কেন্দ্ৰীয় বাজেটত কেঞ্চাৰৰ ঔষধ, চিকিৎসা সৰঞ্জামৰ মূল্য হ্ৰাসৰ প্ৰস্তাৱ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বাজেটত কৰ্কট ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে৷ তাৰোপৰি আন ৬টা জীৱন দায়িনী ঔষধতো ৫ শতাংশ কৰ ৰেহাই দিয়া হৈছে৷ স্বাভাৱিকতে নিৰ্মলা সীতাৰমণৰ বাজেটে দেশৰ ৰোগাক্ৰান্ত লোকসকলৰ লগতে তেওঁলোকৰ আত্মীয়ৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে৷ চৌদিশে আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত নিশ্চয় এয়া এক বৃহৎ সকাহ৷ বাজেট ভাষণত সীতাৰমণে কয়–‘বিশেষকৈ কৰ্কট ৰোগী, বিৰল বেমাৰ আৰু অন্যান্য সংক্ৰামক পুৰণি ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা ৩৬ বিধ ঔষধৰ ক্ষেত্ৰত মৌলিক সীমা শুল্ক (বেছিক কাষ্টম ডিউটী) সম্পূৰ্ণ ৰেহাই দিয়াৰ প্ৰস্তাব দিয়া হৈছে৷ আমদানিকৃত ঔষধৰ ওপৰতো শিথিলতা প্ৰদান কৰা হৈছে৷ পেটেণ্ট এচিষ্টেণ্ট প্ৰগেমৰ অধীনত ৰোগীক বিনামূলীয়াকৈ প্ৰদান কৰা ১৩ বিধ নতুন ঔষধকে ধৰি ৩৭ বিধ ঔষধক মৌলিক সীমা শুল্কৰ পৰা ৰেহাই দিয়া হৈছে৷ বিত্তমন্ত্ৰীয়ে আজিৰ বাজেট ভাষণত দেশৰ প্ৰতিখন জিলাতে কেন্সাৰ কেয়াৰ চেণ্টাৰ স্থাপনৰ ঘোষণা কৰে৷ উল্লেখ্য যোৱা সময়ছোৱাত দেশত কেইবাবাৰো ঔষধৰ মূল্যবৃদ্ধি হৈছিল৷ ২০২৪ৰ অক্টোবৰত Asthma, Glaucama, Thalassemia, Tuberculosis ৰ লগতে মানসিক ৰোগৰ বাবে অতি প্ৰয়োজনীয় ১১ বিধ ঔষধৰ মূল্য ৫০ শতাংশ বৃদ্ধি কৰিছিল ঔষধ কোম্পানীসমূহে৷ একেদৰে বিগত বৰ্ষৰ এপ্ৰিল মাহটো ৮০০ বিধ ঔষধৰ দাম বৃদ্ধিত অনুমোদন জনাইছিল নেচনেল ফাৰ্মাচিটিকেল প্ৰাইচিং অথৰিটিয়ে৷ ইয়াৰ পূৰ্বেও ঔষধৰ দাম ১০-১২ শতাংশ বৃদ্ধি পাইছিল৷ ইফালে লোকসভাৰ নিৰ্বাচনৰ ঠিক আগতে উচ্ছতম ন্যায়ালয়ৰ হস্তক্ষেপত উন্মোচিত হোৱা নিৰ্বাচনী বণ্ডৰ কেলেংকাৰি পোহৰলৈ আহিছিল৷ ফাৰ্মা কোম্পানীসমূহে বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহকে সৰ্বাধিক চান্দা দিছিল৷ ইয়াৰ ফলতে ঔষধৰ দাম অনিয়ন্ত্ৰিত হৈ পৰা বুলি অভিযোগ উঠিছিল৷ কিন্তু আজি বাজেটত ৩৬ বিধ ঔষধৰ ওপৰত আৰোপ কৰা কৰ সম্পূৰ্ণৰূপে ৰেহাই দিয়া তথা আন কেইবাবিধো ঔষধৰ ক্ষেত্ৰত ৫ শতাংশ কৰ ৰেহাই দিয়া বিষয়টোৱে নি(য় সাধাৰণ জনতাক সকাহ দিব৷
