Logo
image

বিনামূলীয়া নামভৰ্তিৰ ধন দিয়া নাই চৰকাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ফেব্ৰুৱাৰীঃ  ২০২৪-২৫ বিত্তীয় বৰ্ষ প্ৰায় শেষেই হ’বৰ হ’ল৷ ৰাজ্যৰ শিক্ষা বিভাগে আজিকোপতি চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয় সমূহক ওভোটাই নিদিলে ছাত্ৰ মাচুলৰ দ্বিতীয় কিস্তিৰ ধন৷ উল্লেখ্য, ৰাজ্যৰ কলেজসমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ সমুদায় ধন চৰকাৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰতে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও মুৰকত সেয়া  ফুটুকাৰ ফেনত পৰিণত হ’ল৷ বহু কলেজে আনকি প্ৰথম কিস্তিৰ ধনো নাপালে আৰু আন বহুতে পালে যদিও সেয়া নিচেই সামান্য ডেৰ-দুই লাখৰ ভিতৰত৷ ফলত ৰাজ্যৰ চৰকাৰীখণ্ডৰ কলেজসমূহত বিশেষকৈ গ্ৰামাঞ্চলৰ কলেজসমূহত সেই একেই চৰম বিত্তীয় সংকটৰ সৃষ্টি হৈছে৷ কলেজে কলেজে এতিয়া হাহাকাৰ৷ বহু কলেজত অচলাৱস্থাৰ সৃষ্টি হৈছে৷ বহু কলেজত এতিয়া বিদ্যুতৰ বিল দিবলৈও পইচা নাই৷ ৰাজ্যৰ কলেজসমূহত যেতিয়াৰে পৰা বছৰি ২ লাখ টকা উপাৰ্জনৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে মাচুল ৰেহাইৰ অভিলাষী আঁচনি ঘোষণা কৰিছিল, তেতিয়াৰ পৰাই ক’বলৈ গ’লে কোনো এটা বছৰতে ছাত্ৰ মাচুলৰ বাবদ কলেজসমূহক ঘূৰাই দিবলগা ধন ৰাজ্য চৰকাৰে সময়মতে ওভোটাই দিয়া নাই৷ অৱশ্যে, এই আঁচনিখনৰ প্ৰাসংগিকতা কোনেও নুই কৰিব নোৱাৰে৷ বহু দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীৰ বাবে আঁচনিখন আছিল মূল তুলি আকাশ চোৱাৰ এক সুযোগ৷ দেশৰ ভিতৰতে প্ৰথম এই অভিলাসী আঁচনিখন গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকলোৱে সাধুবাদ দিছিল৷


কিন্তু আঁচনিখনৰ ৰূপায়ণত বাৰে বাৰে লাগিছে কেণা৷ কলেজত ধন পলমকৈ মুকলি কৰি দিয়ে৷ কেতিয়াবা কলেজসমূহে দিয়া ডিমাণ্ডৰ তুলনাত যথেষ্ট কমকৈ ধন মুকলি কৰি দিয়ে৷ ফলত বছৰ বছৰ ধৰি নিজস্ব ৰাজহৰ উৎস কম থকা গ্ৰামাঞ্চল আৰু চহৰীয়া কলেজসমূহে দুৰ্ভোগ ভোগি আহিছে৷ ২০২৪-২৫ বৰ্ষতো ঘটিল একেই ঘটনা৷ পূৰ্বৰ বিত্তীয় বৰ্ষটোৰ এটা কিস্তিৰ ধনহে বৰ্তমানলৈকে শিক্ষা বিভাগে মুকলি কৰি দিছিল৷ কোনো বছৰত ৰাজ্য চৰকাৰে ৩১ মাৰ্চত ছাত্ৰ দিৱসৰ দিনটোত ছাত্ৰ মাচুল ৰেহাইৰ ধন মুকলি কৰি দিয়ে এপ্ৰিল,মে’ মাহৰ ভিতৰত কলেজৰ অধ্যক্ষসকলৰ পৰা ইউ চি বিচাৰিল৷ এইবাৰো একেই ঘটনা হ’ব বুলি আশংকা হৈছে৷ অৱশ্যে, এতিয়ালৈকে ধন মুকলি কৰাৰ কোনো উমঘামেই পোৱা নাই৷ ফলত ৰাজ্যৰ কলেজে কলেজে সৃষ্টি হয় আন এক অনাহুত পৰিস্থিতিৰ৷ লক্ষণীয় যে ৰাজ্যৰ কলেজ শিক্ষকসকলৰ কোনো এটা দাবীয়েই ৰাজ্য চৰকাৰে সমাধান কৰা নাই৷ ফলত আন্দোলনমুখী হ’বলগীয়া হৈছে কলেজ শিক্ষক৷ এফালে পদোন্নতিৰ তাৰিখ জ্যেষ্ঠ-কনিষ্ঠৰ একে কৰি দেশৰ সকলো চাকৰিৰ বিধি ভংগ কৰিছে৷ আনফালে প্ৰায় ২ বছৰ ধৰি কলেজ শিক্ষকৰ পদোন্নতিৰ সকলো ফাইলৰ কাম-কাজ ইচ্ছাকৃত ভাৱে বন্ধ কৰি ৰাখিছে৷ ইয়াৰ মাজতে আকৌ ছাত্ৰ মাচুলৰ প্ৰাপ্য ধন কেইটাও চৰকাৰে সময়তে মুকলি কৰি নিদি ৰাজ্যৰ প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহক নিশেষ কৰাৰ চক্ৰান্ত কৰা বুলি অভিযোগ উঠিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কলেজসমূহক সময়মতে ছাত্ৰ মাচুল ৰেহাই ধন মুকলি কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল সেয়াও এতিয়া অসাৰ প্ৰতিপন্ন হ’ল৷ চৰকাৰে কলেজসমূহক প্ৰথম কিস্তিৰ ছাত্ৰ মাচুল ৰেহাই ধন বিগত বৰ্ষৰ জুলাই, আগষ্ট মাহত মুকলি কৰি দিছিল৷ কিন্তু মুকলি নহ’ল অন্তিম কিস্তি৷