
দিগম্বৰ বাবা পথলৈ ওলাই আহিব নালাগিছিল ! সাহিত্য সভাৰ সভাপতিৰ ভাষ্য
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ফেব্ৰুৱাৰীঃ জৈন ধৰ্মৰ ধৰ্মগুৰু দিগম্বৰ বাবাৰ ‘উলংগ’ পদযাত্ৰাক লৈ বীৰ লাচিত সেনাই প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামীয়ে৷ যোৰহাটৰ ৰাজপথেৰে দিগম্বৰ জৈন বাবাৰ ‘উলংগ’ সমদল গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰি ধৰ্মীয় পৰম্পৰা তেওঁলোকৰ নিজৰ মাজতে সীমাবদ্ধ ৰখাটো উচিত আছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে৷ ধৰ্মগুৰুগৰাকীৰ ‘উলংগ’ পদযাত্ৰাক লৈ প্ৰতিবাদ কৰা বীৰ লাচিত সেনা আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যকেইজনক গ্ৰেপ্তাৰ কৰা কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰি সোমবাৰে ড॰ বসন্ত কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘ধৰ্মৰ লগত সম্প্ৰদায় যোগ হ’লেই ই ব্যাধি হৈ পৰে৷ যোৰহাটত উলংগ সমদলটো তেওঁলোকৰ নিজস্ব বন্ধনৰ ভিতৰতে থাকিব লাগিছিল৷ বন্ধনৰ বাহিৰলৈ যাব নালাগিছিল৷ কাৰণ পৃথিৱীৰ প্ৰতিগৰাকী ধৰ্মগুৰুৱেই সেয়া শদিয়াৰ পৰা ধুবুৰীলৈ হওঁক বা বিশ্বৰে হওঁক, তেওঁলোক হৈছে মানৱতাবাদী৷ অৰ্থাৎ মানুহক ভাল পায়৷ সেইবাবে মানুহক ভাল পোৱা এজন বাবাই মানুহক অপমান কৰাৰ কোনো অধিকাৰ থাকিব নোৱাৰে৷ এইটো তেওঁলোকৰ ধৰ্মৰ ভিতৰুৱা কথা৷ সামূহিকভাৱে কোনো এখন ৰাজ্য বা চহৰৰ মাজেৰে সমদল কৰাটো উচিত হোৱা বুলি মই ভবা নাই৷ কিন্তু প্ৰতিবাদ কৰাসকলক আৰক্ষীয়ে কিয় কৰায়ত্ত কৰিলে মই ধৰিব পৰা নাই৷ মই ভাবো প্ৰতিবাদ কৰাসকলক কৰায়ত্ত কৰিব নালাগে৷ মানুহক সদায় এটা বস্তুৱে মানুহ হিচাপে ৰক্ষা কৰি থাকে৷ সেয়া হৈছে লজ্জাবোধ৷ এজন উলংগ বাবা যেতিয়া ৰাজপথেদি গৈ থাকে, তেতিয়া স্বাভাৱিকতেই ধৰ্মীয় কথাটো সৰ্বসাধাৰণ মানুহৰ মনলৈ নাহে৷ সেই কথাটো যদিহে কোনোবাই আগতীয়াকৈ বুজাই দিলেহেঁতেন, তেনেহ’লে বেলেগ কথা আছিল৷ এনেকুৱা এটা ধৰ্মীয় পৰম্পৰা নিজৰ সীমাৰ মাজতে ৰাখিব লাগে বুলি মই ভাবো৷ কিন্তু আৰক্ষী-প্ৰশাসনে প্ৰতিবাদ কৰাৰ বাবে কাৰোবাক গ্ৰেপ্তাৰ কৰাটো উচিত হোৱা নাই৷’ উল্লেখ্য, যোৰহাটৰ ৰাজপথত দিগম্বৰ বাবাৰ ‘উলংগ’ পদযাত্ৰাক লৈ প্ৰতিবাদ কৰা বীৰ লাচিত সেনা আৰু যুৱ ছাত্ৰ পৰিষদৰ যোৰহাটৰ ৭ জন নেতাক গুৱাহাটীৰ লতাশিল থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখাৰ ঘটনাক লৈ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠন দুটাই৷ সোমবাৰে বীৰ লাচিত সেনাই প্ৰতিখন জিলাতে অৱস্থান গ্ৰহণ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৭ জন সদস্যক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়৷ খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধ কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰৰে ভুৱা গোচৰত বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰি নিৰ্যাতন চলোৱা বুলিও অভিযোগ কৰে সংগঠনটোৱে৷ দিগম্বৰ বাবাৰ সমদলৰ বিৰোধিতা কৰাৰ বাবে গুৱাহাটীৰ লতাশিল আৰক্ষীয়ে ২০২৪ চনৰ এটা পুৰণি গোচৰত লাচিত সেনাৰ যোৰহাটৰ আদিত্য পানীফুকন, সুজিত দত্ত, প্ৰশান্ত দত্ত, ভবেন দুৱৰা আৰু পাৰ্থপ্ৰতীম দত্তৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ বিতু শইকীয়া আৰু মণ্টু দত্তক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰাখিছে৷
