Logo
image

হাগ্ৰামাত আশা নাই দল এৰিলে খাম্ফাই

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ২ ফেব্ৰুৱাৰীঃ  অৱশেষত চন্দন ব্ৰহ্মৰ পথেৰে হাগ্ৰামা মহিলাৰীৰ সংগ এৰিলে বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে৷ সুদীৰ্ঘ ২০ বছৰ ধৰি বিপিএফ দলৰ উপ-সভাপতিৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীৰ দীৰ্ঘকালৰ সতীৰ্থ খাম্পা বৰগয়াৰীয়ে দেওবাৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক দলৰ উপ সভাপতি তথা প্ৰাথমিক সদস্য পদৰপৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ দাখিল কৰে৷ হাগ্ৰামা মহিলাৰীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত বিশ বছৰ ধৰি দলৰ উপ সভাপতি আৰু মুখপাত্ৰৰ পদবীত স্থান দি ৰাইজৰ তথা দলৰ সেৱা কৰাৰ সুযোগ  দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দলৰ উন্নয়ন কামনা কৰে৷ প্ৰকাশ যে বিগত লোক সভা নিৰ্বাচনৰ পাছৰ পৰাই বিপিএফ দলৰ জন্ম লগ্নৰে পৰা গুৰু দায়িত্ব পালন কৰি অহা দলটোৰ জে্যষ্ঠ নেতা খাম্পা বৰগয়াৰীয়ে বিপিএফ দল ত্যাগ কৰিব বুলি চৰ্চা হৈ আছিল৷  তেওঁ সংবাদ মাধ্যমৰ আগত মোৰ ঘৰৰ সন্মুখত এতিয়াও বিপিএফৰ দলীয় পতাকা উৰি আছে গতিকে মই এতিয়াও দলতে আছোঁ বুলি দাবী কৰিছিল যদিও তেওঁ অতি সোনকালে কিবা এটা খবৰ পাব বুলি জানিব দিছিল৷ খাম্পা বৰগয়াৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে যদিও বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ বিগত লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই চৰ্চা আৰম্ভ হৈছিল যে জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীয়ে বিপিএফ দল ত্যাগ কৰিব৷ বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হঠাতে বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি দিয়ে আৰু উক্ত নিৰ্বাচনত বিজয়ী হোৱাৰ পথ প্ৰশস্ত থকাৰ পিছতো কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰণ কৰিবলগীয়া হয়৷  এই ক্ষেত্ৰত ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰা কাৰণটো হৈছে খাম্পা বৰগয়াৰীক আন্ধাৰত ৰাখি বিপিএফ দলৰ হাই কামাণ্ড হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বুজাবুজিলৈ আহি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক সিদ্ধান্ত গ্ৰহণ কৰিছিল৷


দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ এককক্ষীয় সিদ্ধান্তত ক্ষোভিত হৈছিল সতীৰ্থ খাম্পা বৰগয়াৰীৰ সৈতে হাগ্ৰামাৰ হৈছিল মতবিৰোধ তথা দল ত্যাগ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াবলৈ গৈ খাম্পা বৰগয়াৰীয়ে নিৰ্বাচনী খৰচ চলাবলৈ ভূমি সম্পত্তি বিক্ৰি কৰি ধন গোটাই ছিল৷ কিন্তু ধন সম্পত্তি সকলো শেষ হোৱাৰ সমান্তৰালকৈ দলৰ সভাপতিৰ সিদ্ধান্তত বৰগয়াৰীৰ ৰাজনৈতিক ভৱিষ্যতো নিস্প্ৰভ হৈ পৰিছিল৷ বিপিএফ দল ত্যাগ কৰি খাম্পা বৰগয়াৰীয়ে কোন দলত তেওঁ যোগদান কৰিব এতিয়াও সদৰি কৰাৰ পৰা বিৰত আছে যদিও তেওঁ বিজেপিত যোগদান কৰিব বুলিও বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে৷ আনহাতে, খাম্পা বৰগয়াৰীৰ বিপিএফ দল ত্যাগ কৰাৰ আঁৰত সম্প্ৰতি বিপিএফ দলৰ দূৰৱস্থা বিশেষকৈ আৰ্থিক সংকটত ভুগি থকা দলটো পুনৰ শাসনৰ গাদীলৈ যে আহিব সেয়া অস্পষ্ট হৈ পৰাৰ বাবে বৰগয়াৰীয়ে তেওঁৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত নামি অহাৰ পূৰ্বে তেওঁ শিবিৰ সলাবলৈ বিচাৰিছে বুলি চৰ্চা চলিছে৷ হাগ্ৰামা মহিলাৰীৰ সৈতে নিজৰ কোনো আশা নাই বুলি ইতিমধ্যে নিশ্চিত হৈয়ে হয়তো দলত্যাগৰ সিদ্ধান্ত লয় খাম্পাই৷