত কোনো কৰ দিব নালাগে৷ সেই অনুসৰি– ০-৪ লাখ টকা পৰ্যন্ত আয়ে কোনো আয় কৰ নাই ৪-৮ লাখ টকা পৰ্যন্ত আয়ে ৫ শতাংশ, ৮-১২ লাখ টকা পৰ্যন্ত আয়ে ১০ শতাংশ, ১২-১৬ লাখ টকা পৰ্যন্ত আয়ে ১৫ শতাংশ৷
আনহাতে, বীমা ক্ষেত্ৰক আৰু অধিক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে বাজেটত বৃহৎ ঘোষণা কৰিছে৷ বীমাত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ [এফডিআই] বাবে দুৱাৰ সম্পূৰ্ণৰূপে মুকলি কৰি দিছে তেওঁ৷ সীতাৰমণৰ দাবী, এই সিদ্ধান্তৰ ফলত বীমা সংস্থাসমূহ অৰ্থনৈতিকভাৱে অধিক শক্তিশালী হ’ব৷ তেওঁ কয়, ‘বীমাত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশি বিনিয়োগ (এফডিআই) অনুমোদিত কৰা হ’ব৷’ এতিয়ালৈকে বীমাখণ্ডত এফডিআইৰ সৰ্বাধিক সীমা আছিল ৭৪ শতাংশ৷ অৱশ্যে ১০০ শতাংশ এফডিআইৰ সুবিধা পাবলৈ এক বিশেষ চৰ্ত পালন কৰিব লাগিব৷ যিসকল বীমা কোম্পানীয়ে তেওঁলোকৰ সম্পূৰ্ণ প্ৰিমিয়াম ভাৰততে বিনিয়োগ কৰিব, তেওঁলোকৰ ক্ষেত্ৰতহে এই নতুন নিয়ম প্ৰযোজ্য হ’ব৷ ভাৰতৰ বীমা সংস্থাসমূহক নিয়ন্ত্ৰণ কৰে ‘ইনছুৰেন্স ৰেগুলেটৰি এণ্ড ডেভলপমেণ্ট অথৰিটি অৱ ইণ্ডিয়া’ই (IRDAI)৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই নিয়ামক সংস্থাই ২০৪৭ চনৰ ভিতৰত সকলো নাগৰিকক বীমাৰ সুবিধা প্ৰদান কৰিবলৈ এক উচ্ছাভিলাষী পৰিকল্পনা লৈছে৷ অৰ্থনীতিবিদৰ মতে বীমা ক্ষেত্ৰত এফডিআইৰ এই সংস্কাৰৰ ফলত মূলধনৰ পৰিমাণ বৃদ্ধি পাব৷ এই পৰিস্থিতিত, ২০৪৭ চনৰ ভিতৰত আই আৰ ডি এ আইৰ লক্ষ্য পূৰণ কৰা সহজ হ’ব বুলি তেওঁলোকৰ ধাৰণা৷
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট বক্তৃতাত ঘোষণা কৰা মতে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা শিতানৰ বাবে ধন বৃদ্ধি কৰি ৬ লাখ ৮১ হাজাৰ কোটি টকা কৰা হ’ব৷ ২০২৪-২৫ বৰ্ষত এই অংক আছিল ৬ লাখ ২১ হাজাৰ কোটি টকা, আৰু ২০২৩-২৪ অৰ্থবৰ্ষত আছিল ৫ লাখ ৯৪ হাজাৰ কোটি টকা৷
মুঠ বাজেট ব্যয়ৰ ভিতৰত মূলধনী ব্যয়ৰ পৰিমাণ ১ লাখ ৯২ হাজাৰ কোটি টকা৷ এই টকা অস্ত্ৰ আৰু সামৰিক সামগ্ৰী ক্ৰয়ৰ লগতে তিনিওটা সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণৰ বাবে খৰচ কৰা হ’ব৷ প্ৰতিৰক্ষা গৱেষণা আৰু উৎপাদন ক্ষেত্ৰত বেচৰকাৰী সংস্থা সহায়ৰ কথাও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে৷ মূলধনী ব্যয়ৰ অন্তৰ্গত, বিমান আৰু এৰো ইঞ্জিনৰ বাবে ৪৮ হাজাৰ ৬১৪ কোটি টকা ধাৰ্য কৰা হৈছে, আৰু নৌসেনাৰ যুদ্ধজাহাজৰ বাবে ২৪ হাজাৰ ৩৯০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াৰ উপৰি, অন্যান্য সামৰিক সামগ্ৰীৰ বাবে ৬৪ হাজাৰ ৯৯ কোটি টকা ধাৰ্য কৰা হৈছে মূলধনী ব্যয়ৰ অধীনত৷ যোৱা বৰ্ষৰ বাজেটত মূলধনী ব্যয়ৰ ধাৰ্য আছিল ১ লাখ ৭২ হাজাৰ কোটি টকা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰতা’ৰ শ্লোগান অনুসৰি, প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰত ‘মেক ইন ইণ্ডিয়া’ক গুৰুত্ব দিয়া হ’ব বুলি নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে৷ ইয়াৰ উপৰি, ধাৰ্য আৰু পেঞ্চন সম্পৰ্কীয় খৰচৰ বাবে ১ লাখ ৬০ হাজাৰ কোটি টকা আৰু ৰাজস্ব ব্যয়ৰ বাবে ৪ লাখ ৮৮ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷
কেন্দ্ৰীয় মন্ত্ৰিসভা, মন্ত্ৰিসভাৰ সচিবালয়, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অতিথিসকলৰ আপ্যায়নৰ বাবে কেন্দ্ৰীয় বাজেটত ১০২৪ কোটি ৩০ লাখ টকা বৰাদ্দ কৰা হৈছে৷ এই বাজেটত কেন্দ্ৰীয় মন্ত্ৰিসভাৰ বাবে ৬১৯ কোটি ৪ লাখ টকা ধাৰ্য কৰা হৈছে৷ চলিত অৰ্থবৰ্ষ (২০২৪-২৫)ত মন্ত্ৰিসভাৰ বাবে ৫৪০ কোটি ৯৫ লাখ টকা ধাৰ্য আছিল৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাবে ধাৰ্য কৰা ধনো যোৱা বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে৷ যোৱা বছৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাবে বাজেটত ৬৫ কোটি ৩০ লাখ টকা ধাৰ্য আছিল৷ এইবাৰ সেয়া বৃদ্ধি কৰি ৭০ কোটি ৯১ লাখ টকা কৰা হৈছে৷ অতিথি আপ্যায়ন বাবদ খৰচত যোৱা বছৰৰ দৰে এইবাৰো বাজেটত ৪ কোটি টকা ধাৰ্য কৰা হৈছে৷