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বিনাবস্ত্ৰে যোৰহাট ভ্ৰমণলৈ আহি মহিলাৰে পৰিৱেষ্টিত হৈ দিগম্বৰ জৈনৰ দুজন ধৰ্মগুৰুৱে সমদলত অংশগ্ৰহণ কৰা ঘটনাই আজিও নগৰখন উত্তাল কৰি ৰাখিছে৷ উলংগ বাবাক লৈ উলিওৱা সমদলৰ প্ৰতিবাদ কৰা বাবেই বীৰ লাচিত সেনাৰ কৰ্মীসহ মুঠ সাতজন লোকক গ্ৰেপ্তাৰ কৰে৷ তেওঁলোকক এটা ভুৱা গোচৰত জড়িত কৰি গুৱাহাটীত বন্দী কৰি ৰখাৰ ঘটনাই জীয়া জুইত ঘিউ ঢালিছে৷ ধৃত প্ৰতিবাদকাৰী কেইজনক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত আজি বীৰ লাচিত সেনা অসমে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৰহাটতো বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব হৰ কুমাৰ গগৈ, যুটীয়া সাংগঠনিক সচিব মৃণাল কুমাৰ দত্ত আৰু যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱৰাৰ নেতৃত্বত সংগঠনটোৰ নেতা-কৰ্মীসকলে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতীকী অৱস্থান ধৰ্মঘট পালন কৰে৷ প্ৰতিবাদকাৰীসকলে খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধ কৰিবলৈ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ আৰু সাতজনকৈ নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ প্ৰতিবাদ জনায়৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে যোৰহাট জিলাৰ আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ স্মাৰকপত্ৰত ধৃত সাতজন আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়৷ উল্লেখ্য, গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সচিব সুজিত দত্তৰ পত্নী সন্তান সম্ভৱা হৈ আছে৷ এনে অৱস্থাত স্বামী কাৰাগাৰত থাকিবলগীয়া হোৱাত তেওঁৰ পত্নী উদ্বিগ্ন হৈ পৰিছে৷ সেয়ে তেওঁৰ স্বামীক তৎকালে মুক্তি দিবলৈ সংশ্লিষ্ট সকলৰ প্ৰতি কাতৰে আহ্বান জনাইছে৷ ইফালে ঠাণ্ডা বতৰত আটাইকেইজন বন্দী প্ৰতিবাদকাৰীয়ে অতি কষ্টেৰে কাৰাগাৰত দিন অতিবাহিত কৰিবলগীয়া হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
অসম সাহিত্য সভাৰ বিভিন্ন বঁটা ঘোষণা
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কৈলাস চৌধুৰী আৰু কিশোৰ শিৱম আমাৰ অসমঃ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত সোমবাৰে অসম সাহিত্য সভাৰ বিভিন্ন বঁটাসমূহ ঘোষণা কৰা হয়৷ ভট্টদেৱ ক্ষেত্ৰৰ অস্থায়ী প্ৰেক্ষাগৃহত সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই সম্বোধন কৰা এক সংবাদ মেলত মঙলবাৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন বঁটা আৰু প্ৰাপকৰ নাম ঘোষণা কৰে বিদায়ী সভাপতি সূৰ্যকান্ত হাজৰিকাই৷ ৪ ফেব্ৰুৱাৰীৰ বিয়লি ৪.