
বাজেটক লৈ ধন্যবাদ জনাবলৈ মোদী, নিৰ্মলাৰ কাষত মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বাজেটত নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ ঘোষণাত ধন্যবাদ জনাবলৈ সোমবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে৷ সংসদ ভৱনত হোৱা সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন ৰূপটোয়ে অসমৰ উন্নয়নৰ যাত্ৰাৰ গতিপথ সলনি কৰিব বুলি আশা ব্যক্ত কৰে৷ পাছত সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীজনে কয় যে আৰু কেইটামান দিন পিছত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া এডভাণ্টেজ অসমকলৈও নৰেন্দ্ৰ মোদীৰ সৈতে আজি আলোচনা হয়৷ তদুপৰি ঝুমুৰ নৃত্যৰ মহা প্ৰদৰ্শনীৰ বিষয়তো মুখ্যমন্ত্ৰীজনে প্ৰধানমন্ত্ৰীক সবিশেষ অবগত কৰে৷ উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰাৰ কথা৷ একেদৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া ঝুমুৰ নৃত্যৰ মহা প্ৰদৰ্শনীও তেওঁ উপভোগ কৰিব৷
প্ৰধানমন্ত্ৰীক সাক্ষাতকালত তেওঁৰ পৰা মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিষয়ত দিহা পৰামৰ্শও গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীজনে সংসদ ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমকো সাক্ষাত কৰি নামৰূপ সাৰ কাৰখানৰ নতুন গোটৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শণিবাৰে দেশৰ ইতিহাসত অন্যতম সাধাৰণ বাজেট দাখিল কৰাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীক অভিনন্দন জ্ঞাপন কৰে৷ দেশৰ মধ্যবিত্ত শ্ৰেণী আৰু সৰু ব্যৱসায়ী সকলক কেন্দ্ৰ বিন্দুত থৈহে এই বাজেট প্ৰস্তুত কৰা হৈছে সেই কথা ডঃ শৰ্মাই সীতাৰমনৰ ওচৰত ব্যক্ত কৰে৷ আনহাতে তেওঁৰ অনুৰোধ মৰ্মে এডভাণ্টেজ অসমৰ অন্তিম অধিবেশনত বিত্তমন্ত্ৰী গৰাকীয়ে অংশ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক তেওঁ চৰকাৰী বাসভৱনত সাক্ষাত কৰি এডভাণ্টেজ অসমকলৈ আলোচনাত মিলিত হয়৷ বাণিজ্য সন্মিলনৰ ‘ৰোল অফ আই-ৱেজ ইন বিকশিত অসম’ শীৰ্ষক অধিবেশনত সিন্ধিয়াই অধ্যক্ষতা কৰাৰ বাবে আজিৰ সাক্ষাতকালত সন্মতি প্ৰদান কৰে৷ উক্ত অধিবেশনে অসমত ইনফৰমেচন হাইৱেজ স্থাপনৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব বুলি ডঃ শৰ্মাই আশা ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰীজনে আজি সংসদ ভৱনত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীকো সাক্ষাত কৰি এডভাণ্টেজ অসমত অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰা মতে, মন্ত্ৰী পুৰীয়ে এডভাণ্টেজ অসমৰ ‘হাইড্ৰকাৰ্বন আৰু শক্তি’ শীৰ্ষক অধিবেশনত উপস্থিত থাকিব৷