
ৰাইজে দিব ৪০% কৰ, মাত্ৰ ১৭% কৰ্প’ৰেটে
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বাজেটক ‘বাহিৰে ৰং-চং আৰু ভিতৰে কোঁৱা-ভাতুৰী’ আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কেন্দ্ৰীয় বাজেট সন্দৰ্ভত দলৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ‘বাজেটত মুঠ খৰচ ধাৰ্য কৰিছে ৫০, ৬৫, ৩৪৫ কোটি টকা৷ এই ধাৰ্য টকাৰ উৎসসমূহ হৈছে আয়কৰ ২২ শতাংশ, ইউনিয়ন একচাইজ ৫ শতাংশ, জি এছ টি আৰু অন্য কৰ ১৮ শতাংশ, ক’ৰপৰেচন কৰ ১৭ শতাংশ, কাষ্টম ৪ শতাংশ, নঅন ডেবট কেপিটেল ৰিচিপট এক শতাংশ, ন’ন টে’ ৰিচিপটচ ৯ শতাংশ আৰু ধাৰ লোৱা আৰু অন্যান্য দায়বদ্ধতা ২৪ শতাংশ৷ ইয়াৰ পৰা স্পষ্ট যে সাধাৰণ জনতাৰ ওপৰত এইবাৰৰ বাজেটে মাধমাৰ শোধাইছে৷ বাজেটত ধাৰ্য টকা সংগ্ৰহ কৰিবলৈ সৰ্বাধিক পৰিমাণৰ আয়কৰ আৰু জি এছ টি লগ লগালে ৪০ শতাংশ হয়৷ এই বৃহৎ অংশ সাধাৰণ জনতাৰ পৰা কৰ আকাৰে সংগ্ৰহ কৰাৰ ফলত সামগ্ৰীৰ মূল্য আৰু উদ্ধৰ্গামী হ'ব৷ বিজেপি চৰকাৰৰ পৰম মিত্ৰ পুঁজিপতি গোষ্ঠীৰ পৰা মাত্ৰ ১৭ শতাংশ কৰহে সংগ্ৰহ কৰিবলৈ ধাৰ্য কৰি পুনৰ পুঁজিপতি গোষ্ঠীক সকাহ দিছে৷ সামগ্ৰিকভাবে বাজেটৰ ধনৰ ২০% ব্যয় হ'ব ঋণৰ সুদ পৰিশোধ কৰাত৷ একেদৰে ৰাইজে দিব ৪০% কৰ আৰু কৰ্পঅৰেটৰ পৰা আহিব মাত্ৰ ১৭% কৰ৷ পেঞ্চনত ৫ %, অন্য ব্যয়ত ৯%, কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিত ৯ %, ফাইনেন্স কমিচন এণ্ড আদাৰ ট্ৰান্সফাৰচত ৮ %, কৰ আৰু শুক্লৰ ৰাজ্যৰ অংশৰ বাবদ ২২% ডিফেন্সৰ বাবে ৯%, মেজৰ চাবচিডিজৰ বাবে ৬ %, কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহত ১৬%, আৰু সুত পৰিশোধত ২২% খৰচ ধাৰ্য কৰা হৈছে৷ ইয়াৰ পৰা এইটো স্পষ্ট হ'ল যে বাজেটৰ সিংহভাগ টকাৰ ২০% কেৱল ঋণৰ সুত পৰিশোধ কৰাত ব্যয় হ’ব৷ আনহাতে উন্নয়নৰ শিতানত বিশেষকৈ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিত মাত্ৰ ৮ % ধন ধাৰ্য কৰিছে৷ বাজেটখনত মধ্যবিত্ত আৰু দৰমহা ভোগী চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকলক বছৰি আয় ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিছে৷ আমি এই সিদ্ধান্তক আদৰণি জনাইছোঁ৷ কিন্তু সামগ্ৰিকভাবে বাজেটখন এখন পশ্চাদগামী বাজেট৷ কিয়নো যোৱা বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰৰ বাজেটত জনসাধাৰণৰ সামগ্ৰিক বিকাশৰ লগত জড়িত কেইবাটাও বিভাগত ব্যাপকভাৱে পুঁজি কৰ্তন কৰা হৈছে৷ তাৰ ভিতৰত বাজেটত স্বাস্থ্যত ১২৫৫ কোটি টকা, শিক্ষাত ১১৫৮৪ কোটি টকা, সমাজ কল্যাণত ১০০১৯ কোটি টকা, কৃষিত ১০৯৯২ কোটি টকা, গ্ৰাম্য উন্নয়নত ৭৫১১৩ কোটি টকা, নগৰ উন্নয়নত ১৮৯০৭ কোটি টকা, উত্তৰ পূবৰ উন্নয়নত ১৮৯৪ কোটি টকা ধাৰ্য কৰা হৈছে৷ ২০২৪-২৫ বৰ্ষত শিক্ষাত ২.৬০ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ ত ২.৫ত শতাংশ ধাৰ্য কৰা হৈছে৷ সেইদৰে পৰিবহণত ২০২৪-২৫ বৰ্ষত ১১.২৮ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ ত ১০.৮৩ শতাংশ ধাৰ্য কৰা হৈছে৷ গ্ৰাম্য উন্নয়নত ২০২৪-২৫ বৰ্ষত ৫.৫১ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ত ৫.