৩০ বজাত অধিৱেশনথলীৰ মূল মঞ্চত প্ৰদান কৰিবলগীয়া বঁটাসমূহ হৈছে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ‘অসমীয়া ভাষাৰ আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্ৰসংগ’ গ্ৰন্থৰ বাবে নীলমণিসেন ডেকাক, গীত, কবিতা, নাটিকা, উপন্যাস আদিৰ ৰচনা সম্ভাৰৰ বাবে যোৰহাটৰ নলিনীবালা হাজৰিকাক বাসন্তী বৰদলৈ বঁটা, ‘অসমৰ আদি ৰূপ প্ৰাগজ্যোতিষপুৰ, লৌহিত্য আৰু কামৰূপ কমতা’ গ্ৰন্থৰ বাবে পাচুগোপাল চক্ৰৱৰ্তীক সীতানাথ ব্ৰহ্মচৌধুৰী সোঁৱৰণী বঁটা, ‘গান্ধীৰ দুখৰ দিনবোৰ, গান্ধীৰ পৰা শাস্ত্ৰীলৈ’ গ্ৰন্থৰ বাবে জয়কান্ত শৰ্মাক ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা, ‘উৰি গ’ল ৰাজহংস’ উপন্যাসৰ বাবে প্ৰমোদ কলিতাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ‘দেশ দিপান্তৰে নানা কথা’ গ্ৰন্থৰ বাবে সুমিত্ৰা হাজৰিকাক হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা, অপৰাজিতা পূজাৰীক ‘মদাৰ ফুলৰ জুই’ গ্ৰন্থৰ বাবে গিৰিধৰ শৰ্মা বঁটা, অদিতি খাউণ্ডক সামগ্ৰিক শিশু উপযোগী গ্ৰন্থৰ বাবে প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা, চন্দনা পাঠকক ‘পান্থশালা’ গ্ৰন্থৰ বাবে নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা, ‘অসমৰ কিংবদন্তি’ গ্ৰন্থৰ বাবে হৰিদ্ৰ মোহন নাথক দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা, ডাঃ শংকৰ কুমাৰ দাসক ‘বাৰ্ধক্যও সুন্দৰ হ’ব পাৰে’ গ্ৰন্থৰ বাবে গোপালচন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা, বালিপৰা ফাউণ্ডেশ্যনৰ লাৱণ্য প্ৰিণ্টিং প্ৰেছ, গুৱাহাটীৰ অৰ্কিড অৱ আছামক ‘হৰিপ্ৰসাদ নেওগ মুদ্ৰণ অলংকৰণ বঁটা’, ‘গ্ৰন্থ গান্ধাৰী’ কাব্য সংকলনৰ বাবে ড॰ নীলোৎপল শৰ্মাক উগ্ৰতাৰা ন্যাস বঁটা, গুৱাহাটীৰ বেদব্ৰত দেৱমিশ্ৰক ‘লেং’ গ্ৰন্থৰ বাবে ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা, চন্দনা বেজবৰুৱাক ‘অমানুহ’ গ্ৰন্থৰ বাবে উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা, দেৰগাঁৱৰ জ্যোতি কুমাৰী শৰ্মাক ‘ধেমালিৰ চলেৰে বিজ্ঞানৰ ইটো সিটো’ গ্ৰন্থৰ বাবে অনিল কুমাৰ শৰ্মা সোঁৱৰণী বিজ্ঞান সাহিত্য বঁটা, ভৰত ৰাজখোৱাক ‘সহযোদ্ধা’ গ্ৰন্থৰ বাবে কুমাৰ কিশোৰ সোঁৱৰণী বঁটা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী আকাংক্ষা তামুলীক ‘ধ্ৰুপদী অসমীয়া ভাষাঃ সম্ভাৱনা আৰু প্ৰত্যাহ্বান’ ৰচনাৰ বাবে অসম সংঘ আমেৰিকা বঁটা, শিৱসাগৰৰ ডিমৌৰ অভিজিৎ গগৈক কাব্যশ্ৰী হাজৰিকা ন্যাস বঁটা৷ একেটা অনুষ্ঠানতে ‘সৃষ্টিশীল, গৱেষণাধৰ্মী আৰু বিশ্লেষণাত্মক সাহিত্য সাধকক অনুপ্ৰাণিত কৰিবৰ বাবে অসম সাহিত্য সভাৰ সভাপতিয়ে পাঁচজন প্ৰতিশ্ৰুতিসম্পন্ন, প্ৰতিভাৱান কবি, লেখক, সমালোচকক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা প্ৰদান কৰিব৷ ২০২৩-২৫ বৰ্ষৰ বাবে সমালোচনা সাহিত্য ‘চিৰদিন অসমীয়া’ৰ বাবে ময়ূৰ বৰাক, ‘অ’ মোৰ সুৱদি মাত’ গ্ৰন্থৰ বাবে ভৱানীপ্ৰসাদ অধিকাৰীক, ‘অসমৰ ঐতিহ্য’ গ্ৰন্থৰ বাবে শান্তনু কৌশিক বৰুৱাক, গৱেষণাধৰ্মী গ্ৰন্থ ‘অসমৰ যাত্ৰা অভিনয়ৰ ইতিহাস’ৰ বাবে ধীৰেন শৰ্মাক, ‘ভাষাৰ মৰণ যাত্ৰা’ প্ৰবন্ধৰ বাবে ড॰ সীমা বৰাক, ‘সোমদিৰি নৈ জীৱন ঘাট’ উপন্যাসৰ বাবে সোণমণি দাসক আৰু ‘শ্বহীদ কনকলতা আৰু অন্যান্য’ গ্ৰন্থৰ বাবে গহপুৰৰ বৰ্ণালী শইকীয়াক ‘অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা’ প্ৰদান কৰা হ’ব৷ সংবাদ মেলতে অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে মঙলবাৰে প্ৰদান কৰিবলগীয়া বিভিন্ন সাংগঠনিক বঁটা আৰু প্ৰাপকৰ নাম ঘোষণা কৰে৷ সেই অনুসৰি বঁটাসমূহ এনেধৰণৰ– জিলা সাহিত্য সভাৰ ওদালগুৰি জিলা সাহিত্য সভাক সৰ্বশ্ৰেষ্ঠ জিলা সাহিত্য সভা; কাৰ্বি আংলং জিলা সাহিত্য সভা, কামৰূপ জিলা সাহিত্য সভা আৰু গোৱালপাৰা জিলা সাহিত্য সভাক শ্ৰেষ্ঠ জিলা; গোৱিন্দ মিশ্ৰ শাখা সাহিত্য সভাক সৰ্বশ্ৰেষ্ঠ শাখা সাহিত্য সভা; শদিয়া শাখা সাহিত্য সভা, আইশাখাতি শাখা সাহিত্য সভা আৰু টীয়ক শাখা সাহিত্য সভাক শ্ৰেষ্ঠ শাখা সাহিত্য সভা; গ্ৰেট বৃটেইনৰ অসম সাহিত্য সভা যুক্তৰাজ্য শাখা, অসম সাহিত্য সভা নতুন দিল্লী শাখা, অসম সাহিত্য সভা আহমেদাবাদ শাখা, লিডু শাখা সাহিত্য সভা, সৃজনগ্ৰাম শাখা সাহিত্য সভা আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাক শাখা সাহিত্য সভাৰ বিশেষ বঁটা; সংগঠকৰ বঁটাত যোৰহাটৰ ক্ষীৰোদ দাসক সৰ্বশ্ৰেষ্ঠ সংগঠক; লিডুৰ ৰাণাজ্যোতি নেওগ, গোলাঘাটৰ দিগন্ত ভূঞা, মুম্বাইৰ ৰুমা হাজৰিকা, নলবাৰীৰ পংকজ বেজবৰুৱা, ওদালগুৰিৰ অখিল কলিতা আৰু বৰপেটাৰ গিৰিধৰ চৌধুৰী, শ্ৰেষ্ঠ সংগঠক; ডাঃ বিপিন চন্দ্ৰ কলিতা, গৌতমানন্দ গোস্বামী গৌতম গগৈ, গোৱিন্দ কলিতা আৰু প্ৰমোদ ডেকাক সংগঠকৰ বিশেষ বঁটা; প্ৰফুল্ল বৰ্মন, সত্ৰাম ডেকা আৰু বিশ্বজ্যোতি হাজৰিকাক শ্ৰেষ্ঠ সম্পাদক; প্ৰবীণ হাজৰিকা, অৰুণিমা সন্দিকৈ আৰু সূৰ্য গগৈক জিলা প্ৰতিনিধি বঁটা; অজয় সিংহ, আজাদ আলী আহমেদ আৰু অপূৰ্ব ফুকনক শ্ৰেষ্ঠ সাংগঠনিক সম্পাদক; ডাঃ সমৰ তালুকদাৰক সৰ্বশ্ৰেষ্ঠ আহ্বায়ক; দিলীপ শৰ্মা, অজিত প্ৰসাদ শৰ্মা, মঞ্জু হাজৰিকা আৰু হেমন্ত কলিতাক শ্ৰেষ্ঠ আহ্বায়ক; মহেন্দ্ৰ শইকীয়া, কামদেৱ দাস আৰু ড॰ ইন্দ্ৰজিৎ বেজবৰুৱাক জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ সভাপতি; জিতুমণি দাস, ৰজনী শালৈ আৰু ৰেৱত কুমাৰ হাজৰিকাক শ্ৰেষ্ঠ জিলা সম্পাদক বঁটা প্ৰদান কৰা হ’ব৷ মৃণালিনী দেৱীক প্ৰথমবাৰৰ বাবে ‘অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্ৰাণ’ সন্মান আৰু নৃপেন্দ্ৰ কুমাৰ ভাগৱতীক ‘অসম সাহিত্য সভা সেৱা সন্মান’ প্ৰদান কৰা হ’ব৷
মুকলি মঞ্চত লোক-সাংস্কৃতিক সমাৰোহ