নিৰ্মলাৰ বাজেটত কেন্সাৰসহ ৩৬ বিধ ঔষধৰ লগতে চিকিৎসা আৰু অস্ত্ৰোপচাৰ সজুলিৰ মূল্যও হ্ৰাস কৰা হৈছে৷ একেদৰে বাজেটত মোবাইল ফোন, মোবাইলৰ চাৰ্জাৰকে ধৰি অন্যান্য সামগ্ৰীৰ ওপৰত কৰ প্ৰায় ১৫ শতাংশ হ্ৰাস কৰিছে৷ ফলত এই সামগ্ৰীসমূহৰ দাম কমিব৷ একেদৰে সোণ আৰু ৰূপৰ থকা আমদানি শুল্ক ৬ শতাংশ কমোৱা হৈছে৷ ইয়াৰ ফলত সোণ আৰু ৰূপৰো দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ প্লেটিনামৰ ওপৰত থকা শুল্ক ৬.৪ শতাংশ হ্ৰাস কৰা হৈছে৷ ফলত প্লেটিনামৰ দামো কমিব পাৰে৷ চামৰাজনিত সামগ্ৰীৰ শুল্ক হ্ৰাস কৰা হৈছে৷ নিকেল আৰু তামৰ ওপৰত থকা কৰ উঠাই দিয়া হৈছে৷ ইয়াৰ ফলত এই ধাতু দুবিধেৰে নিৰ্মাণ কৰা সামগ্ৰীৰ দাম হ্ৰাস পাব৷ নিকেল আৰু তামৰ উপৰি আন ১৫ বিধ গুৰুত্বপূৰ্ণ ধাতুৰ ওপৰত থকা কৰো উঠাই দিয়া হৈছে৷ ছ’লাৰ পেনেল তৈয়াৰত ব্যৱহৃত সামগ্ৰীৰ ওপৰতো কৰ উঠাই দিয়া হৈছে৷ ফলত ছ’লাৰ পেনেলৰ দামো সস্তা হ’ব বুলি আশা কৰা হৈছে৷ সামুদ্ৰিক মাছ বা অন্যান্য সামুদ্ৰিক খাদ্য-সামগ্ৰীৰ ওপৰতো কৰ পাঁচ শতাংশ হ্ৰাস কৰা হৈছে৷ আনহাতে, বাজেটত কিছুমান সামগ্ৰীৰ দাম বৃদ্ধি কৰা হৈছে৷ টেলি যোগাযোগৰ সামগ্ৰীৰ পাঁচ শতাংশ কৰ বৃদ্ধি কৰা হৈছে৷ ফলত দহৰ পৰা পোন্ধৰ শতাংশলৈ এনে সামগ্ৰীত কৰ বৃদ্ধি পাব৷ প্লাষ্টিকৰ সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰাত এনে সামগ্ৰীৰ দাম বৃদ্ধি পাব৷ এমনিয়াম নাইট্ৰেটৰ ওপৰত দহ শতাংশ কৰ বৃদ্ধি কৰা হৈছে৷ সংক্ষেপে বাজেটত ৰিলেক্স, মীৰ্জা ইণ্টাৰনেশ্বনেল আদি বেণ্ডৰ জোতা-চেণ্ডলৰ দাম বৃদ্ধি কৰা হৈছে৷ প্ৰিমিয়াম টিভি, ফ্লেট প্যানেল ডিছপ্লে আদি ইলেক্টªনিক সামগ্ৰী, বিদেশী মটৰ চাইকেল, ইণ্টাৰেক্তিভ ফ্লেট পেনেল ডিছপ্লে, ফেব্ৰিকৰ সামগ্ৰীৰো দাম বৃদ্ধি কৰা হৈছে৷ আনহাতে, কেন্সাৰৰ ঔষধ, চিকিৎসা, সা-সৰঞ্জামৰ লগতে দাম কমিবলগীয়া সামগ্ৰীসমূহ হ’ল– মোবাইল ফোন, বেটাৰী আৰু সংলগ্ন সামগ্ৰী, এল ই ডি আৰু এল চি ডি টিভি, ইলেক্টªনিক বাহন, ইলেক্টªনিক বাহনৰ বেটাৰী, মেডিকেল সজুলি, চামৰাৰ কেঁচা সামগ্ৰী আৰু জাহাজ নিৰ্মাণৰ সামগ্ৰী, সাগৰীয় খাদ্য, কেৰিয়াৰ গ্ৰেভ আৰ্থনেট ছুইটছ, টেক্সটাইল সামগ্ৰী, কৱাল্ট আৰু জিংকৰ সামগ্ৰী, ৱেট ব্লু লেডাৰ, জাহাজ নিৰ্মাণৰ কেচা সামগ্ৰী৷ বাজেটত সামগ্ৰীৰ এনে দৰ হ্ৰাস বৃদ্ধিৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ দ্বাৰকাত এক নিৰ্বাচনী প্ৰচাৰ চলোৱা মহিলাসকলক বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ সংলগ্ন কৰিবলৈ আহ৩ান জনায়৷ যাতে দিল্লীত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমখন কেবিনেট বৈঠকতে মহিলাসকলৰ বেংক একাউণ্টলৈ ২৫০০ টকা জমা কৰিব পৰা যায়৷






