
অমৃত ভাৰত আহিব, বন্দে ভাৰতৰ সংখ্যা বাঢ়িব
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩ ফেব্ৰুৱাৰীঃ উত্তৰ-পূবৰ ৰে’ল খণ্ডৰ বাবে ধাৰ্য কৰা হৈছে ১০,৪৪০ কোটি টকা৷ এই কথা ঘোষণা কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ বৈষ্ণৱে ঘোষণা কৰা মতে, পৰিকল্পনা অনুসৰি কেইবাখনো ‘অমৃত ভাৰত’ ৰে’ল চলাচল কৰোৱা হ’ব আৰু ‘বন্দে ভাৰত’ ৰে’লৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷ উল্লেখ্য, ভাৰতীয় ৰে’লৱেৰ বাবে ২০২৫-২৬ বৰ্ষৰ বাজেটত আৱণ্টন কৰা পুঁজিৰ সন্দৰ্ভত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ কৰ্মীসকলৰ সৈতে ভাৰ্চুৱেল সংবাদ মেলত মিলিত হয়৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ) ৰ মহাপ্ৰবন্ধক অৰুণ কুমাৰ চৌধুৰী আৰু সদৰ কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গও উপস্থিত আছিল৷ সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি ৰে’ল মন্ত্ৰীয়ে কয়– ‘একেৰাহে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ৰে’লৰ বাবে বাজেটত মুঠ ২.৬৫ লাখ কোটি টকাৰো অধিক ৰাশিৰ মূলধনী ব্যয় ধাৰ্য কৰা হৈছে৷ ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশতে দ্ৰুত, সুৰক্ষিত আৰু আৰামদায়ক ৰে’ল যাত্ৰা সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে৷ আগন্তুক দিনত ২০০ খন নতুন বন্দে ভাৰত ৰে’ল, ১০০ খন অমৃত ভাৰত ৰে’ল আৰু ৫০ খন দ্ৰুত নমো ভাৰত ৰে’লৰ চলাচল আৰম্ভ কৰা হ’ব৷ এই ৰে’লসমূহে অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যক সামৰি ল’ব৷ এই নতুন ৰে’ল আৰু আধুনিক ডবাসমূহে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সেৱা আগবঢ়োৱাত যথেষ্ট সহায় কৰিব৷ সুৰক্ষা বৃদ্ধিৰ বাবে ১,০০০খন নতুন ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হ’ব৷ অসমসহ উত্তৰ-পূৰ্ব্বাঞ্চলত ২০১৪ বৰ্ষৰ পৰা ১, ৮২৪ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে, যি শ্ৰীলংকাৰ সমগ্ৰ ৰে’ল নেটৱৰ্কতকৈ অধিক৷ ২০১৪ বৰ্ষৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত ৪৭৮খন নতুন ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হয়৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেত ‘কৱচ’ ৰূপায়ণৰ বাবে মুঠ ১,১৮৯ কিলোমিটাৰ পথ চিনাক্ত কৰা হৈছে৷ অসমৰ পৰা ভূটানলৈ ৰে’লপথ নিৰ্মাণৰ কামো আৰম্ভ কৰা হ’ব৷’ অৱশ্যে ভাৰত-বাংলাদেশ ৰে’লসেৱা সন্দৰ্ভত কোনো মন্তব্য নিদিলে ৰে’লমন্ত্ৰীয়ে৷ সংবাদ মেলত এনএফ ৰে’লৱেৰ দুয়োজন মহাপ্ৰবন্ধকে কয়– ‘অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৯২ টা ষ্টেচন আধুনিকীকৰণ কৰা হ’ব৷ উত্তৰ পূব সীমান্ত ৰে’লৱে অধিক্ষেত্ৰৰ অধীনৰ সকলো ৰে’লপথৰ বৈদু্যতিকৰণৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ মিজোৰামৰ ভৈৰবী-ছাইৰাং প্ৰকল্পটোও এই বছৰৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে মুঠ বাজেট আৱণ্টন হৈছে ১০,৪৪০ কোটি টকা৷ ইয়াৰ পূৰ্বে ২০০৯-১৪ বৰ্ষত গড় বাজেট আৱণ্টন ২,১২২ কোটি টকাৰ তুলনাত ই প্ত গুণতকৈও অধিক৷ শৰাইঘাটৰ পুৰণি দলঙৰ বহু ঠাইত ফাঁট মেলিছে৷ যাৰ বাবে নতুন দলঙৰ কাম আৰম্ভ কৰা হ’ব৷ দীপৰ বিলৰ ৰে’লপথেৰে হাতী অহা যোৱা কৰা বাবে তাত এটা বিকল্প ৰে’লপথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব৷’
‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিৰ সংযোজনঃ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰে’লৱে শিতানত ১০,৪৪০ কোটি টকা ধাৰ্য কৰা হৈছে৷ নতুন দিল্লীত সোমবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰী কৰে৷ মন্ত্ৰী বৈষ্ণৱৰ দাবী– প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যোগাযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিবৰ্তন হৈছে৷ ইউ পি এৰ কাৰ্যকালত ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে ৰে’ল বাজেটত উত্তৰ-পূৰ্বাঞ্চলক মাত্ৰ ২,১২২ কোটি টকা দিয়া হৈছিল৷ এতিয়া এবছৰতে ইয়াৰ পাঁচগুন ধনৰাশি দিয়া হৈছে৷ ২০১৪ চনৰ পৰা এতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰৰ নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে৷ উক্ত সময়ছোৱাত ১৪৬ কিলোমিটাৰৰ ৰে’লপথৰ বৈদু্যতিকৰণৰ কামও সম্পন্ন হৈছে৷ ৰে’লমন্ত্ৰীজনে প্ৰকাশ কৰা মতে, এই মুহূৰ্তত উত্তৰ-পূৰ্বাঞ্চলত ১,৩৬৮ কিলোমিটাৰব্যাপী ৭৪,৯৭২ কোটি টকাৰ ১৮ টা প্ৰকল্পৰ কাম নিৰ্মীয়মান অৱস্থাত আছে৷