
ৰাজ্যপাল ৰমেন ডেকাৰো মোদীক সাক্ষাৎ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্ৰুৱাৰীঃ ছত্তীশগড়ৰ ৰাজ্যপাল তথা অসম বিজেপিৰ প্ৰবীণ নেতা ৰমেন ডেকাই সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে সৈতে ৰাজ্যপাল ডেকাই ছত্তীশগড়ৰ উন্নয়ন আৰু নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো বিষয় অতি গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আশ্বাস প্ৰদান কৰে৷ এই সাক্ষাৎকাৰৰ পাছত ৰাজ্যপাল ডেকাই সামাজিক মাধ্যমত কয় - দলীয় ৰাজনীতিত ৫০ বছৰ একেটা দলত থাকি সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মোক শুভেচ্ছা জ্ঞাপন কৰে৷
লগতে ৰাজনৈতিক জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা তথা অভিজ্ঞতা সমূহক লৈ এখন গ্ৰন্থ লিখিবলৈও পৰামৰ্শ দিয়ে৷ তেখেতৰ এই উৎসাহমূলক কথা-বতৰা, দিহা-পৰামৰ্শই মোক অতিশয় আনন্দিত কৰিছে৷ গুৱাহাটীত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চকু চিকিৎসালয় শংকৰদেৱ নেত্ৰালয়ৰ উন্নয়ন সম্পৰ্কীয় কিছু বিষয়ৰ ওপৰত তেখেতক অৱগত কৰো আৰু মোৰ অনুৰোধ মৰ্মে প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰে৷ উল্লেখ্য যে শংকৰদেৱ নেত্ৰালয়ৰ জ্যেষ্ঠ চিকিৎসক ড॰ হৰ্ষ ভট্টচাৰ্য্যই ‘‘শংকৰদেৱ নেত্ৰালয়ৰ’’ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰাৰ বাবে ৰাজ্যপাল ডেকাক অনুৰোধ জনাইছিল৷ প্ৰধানমন্ত্ৰীৰ উপৰিও আজি নতুন দিল্লীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড॰ এছ. জয়শঙ্কৰকো ৰাজ্যপাল ডেকাই সাক্ষাত কৰে৷