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কৈলাস চৌধুৰী আমাৰ অসমঃ বিগত তিনিদিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ হৈ যোৱাৰ পাছত আজি চতুৰ্থ দিনা মুকলি মঞ্চত অনুষ্ঠিত হয় অন্যতম গুৰুত্বপূৰ্ণ আলোচনাৰ কাৰ্যসূচী লোক সাংস্কৃতিক সমাৰোহ৷ দিনৰ প্ৰায় ৰ বজাত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত, প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই আঁত ধৰা তথা উদ্যাপন সমিতিৰ আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক তথা পদ্মশ্ৰী সন্মানপ্ৰাপক অধ্যাপক অনিল বড়োৱে আলোচনা-সত্ৰ উদ্বোধন কৰি ভাষণ প্ৰসংগত কয় আমাৰ সংস্কৃতিৰ স্বকীয়তা একে৷ সকলো লোক-সংস্কৃতি স্থানীয় ভাষাৰ দ্বাৰা পৰিচালিত৷ অসম সাহিত্য সভাই বিভিন্ন লোক-সংস্কৃতি সংগ্ৰহ কৰি প্ৰকাশৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও লোকসংস্কৃতি মিউজিয়ামত সজাই থোৱা বস্তু নহয়৷ আমাৰ লোক-সংস্কৃতি এটা অঞ্চলৰ স্বাভিমানৰ সৈতে জড়িত৷ লোক-সংস্কৃতিৰ প্ৰধান চৰ্ত হ’ল খেতিপথাৰ আৰু খেতিপথাৰৰ অবিহনে পৰম্পৰাগত লোক-সংস্কৃতি সৃষ্টি হোৱাটো সম্ভৱ নহয় বুলি মন্তব্য কৰে৷ জ্ঞানৰ নগৰী বজালীৰ ভট্টদেৱ ক্ষেত্ৰৰ মুকলি মঞ্চত আয়োজন কৰা এই আলোচনা-সত্ৰৰ সঞ্চালনা কৰি অসম জনকৃষ্টি সমাজ তথা শৈক্ষিক কলাগুৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক মৃণাল কুমাৰ বৰাই কয় ১৯৭২৬ তে পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত লোক-সংস্কৃতিৰ চৰ্চা আৰম্ভ হৈছিল আৰু ই সম্প্ৰতি এডাল বটবৃক্ষলৈ পৰিণত হৈছে য’ত নৱ-প্ৰজন্মই লোক-সংস্কৃতি বিষয়ৰ গৱেষণা কৰাৰ সুবিধা লাভ কৰিছে বুলি মন্তব্য কৰে৷ অধ্যাপক বৰাই লোক-সংস্কৃতিৰ বিদ্যায়তনিক আলোচনা বৰ বেছিদিন হোৱা নাই বুলি উল্লেখ কৰি ১৯১১চনত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুখনৰ জৰিয়তে লোক-সংস্কৃতিৰ চৰ্চাৰ মাইলৰ খুঁটি হিচাপে ধৰিব পাৰি সঞ্চালকৰ আসনৰ পৰা মন্তব্য কৰে৷ আলোচনা-সত্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লোক-সংস্কৃতিবিদ, সাহিত্যিক ড॰ বিজয় কুমাৰ শৰ্মাই লোক-সংস্কৃতিক লোকজীৱনৰ আত্মা বুলি উল্লেখ কৰি সংস্কৃতিক অভিজাত সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি হিচাপে দুই প্ৰকাৰত বিভক্ত কৰিব পাৰি বুলি মতপোষণ কৰি বিস্তৃতভাৱে ব্যাখ্যা কৰে৷ লোক-সংস্কৃতি জনজীৱনৰ মাজত প্ৰচলিত হৈ অহাৰ কথা উল্লেখ কৰি জনজীৱনৰ বহুতো কথা লোক-সংস্কৃতিৰ মাজত সোমাই আছে আৰু গীতৰ মাজত এনেকুৱা শক্তি আছে যিয়ে লোকজীৱনক সমৃদ্ধ কৰা বুলিও ড॰ শৰ্মাই মন্তব্য কৰে৷ তদুপৰি, সংস্কৃতিক ভিন ভিন দিশত বিভক্ত কৰি ইয়াক মৌখিক বা লোক-সাহিত্যৰ সংস্কৃতি, ভৌতিক সংস্কৃতি, লোকপ্ৰথা সংস্কৃতি, লোক পৰিৱেশ্য কলাৰ সংস্কৃতিত বিভক্ত কৰা হৈছে বুলি আটাইকেইটা বিষয়ৰে বিস্তৃতভাৱে ব্যাখ্যা কৰে৷ অনুষ্ঠানত আন এজন আলোচক অমিয় কুমাৰ দাস মহাবিদ্যালয়, ঢেকীয়াজুলিৰ অধ্যক্ষ ড॰ শুকদেৱ অধিকাৰীয়ে লোক-সংস্কৃতি জীয়াই থাকিবলৈ খাদ্য, পোছাক, বস্ত্ৰ এই তিনিটা বস্তু প্ৰয়োজন বুলি উল্লেখ কৰি সাম্প্ৰতিক সময়ত সংস্কৃতিৰ লগত বহুতো নতুন নতুন বস্তুৰ সমাহাৰ ঘটিছে৷ ঠাইবিশেষে লোক-সংস্কৃতিৰ প্ৰকাৰ বেলেগ বেলেগ বুলি উল্লেখ কৰি লোক-সংস্কৃতিক জীয়াই ৰাখিবলৈ নৱ-প্ৰজন্মই নিজৰ মাতৃভাষাক ভালদৰে আদৰি ল’ব লাগিব বুলিও মন্তব্য কৰে ড॰ অধিকাৰীয়ে৷ গীত আৰু কথাৰ ৰসাল ভাষণেৰে আপ্লুত কৰি তোলা আলোচনা-সত্ৰত লোক-সংস্কৃতি ক্ষতি হ’লে সমাজৰো ক্ষতি হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