৪ শতাংশ ধাৰ্য কৰা হৈছে৷ আই টি আৰু টেলিকমত ২০২৪-২৫ বৰ্ষত ২.৪১ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ ১.৮৮ শতাংশ ধাৰ্য কৰা হৈছে৷ ইফালে বাজেটত পিছপৰা শ্ৰেণীক উপেক্ষা কৰা হৈছে৷ বিজেপি চৰকাৰৰ দলিত, জনজাতি আৰু অ বি চি বিৰোধী চৰিত্ৰ আকৌ এবাৰ ২০২৫-২৬ বৰ্ষৰ বাজেটত প্ৰতিফলন হ’ল৷ কেইবাটাও শিতানত বিগত বৰ্ষৰ তুলনাত এইবাৰৰ বাজেটত পুঁজি কৰ্তন কৰা হ’ল৷ দৰিদ্ৰ শ্ৰেণীৰ বাবেও একো নাই বাজেটত৷ ভাৰতৰ ১৪০ কোটি মানুহৰ ভিতৰত আয়কৰ দিয়া মধ্যবিত্ত শ্ৰেণীৰ মানুহ হ’ব ৩.২ কোটি৷ বিজেপি চৰকাৰে বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলক আয়কৰৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত আমি আদৰণি জনাইছোঁ যদিও দুখেৰে প্ৰকাশ কৰিছোঁ যে নিম্ন মধ্যবিত্ত আৰু অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে বাজেটত কোনো সকাহ নাই৷ আনকি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনাত তেওঁলোকে পাই অহা মাহিলী ৫ কেজি বিনামূলীয়া চাউলৰ পৰিমাণো বৃদ্ধি নকৰিলে৷ ইফালে কেন্দ্ৰীয় বাজেটত অসমক পুনৰ উপেক্ষিত কৰা হৈছে বুলি অভিযোগ কৰি ৰিপুণ বৰাই কয় - অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মাহী আইৰ দৃষ্টি এইবাৰৰ বাজেটত আকৌ প্ৰতিফলিত হৈছে৷ নামৰূপ সাৰ কাৰখানাত এইবাৰৰ বাজেটত ১২.৮ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ বাবে নতুন প্ৰকল্প নিৰ্মাণৰ কথা কোৱা হৈছে৷ ইয়াক আমি আদৰণি জনাইছোঁ যদিও মোদী চৰকাৰে ২০১৫ চনত অনুমোদন জনোৱা এই প্ৰকল্প ১০ বছৰ পাছতহে বাজেটত অন্তৰ্ভুক্ত হ'ল৷
আনহাতে Brahmaputra valley Fertilizer corporation Ltd-এ ২০২২-২৩ চনত উৎপাদন কৰা ২.২৩ মেট্ৰিক টনৰ বিপৰীতে ২০২৩-২৪ চনত ১.৮০ লাখ মেট্ৰিক টন উৎপাদন কৰা বাবে নীতি আয়োগে এই প্ৰকল্প বন্ধ কৰিবলৈ পৰামৰ্শ দিছে৷ এই বিষয়ত কিন্তু বাজেট সম্পূৰ্ণ নিমাত আছে৷ কিন্তু ইয়াৰ বাহিৰে বাজেটত অসমৰ বাবে কোনো নতুন প্ৰকল্প, বান-গৰাখহনীয়াৰ বাবে কোনো পুঁজি ধাৰ্য কৰা নাই৷ অসমত প্ৰচুৰ কৃষিজাত সামগ্ৰী উৎপাদন সত্ত্বেও কিয় প্ৰধানমন্ত্ৰীৰ ধন ধন্য কৃষি যোজনাত অসমৰ এখনো জিলা অন্তৰ্ভুক্ত নহ’ল৷ বিহাৰৰ বাবে যেনেকৈ মাখনা বোৰ্ড গঠন কৰিছে আৰু আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ বাবে ফিচাৰী জ’ন ঘোষণা কৰিছে ঠিক তেনেদৰে মৎস্য উৎপাদনত প্ৰচুৰ সম্ভাৱনা থকা অসমতো এই ফিচাৰী জ'ন ঘোষণা কৰিব পৰা গ’লহেঁতেন উত্তৰ-পূৱৰ বাবে ডঅনাৰ মন্ত্ৰলায়লৈ এইবাৰৰ বাজেটত ৫৯১৫ কোটি টকা ধাৰ্য কৰিছে যদিও যোৱা পাঁচ বছৰত উত্তৰ-পূৱলৈ আৱণ্টিত মুঠ টকাৰ ৪৬২৫৪ কোটি টকা কৰ্তন কৰিছে৷ বিগত পাঁচ বছৰত ৩৬১০৪৭ কোটি টকা আবণ্টন কৰাৰ বিপৰীতে মোকলাই দিয়া হৈছে ৩০৪৮২০ কোটি টকা৷ কৰ্তন কৰিছে ৪৬২৫৪ কোটি টকা৷ গতিকে এইবাৰৰ বাজেটত উত্তৰ-পূৱৰ বাবে ৫৯১৫ কোটি টকা ধাৰ্য কৰাটো কোনো উৎসাহজনক বাতৰি নহয়৷ ইফালে বি টি আৰৰ বিশেষ উন্নয়ন পুঁজিৰ ১৭৪.৬৬ কোটি টকাৰ পৰা ৫০ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ আনহাতে সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত আছিল৷