Logo
image

২৪১ সাংসদক দিল্লীত নমাই দিছে বিজেপিয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ফেব্ৰুৱাৰীঃ ক্ৰিকেটৰ এটা ইনিংছত শূণ্যত আউট হ’লে ‘ডাক’ আৰু একেৰাহে দুটা ইনিংছত শূণ্য ৰাণত আউট হ’লে ‘পেয়াৰ’ আখ্যা দিয়া হয়৷ দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ এদিন বাকী থাকোতে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী হেনো চিন্তান্বিত–একেৰাহে তিনিটা ইনিংছত শূণ্য স্ক’ৰ কৰিলে কি বুলি অভিহিত কৰা হয়? অহা ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজধানীৰ অলিন্দত হেনো এই কৌতুকটো জনপ্ৰিয় হৈ পৰিছে৷ কিয়নো একেৰাহে ২০১৫ আৰু ২০২০ৰ বিধানসভাৰ নিৰ্বাচনত ক্ৰমে ‘ডাক’ আৰু ‘পেয়াৰ’ লৈ এইবাৰো ৰাহুল গান্ধীৰ কংগ্ৰেছ ‘ডাক’ৰ হেটট্ৰিকৰ বাবে সাজু হোৱা বুলি ঠাট্টা মস্কৰা তুংগত উঠিছে৷ অথচ ৭০ জনীয়া বিধানসভাৰ কেন্দ্ৰীয় শাসিত প্ৰদেশখনত পূৰ্ণ শক্তিৰে নামিছে কংগ্ৰেছ৷ কিন্তু কোনো ৰাজনৈতিক বিশ্লেষকে কংগ্ৰেছক সম্ভাব্য বিজয়ী বুলি ভবা নাই, সম্ভৱতঃ স্বয়ং কংগ্ৰেছেও৷ শতাব্দী প্ৰাচীন দলটোত আতংক বাঢ়িছে ‘ডাক’ৰ হেটট্ৰিকৰ৷


কংগ্ৰেছ দল অহা বুধবাৰৰ নিৰ্বাচনৰ বাবে এইবাৰো বিগত ১০ বছৰৰ দৰে সংগ্ৰামৰত হৈ থকা অৱস্থাত বাকী দুটা পক্ষ, অৰ্থাৎ আম আদমী পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত প্ৰচাৰৰ ধুমুহা তুলিছে৷ কেইবাটাও কাৰকৰ বাবে এইবাৰ অৰবিন্দ কেজৰিৱালৰ আপ প্ৰচাৰ আৰু সম্ভাৱনাৰ ক্ষেত্ৰত সামান্য বেকফুটত৷ কিন্তু সবল আৰু সজোৰ প্ৰচাৰৰ বাবে জনাজাত বিজেপিয়ে দিল্লীৰ বিধানসভা নিৰ্বাচনতো আন আন সৰু-বৰ নিৰ্বাচনৰ দৰে প্ৰচাৰৰ দিশত চাইক্লনৰ সৃষ্টি কৰিছে৷ নিৰ্বাচন পঞ্চায়তেই হওঁক কিম্বা পৌৰনিগম, বিধানসভাই হওক বা লোকসভা–বিজেপিৰ প্ৰচাৰ সদায় পৰিকল্পিত আৰু বিশাল৷ দিল্লী বিধানসভাতো তাৰ ব্যতিক্ৰম হোৱা নাই৷

বিজেপিৰ প্ৰচাৰত আজিৰ দিনটো ‘মেগা ছানডে’৷ দিল্লীৰ মছনদ দখল কৰিবলৈ শেষ প্ৰচাৰৰ আগৰ বন্ধৰ দিনটোক বিজেপিয়ে প্ৰচাৰৰ মূল দিন হিচাপে আগতীয়াকৈ নিৰ্বাচন কৰি থৈছিল৷ সেয়ে আজি ‘মেগা ছানডে’ত দিল্লীত বিজেপি দলৰ ২৪১জন সাংসদ প্ৰচাৰত নামিছে৷ বিশাল নিৰ্বাচনী সভা নহয়, গলিয়ে গলিয়ে পিয়াপি দিছে বিজেপিৰ সাংসদে৷ চুবুৰী-মহল্লা-অলিগলি একো বাদ নিদিয়াকৈ দিল্লীবাসীক বুজাইছে ডাবল ইঞ্জিন চৰকাৰৰ সুফল৷ দিল্লীৰ নিৰ্বাচনী ফলাফলৰ বাবে ৮ ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰিব লাগিব, কিন্তু বিজেপিৰ এই বিশাল প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