Logo
image

চীনৰ নদীবান্ধক লৈ সদনত সৰৱ বীৰেন বৈশ্য

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৩ ফেব্ৰুৱাৰীঃ  অসমীয়া জাতিৰ আয়ুসৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰৰ উজনিত বিশ্বৰ   সৰ্ববৃহত নদীবান্ধ নিৰ্মাণৰ কুচকাৱাজ চলাই ৰঙা চীনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ৰাজ্যসভাৰ শূণ্যকালত অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোমবাৰে বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ সাংসদ বৈশ্যৰ ভাষ্য– ‘ব্ৰহ্মপুত্ৰ হৈছে অসমৰ আয়ুসৰেখা তথা দেশৰ অন্যতম পুৰাতন সভ্যতা৷ আমি এতিয়া ভীষণভাৱে উদ্বিগ্ন৷ কাৰণ চীনে এই নদীখনৰ বুকুত বিশ্বৰ সৰ্ববৃহত নদীবান্ধ নিৰ্মাণেৰে জলবিদু্যত প্ৰকল্পৰ যো-জা চলাই আছে৷


এয়া আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাৰ বাবে বৃহত ভাবুকিস্বৰূপ৷ আনকি আমাৰ সংস্কৃতি তথা আৰ্থ-সামাজিক সুৰক্ষাৰ বাবেও ভাবুকি কঢ়িয়াই আনিছে৷ চীনত ব্ৰহ্মপুত্ৰৰ উৎপত্তি৷ এতিয়া চীনে বিশ্বৰ সৰ্ববৃহত বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে৷ যদি এয়া সঁচা হয় তেনেহ’লে ড্ৰেগনৰ দেশখনে ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰিব যি নদীখনৰ অস্তিত্বৰ বাবেই ভাবুকি হৈ পৰিব৷ মহাবাহুৰ পানী শুকাই যাব৷ পাহৰি গ’লে নহ’ব যে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ অৰ্থনীতি নিৰ্ভৰশীল৷ এয়া কেৱল অসম কিম্বা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই অতি সংবেদনশীল বিষয় নহয়৷ এয়া সমগ্ৰ দেশৰ বাবেই উদ্বেগৰ বিষয়৷ সমগ্ৰ বিষয়টো অতি সোনকালে চীনৰ সৈতে আলোচনা কৰিব লাগে৷ প্ৰয়োজনত আন্তৰাষ্ট্ৰীয় মঞ্চতো বিষয়টো উত্থাপন কৰাৰ পোষকতা কৰে সাংসদজনে৷ অন্যথা উত্তৰ-পূৰ্বাঞ্চলৰ কোটি কোটি জনতাৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈ পৰিব বুলি তেওঁ আশংকা প্ৰকাশ কৰে৷