বুৰঞ্জী সন্মিলনত ‘বৰ্ণিল বজালী’ উন্মোচন
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কিশোৰ শিৱম আৰু কৈলাস চৌধুৰী আমাৰ অসমঃ ভাৰত শব্দই মন ৰোমাঞ্চিত-আনন্দিত আৰু আবেগিক কৰি তোলে৷ বৃটিছে জাপি দিয়া ইণ্ডিয়া শব্দই আমাৰ মনত কোনো ক্ৰিয়াৰ সৃষ্টি নকৰে৷ বৰঞ্চ অক্সফোৰ্ড অভিধানত সন্নিবিষ্ট ইণ্ডিয়া শব্দৰ অৰ্থ জানিলে আপোনাৰ মন ঘৃণাত কোচ খাই যাব৷ এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ নিৰঞ্জন কলিতাৰ৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিনা পুৱা দহ বজাত প্ৰাচীন কামৰূপৰ ঐতিহ্য শীৰ্ষক বুৰঞ্জী সন্মিলনত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড॰ গজেন্দ্ৰ নাথ অধিকাৰীৰ সঞ্চালনাত অনুষ্ঠিত বুৰঞ্জী সন্মিলনত আলোচক হিচাপে অংশগ্ৰহণ কৰি তেওঁ কয় যে, আমাৰ মাজত বহুলভাৱে প্ৰচলিত প্ৰাগ ঐতিহাসিক বুলি কোনো কথা নাই, এয়া বিদেশী ৰাষ্ট্ৰৰ এজেণ্টৰূপী এচাম ভাৰতীয়ৰহে সৃষ্টি৷ ইয়াৰ বিপৰীতে আমাৰ মন-মগজু যিমান দূৰলৈ শিপাব পাৰি তাৰ মন্থন কৰাটো যুগুত৷ জম্বুদ্বীপ বা ভাৰতবৰ্ষৰ লগত বহু যুগৰ পৰাই অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধৰ্মীয় আদি দিশত ঐক্য আছে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, কামৰূপ ৰাজ্য বহু পুৰণি, এই কথা কামৰূপত উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰলিপি আদিয়ে প্ৰমাণ বুলি সদৰি কৰি ভাৰতবৰ্ষৰ প্ৰকৃত বুৰঞ্জী পাবলৈ নাই৷ যাৰ যি মন যায় তাকে লিখি থৈছে৷ বহু ভুল তথ্যৰে ভাৰতৰ ইতিহাস চলি আছে৷ বহু ভুলৰ মাজেৰে আমাক ইতিহাস পঢ়াই থকা হৈছে, বিভ্ৰান্ত কৰা হৈছে৷ জন্মৰ দুহাজাৰ বছৰ হোৱাসকলে বহু হাজাৰ বছৰ পূৰ্বে ভাৰতৰ ঋষি-মুনিসকলে কাল গণনা কৰি যোৱা সময়ক নতুনকৈ ইতিহাসৰ জ্ঞান দিবলৈ চেষ্টা কৰাটো হাস্যকৰ বুলি কলিতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ বুৰঞ্জী সন্মিলনখন অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, এসময়ত কামৰূপৰ সভ্যতাই বিশ্বত খ্যাতি লাভ কৰিছিল বুলি মন্তব্য কৰি কয়, প্ৰাচীন কামৰূপৰ ইতিহাসত লাচিত বৰফুকন, চিলাৰায়ৰ লগতে কুমাৰ ভাস্কৰ বৰ্মন, মহাৰাজ পৃথুৰ বীৰগাথা সমান্তৰালভাৱে আগবঢ়াই নিব লাগিব৷ পাঠশালা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰীয়ে আদৰণি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ মহাসচিব হেমন্ত ধিং মজুমদাৰে৷ সন্মিলনখন উদ্বোধন কৰি মজুমদাৰে কামৰূপ সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই ৬২৮ টা শব্দত বৰ্ণিত বাক্যশাৰীৰে আৰম্ভ কৰি কয়, ভাৰত বুৰঞ্জীত অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস সন্নিবিষ্ট কিয় কৰা নাই তাৰ চৰ্চা কৰিব লাগে বুলি মন্তব্য কৰি কয়, বৃটিছে বুৰঞ্জী নিজৰ উদ্দেশ্যত