মধ্যবিত্তক আয়কৰ ৰেহাই দি চৰকাৰে ১.৬ লাখ কোটি টকা ৰাজহ হেৰুৱালে কিয়?
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ফেব্ৰুৱাৰীঃ ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ ১০.৪ কোটি নাগৰিকে আয়কৰ প্ৰদান কৰিছিল৷ পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত সেই সংখ্যা আছিল উল্লেখযোগ্য বৃদ্ধি৷ সেই অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেইবাগুণো আয়কৰদাতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এইবাৰ বাজেটত বছৰি ১২ লাখ টকালৈকে উপাৰ্জন কৰা লোকক আয়কৰ ৰেহাই দিলে৷ চাকৰিজীৱীৰ ক্ষেত্ৰত আয়কৰ ৰেহাইৰ উৰ্ধসীমা হ’ব ১২ লাখ ৭৫ হাজাৰ টকা৷ কিয়নো চাকৰিয়ালৰ ক্ষেত্ৰত ৭৫ হাজাৰ ‘ষ্টেণ্ডাৰ্ড ডিডাকচন’ৰ সুবিধা আছে৷ এইদৰে ১২ লাখ টকাৰ উপাৰ্জন পৰ্যন্ত আয়কৰ ৰেহাই দিয়াৰ ফলত প্ৰত্যক্ষ কৰদাতাৰ সংখ্যা উল্লেখনীয়ভাৱে হ্ৰাস পাব৷ সেই সংখ্যা নিৰ্ণয় কৰা এতিয়াই কঠিন৷ কিন্তু আয়কৰদাতাৰ হ্ৰাসৰ লগে লগে হ্ৰাস পাব ৰাজহ সংগ্ৰহো৷ সেই অংকও এতিয়া অনিৰ্ণিত৷ কিয়নো প্ৰত্যক্ষ কৰ সংগ্ৰহত আয়কৰ ৰেহাইৰ বাবে কিমান ক্ষতি হ’ব সেয়া বাজেটত উল্লেখ কৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ কিন্তু অৰ্থনীতিৰ বিশ্লেষকৰ মতে, কৰ ৰেহাইৰ বাবে চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰৰ বাবদ ১.৬০ লাখ কোটি টকাৰ ৰাজহ হেৰুৱাব৷ প্ৰসংগতঃ বিগত বিত্তীয় বৰ্ষত চৰকাৰে আয়কৰৰ জৰিয়তে ১৫.৮২ লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল৷ সেয়া আছিল তাৰ পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১৬.৫ শতাংশ অধিক৷
কিন্তু এনেদৰে বিশাল হাৰত কৰ ৰেহাই দি চৰকাৰে বৃহৎ অংকৰ ৰাজহ হেৰুৱাব বিচাৰিছে কিয়? ইয়াৰ আঁৰত আছে অৰ্থনৈতিক বহু কাৰণ৷ সাক্ষাৎকাৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মধ্যবিত্তক সকাহ দিবলৈ তেওঁক নিৰ্দেশ দিছিল৷ তেওঁৰ হাতত আয়কৰ হ্ৰাস কৰাৰ বাহিৰে মধ্যবিত্তক সকাহ দিয়াৰ বিকল্প উপাই নথকাৰ বাবেই এই পদক্ষেপ লোৱা বুলি দাবী কৰিছে বিত্তমন্ত্ৰীয়ে৷ কিয়নো সুৰা আৰু পেট্ৰ’ল-ডিজেলৰ বাহিৰে সম্প্ৰতি দেশৰ সকলো সামগ্ৰীৰ মূল্য জিএছটিৰ দ্বাৰাই নিৰ্ণয় হয়, সেয়ে কেন্দ্ৰীয় বাজেটত দেশৰ নাগৰিকক সকাহ দিয়াৰ প্ৰত্যক্ষ বিকল্প আয়কৰ ৰেহাইৰ বাহিৰে আন একো নাথাকে৷
কিন্তু বিত্তমন্ত্ৰীয়ে কৰা এই দাবীৰ আংশিক সত্যতাহে আছে৷ মূল উদ্দেশ্য দেশৰ অৰ্থনৈতিক স্থিতি মধ্যবিত্তৰ জমা-খৰছৰ জৰিয়তে সবল কৰাহে৷ আয়কৰ ৰেহাই পালে আয়কৰ অনাদায়ৰ বাবদ হাতত ৰৈ যোৱা ধন দেশৰ নাগৰিকে বিভিন্ন সামগ্ৰী ক্ৰয়ত ব্যয় কৰিব৷ লগে লগে পণ্য আৰু সেৱাৰ চাহিদা বাঢ়িব আৰু অৰ্থনীতি স্বচ্ছল হৈ উঠিব৷ ভাৰতৰ দৰে দেশত ঘৰুৱা সামগ্ৰীৰ চাহিদাই বহনক্ষম উন্নয়ন সাধন কৰে৷ তদুপৰি হাতত ৰৈ যোৱা ধন দেশৰ নাগৰিকে জমাও কৰিব৷ জমা আৰু বিনিয়োগেও দেশৰ অৰ্থনীতি সজীৱ কৰি তুলিব৷ আয়কৰ ৰেহায়ে মধ্যবিত্তক বিত্তীয় আৰু আৰ্থিক বোজাৰ পৰা ৰেহাই দিব৷ আয়কৰ হ্ৰাস অন্যতম ৰাজনৈতিক লাভালাভৰ কৌশলো৷ কেইদিনমান পাছতেই দিল্লীৰ নিৰ্বাচন৷ তাৰ পাছত বিহাৰৰ বিধানসভাৰ নিৰ্বাচন৷ এই আয়কৰ ৰেহায়ে বিজেপিৰ প্ৰতি ভোটদাতাৰ আকৰ্ষণ বঢ়াব৷ আনহাতে, আয়কৰ ৰেহায়ে সৰ্বাধিক সংখ্যক লোকক আয়কৰ ৰিটাৰ্ণ জমা কৰিবলৈ উৎসাহিত কৰিব৷ আই টি আৰ ফাইল কৰিব, অথচ কৰ দিব নালাগে; সেয়া দেশৰ মধ্যবিত্তক উদ্বুদ্ধ কৰিব পৰা পদক্ষেপ৷ এনে ক্ষেত্ৰত দেশৰ নাগৰিকে আয়কৰ সঠিক তথ্য প্ৰকাশ কৰিব৷ তদুপৰি সৰ্বাধিক লোকে আয়কৰ ৰিটাৰ্ণ জমা দিয়াটোৱে আন্তঃৰাষ্ট্ৰীয় কৰ ব্যৱস্থাৰ প্ৰতি ভাৰতক অধিক ওচৰলৈ লৈ যাব৷ এনে একাধিক কাৰণতে এইবাৰ বিত্তমন্ত্ৰীয়ে কৰ ৰেহাইৰ বিকল্প হাতত লৈছে৷






