
বিজেপিৰ সংবিধান গৌৰৱ অভিযান
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ২ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত গুৱাহাটীৰ আইদেউ ছবিগৃহত আয়োজিত এখন আলোচনা চক্ৰত সভাপতি দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী পীয়ূষ হাজিৰকা উপস্থিত থাকে৷ ভাৰতবৰ্ষৰ সংবিধানখনৰ গৌৰৱোজ্জ্বল ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দেশজুৰি অনুষ্ঠিত ‘সংবিধান গৌৰৱ অভিযান’ৰ অংশৰূপে অসমতো বিভিন্ন বিধানসভা সমষ্টিত বিগত এটা পষেকজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈ আহিছে৷ এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি আয়োজিত বিশেষ আলোচনা-চক্ৰত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কয় যে দেশৰ সংবিধানখন আমাৰ গৌৰৱ তথা আমাৰ স্বাভিমান৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ গৌৰৱ গাথাৰ আজি যি বন্দন হৈছে, তাৰ মূলতে হৈছে আমাৰ সংবিধানখন৷ পাকিস্তান আৰু বাংলাদেশৰ দৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই সততেই সামৰিক উত্থানৰ সন্মুখীন হৈ অহাৰ বিপৰীতে শক্তিশালী সংবিধান এখন থকাৰ বাবে আমাৰ দেশে কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগা হোৱা নাই৷
আনহাতে কংগ্ৰেছে যদিও এতিয়া সংবিধানৰ প্ৰণেতা বাবা চাহেব আম্বেদকাৰৰ গুণাণুকীৰ্তন কৰিবলৈ আৰম্ভ কৰিছে কিন্তু এই কংগ্ৰেছেই শাসনত থকা দশক দশক যোৰা সময়খিনিত ড॰ আম্বেদকাৰক যথোচিত সন্মান নিদিলে৷ যিজন ব্যক্তিয়ে প্ৰণয়ন কৰা সংবিধানখনে আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাটোক চলাই আছে সেইজন বাবা চাহেবক কংগ্ৰেছ চৰকাৰে কেতিয়াও ভাৰত ৰত্ন দিয়াৰ কথা নাভাৱিলে৷ ড॰ আম্বেদকাৰক ১৯৯০ চনতহে এখন অকংগ্ৰেছী চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰে৷ আনহাতে কেবিনেট মন্ত্ৰী হিচাপেও প্ৰধানমন্ত্ৰী নেহৰুৰ পৰা ড॰ আম্বেদকাৰে যথোচিত গুৰুত্ব লাভ নকৰিলে৷ আনহাতে ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে ১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰি সংবিধানখন অৱমাননা কৰিছিল বূলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতহে ভাৰত চৰকাৰে এতিয়া ড॰ আম্বেদকাৰৰ অনবদ্য অৱদানৰ প্ৰকৃত মূল্যাংকন হোৱা বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে৷ ভাৰতত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ড॰ আম্বেদকাৰৰ অৱদানৰ প্ৰতি আমি প্ৰত্যেকেই কৃতজ্ঞ হৈ থকা উচিত বুলি মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে৷