লিখিছিল৷ পৰৱৰ্তী সময়ত বিদেশী ৰাষ্ট্ৰৰ প্ৰতি অনুগত্যশীল লোকে ভাৰতবৰ্ষৰ বুৰঞ্জী লিখাৰ বাবে অসমে যথাযোগ্য স্থান নাপালে বুলি তেওঁ আক্ষেপ কৰে৷ ভাৰতৰ বুৰঞ্জীত মহাবীৰ লাচিত, চিলাৰায়, মহাৰাজ পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ গৌৰৱগাঁথা সন্নিবিষ্ট কৰিবলৈ সাহিত্য সভাই যত্ন কৰিব লাগে বুলি সদৰি কৰি শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আদি মহাপুৰুষসকলৰ জীৱনী, লেখনি আদি হিন্দী, ইংৰাজী ভাষালৈ অনুবাদ কৰি মহাপুৰুষসকলক বিশ্বত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সাহিত্য সভাক তেওঁ আহ্বান জনায়৷ লগতে তেওঁ সাহিত্য সভাৰ সকলো লেখনিতে ভাস্কৰাব্দ লিখিবলৈ আহ্বান জনায়৷ সন্মিলনৰ আন এজন আলোচক সাংবাদিক মধুসুধন মেধিয়ে প্ৰাচীন কামৰূপৰ ঐতিহ্য সম্পৰ্কত আলৱৈ ৰণ সম্পৰ্কে বিশদ বৰ্ণনা দিয়াৰ লগতে কামৰূপৰ যিগৰাকী নৃপতিয়ে মুছলমানৰ শক্তিশালী ৰজা খিলিজিক পৰাভূত কৰি খেদি পঠিয়াইছিল তেনে কামৰূপৰ মহাশক্তিশালী ৰজা পৃথুক আমি পাহৰি গৈছোঁ বুলি আক্ষেপ কৰে৷ আনহাতে আক্ৰমণকাৰী বখতিয়াৰ খিলিজিৰ নামত বিহাৰত খিলজিপুৰ নামে ঠাই থকাৰ লগতে ৰে’লৱে ষ্টেচন থকাৰ বিপৰীতে কামৰূপৰ মহা পৰাক্ৰমী ৰজাজনৰ নামত অসমত এটা শিলগুটিৰো নাম নোহোৱাত আ(ৰ্য প্ৰকাশ কৰে৷ সঞ্চালকৰ ভাষণত ড॰ গজেন্দ্ৰ নাথ অধিকাৰীয়ে কয় যে, ইতিহাস মানে মানুহৰ কথা, সমাজৰ কথা বুলি মন্তব্য কৰি পুনৰ কয়, কিংবদন্তি ইতিহাস নহয়, অৱশ্যে কিংবদন্তিৰ লগত ইতিহাস জড়িত হৈ আছে৷ তাৰ পৰাই প্ৰকৃত সত্য উলিয়াই বুৰঞ্জী লিখাটো অত্যন্ত প্ৰয়োজনীয় বুলি মন্তব্য কৰে৷ আনহাতে সকলো মানুহকে একত্ৰিত কৰাৰ কামৰূপৰ মানুহৰ গুণ আছিল বুলি সদৰি কৰি তেওঁ পুনৰ কয়, কল আৰু কঠাল কামৰূপৰ নাছিল যদিও পুৰণি কামৰূপৰ ব্যৱসায়িক সম্পৰ্ক কম্বোডিয়াৰ লগত থকাৰ বাবেই কল আৰু কঠাল কামৰূপ আহি পালে৷ অসম সাহিত্য সভাৰ বিদায়ী সভাপতি সূৰ্য হাজৰিকা উপস্থিত থকা বুৰঞ্জী সন্মিলনৰ আৰম্ভণিতে ড॰ তপন কলিতা আৰু ড॰ লীনা গোস্বামীৰ সম্পাদনাত বৰ্ণিল বজালী নামৰ গ্ৰন্থখন উদ্বোধন কৰে পাঠশালা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে৷ ইফালে, আজিৰ বুৰঞ্জী সন্মিলনত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি সূৰ্য হাজৰিকাই অসম সাহিত্য সভাৰ চিঠি-পত্ৰ আদি সকলোতে খ্ৰীষ্টাব্দ, ভাস্কৰাব্দৰ লগতে শঙ্কৰাব্দ লিখাৰ পোষকতাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে৷
শিল্পী-সাহিত্যিকৰ ধৰ্ম মানৱ ধৰ্মঃ অনুৰাধা শৰ্মা পূজাৰী
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কিশোৰ শিৱম আমাৰ অসমঃ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিস্তৃত কাৰ্যসূচীৰ ভিতৰত আজি সন্ধিয়া ৬-৩০ বজাত অনুষ্ঠিত হয় যুৱ সংসদৰ অনুষ্ঠান শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান৷ যুৱ প্ৰজন্মৰ সঠিক পথৰ সন্ধান উলিয়াই ইতিবাচক দিশেৰে সুন্দৰ তথা শৃংখলিত সমাজ গঠনত ভূমিকা গ্ৰহণৰ দায়িত্ব বহন বাট মুকলি কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটো উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটাপ্ৰাপক সাহিত্যক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ উদ্বোধনী ভাষণত তেওঁ অসম সাহিত্য সভাৰ সলনি অসমৰ সাহিত্য সভা হৈ সকলো জাতি -জনগোষ্ঠীৰ প্ৰিয়ভাজন হৈ পৰক বুলি কয়৷ লগতে সাহিত্যক পূজাৰীয়ে অসমৰ সাহিত্য সভাই অসমীয়া ভাষাৰ জৰিয়তে প্ৰত্যেক জাতি-জনগোষ্ঠীৰ ভাষাক নিৰাপত্তা দিবলৈও আহ৩ান জনায়৷ সাহিত্য অকাদেমি বঁটাপ্ৰাপক সাহিত্যিকগৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে, অসমীয়া ভাষাৰ দ্বাৰা আমি সকলোৱে মিলি এক বিশ্বমুখী জাতি গঢ় দি তুলিব পাৰে তাৰ প্ৰচেষ্টা কৰিব লাগিব৷ সৰস্বতী পূজাৰ দিনাই জ্ঞানৰ প্ৰতিমূৰ্তিৰ সৰস্বতী দেৱীক আৰধনা কৰি যুৱ প্ৰজন্মই যুৱ প্ৰতিভাৰ জৰিয়তে আমাক দিশ নিৰ্ণয় কৰিব পাৰে৷ ইউচুফ মালালাই মাত্ৰ ১৭ বছৰ বয়সতে নোবেল বঁটা লাভ কৰি যুৱ প্ৰতিভাৰ চানেকি দাঙি ধৰিছে৷ স্বামী বিবেকানন্দই জীৱনৰ মাত্ৰ ৩৯ বছৰ বয়সতে হিন্দু দৰ্শন সম্পৰ্কত বিশ্ব জিনিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি সাহিত্যিকগৰাকীয়ে পুনৰ কয়, যুৱ প্ৰতিভাই সময় সময়ে গুৰি ধৰি পৃথিৱীক নতুনৰ সন্ধান দিৱলৈ সক্ষম হৈছে৷ আনহাতে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা সন্দৰ্ভত তেখেতে কয় যে, অসমীয়া ভাষাৰ পুৰণি শিপা আছে বাবেই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে৷ কিন্তু ভাষাটোৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই নহ’ব, নৱ প্ৰজন্মই ভাষাটোক আগবঢ়াই নিব লাগিব৷ ইয়াৰ বাবে আমি সকলোৱে আমাৰ নিজৰ মাতৃভাষাটোক ভাল পাব লাগিব৷ ভাষাটোৰ প্ৰতি ভালপোৱা আৰু দায়বদ্ধতা থাকিলেহে ভাষাটো আগবাঢ়ি যাব৷ সেয়েহে সকলোৱে ভাষাটো চৰ্চা কৰিব লাগিব বুলি সদৰি কৰি কয়, নৱ-প্ৰজন্মই এইক্ষেত্ৰত আগভাগ লৈ আমাৰ মাজত থকা জাত-পাতৰ পৰা উৰ্ধত থাকি বিভেদৰ পৰা আঁতৰত থাকিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷ এই অনুষ্ঠানত আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট অৰ্থনীতিবিদ ড॰ দেৱজিৎ মহন্তই স্বীকৃতিৰ পিছত ঘূৰাতকৈ স্বীকৃত হৈ এখন সুস্থ সমাজ গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা উচিত বুলি মন্তব্য কৰে৷ লগতে তেওঁ নতুন প্ৰজন্মই প্ৰথমে নিজৰ পিতৃ-মাতৃক লৈ গৌৰৱবোধ কৰি নিজৰ শিপাৰ পৰায়ে সমাজৰ বিষবাষ্প দূৰ কৰাৰ ভূমিকা লোৱাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰে৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ যুৱ সাংসদ উপ-সমিতিৰ সম্পাদিকা বৰষা শৰ্মাই আঁতধৰা অনুষ্ঠানত জ্যেষ্ঠ বিজ্ঞানী ড॰ ভাস্কৰ জ্যোতি চৌধুৰী, অসম চৰকাৰৰ মুখ্য সচিব আৰণ্যক শইকীয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰি নৱ-প্ৰজন্মই সুস্থ সমাজ গঠনৰ সঠিক পথৰ সন্ধান উলিওৱাৰ দায়িত্ব নৱ-প্ৰজন্মই ল’ব লাগিব বুলি কয়৷ এই অনুষ্ঠানতে কেইবাগৰাকী যুৱ সাহিত্যক সম্বৰ্ধনা জনোৱা হয়৷