Logo
image

বন্দী ৰাম কুমাৰক মুক্তি

◾অৱশেষত আলফা আৰু এনএছচিএনৰ দ্বাৰা অপহৃত কুইপ্প’ৰ বিষয়া ৰাম কুমাৰক মুক্তি। 

◾আলফাই ম্যানমাৰ সীমান্তত মুকলি কৰি দিছে ৰাম কুমাৰক।

◾বিগত বৰ্ষৰ ডিচেম্বৰ মাহত কুইপ্প’ৰ দুগৰাকী অভিযন্তা ৰামকুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক অৰুণাচলৰ চাংলং জিলাৰ পৰা আলফাই অপহৰণ কৰিছিল।

◾২ অভিযন্তাক মুকলিৰ বাবে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল।

◾শনিবাৰে প্রায় ৩মাহ ১৪দিন পিছত আলফাই মুকলি কৰি দিছিল অভিযন্তা প্ৰণৱ কুমাৰ গগৈক।

◾প্ৰথম অৱস্থাত খবৰ আহিছিল কুইপ্প’ৰ ২জন অভিযন্তাক মুকলি কৰা হৈছে বুলি কিন্তু মুকলি হোৱা নাছিল ৰামকুমাৰ।

◾৫এপ্ৰিল সোমবাৰে প্ৰায় ৩মাহ ১৬ দিন পিছত আলফাই মুকলি কৰি দিলে কুইপ্প’ৰ অভিযন্তা ৰামকুমাৰক।

◾বৰ্তমান অসম ৰাইফলছৰ জিম্মাতে আছে ৰামকুমাৰ।