Logo
image

প্ৰচাৰ শেষ, সকলোৱে দিলে গেৰাণ্টী

আমাৰ অসম, ৫ এপ্ৰিলঃ নিৰ্বাচনী বতৰত ৰাজ্যত এতিয়া গেৰাণ্টিৰ উজান উঠিছে৷ অসমলৈ যিয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে সিয়ে ৰাজ্যবাসীক দি গৈছে বিভিন্ন ধৰণৰ চমকলগা গেৰাণ্টি৷ বাস্তৱৰ লগত কোনো সম্পৰ্ক নথকা গেৰাণ্টিও দিছে বহুতে৷ অন্যতো বাদেই খোদ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে বৰপেটা ৰোডত দলৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী শংকৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দি গ’ল কেতবোৰ অদ্ভূদ গেৰাণ্টি৷ নিজৰ ভাষণত মহাপুৰুষ শংকৰ দেৱ আৰু মাধবদেৱৰ নাম বাৰম্বাৰ উল্লেখ কৰাৰ উপৰিও অম্বিকাগীৰি ৰায়চৌধুৰীৰ প্ৰসংগত টানি আনে৷ কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসমবাসীক ৫টা গেৰাণ্টি দি কয়–অসমক বানমুক্ত কৰা হ’ব৷ অসমক আন্দোলন মুক্ত কৰা হ’ব৷ অসমৰ প্ৰতিগৰাকী ছাত্ৰীক বিজেপি চৰকাৰে স্কুটী দিব৷ গুৱাহাটীক দক্ষিণ পশ্চিম এছিয়াৰ ষ্টাট আপ চিটি হিচাপে গঢ়ি তোলা হ’ব৷ বন্ধ হৈ থকা অসমৰ সকলো সাৰ কাৰখানা আৰু কাগজ কল মুকলি কৰা হ’ব৷ উল্লেখ্য যে অসমক অহা ৫ বছৰত অসমক বানমুক্ত কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ আশে পাশে ডাঙৰ ডাঙৰ সৰোবৰ আৰু পুখুৰী খান্দি ব্ৰহ্মপুত্ৰক এই সৰোবৰ আৰু পুখুৰী সমূহেৰে সংযোগ কৰা হ’ব ব্ৰহ্মপুত্ৰৰ বানৰ পানী ইয়ালৈ বোৱাই অনাৰ দৰে অদ্ভূত আৰু কল্পনা প্ৰসূত পৰিকল্পনা ৰাজ্যবাসীৰ সন্মুখত দাঙি ধৰে অমিত শ্বাহে৷ বিগত পাঁচ বছৰত অসমত এটাও আন্দোলন নোহোৱা বুলিও তেওঁ ভাষণত দাবী কৰে৷ অসমৰ প্ৰতিখন গাঁৱক মডেল গাঁও হিচাপে গঢ় দিয়া, ১০ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ দৰে প্ৰতিশ্ৰুতিও দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ উল্লেখ্য যে ইতিমধ্যে কংগ্ৰেছ দলে ৫টা গেৰাণ্টি ৰাজ্যবাসীৰ প্ৰতি আগবঢ়াইছে৷ এই ৫টা গেৰাণ্টিকে মূলতঃ সন্মুখত ৰাখি কংগ্ৰেছ দলে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ ‘কা’ বলবৎ হ’বলৈ নিদিয়া, ৫ বছৰত ৫ লাখ চৰকাৰী চাকৰি, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকা কৰা, বিদ্যুৎ মাছুল ২০০ ইউনিটলৈ বিনামূলীয়া কৰা, প্ৰতিগৰাকী গৃহিনীক মাহে ২ হাজাৰকৈ টকা দিয়াৰ গেৰাণ্টি দিছে কংগ্ৰেছ দলে৷