যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী
ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হৰ্টিকাল্চাৰ বিভাগৰ উদ্যোগত মঙ্গলবাৰে এদিনীয়া কাৰ্যসূচীৰে এক বিশেষ কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি উদ্যান বিভাগৰ পৰীক্ষামূলক কেন্দ্ৰত অনুষ্ঠিত হয় অনুষ্ঠানটো। ৩৫ সংখ্যক এই বাৰ্ষিক প্ৰদৰ্শনীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে।
উল্লেখ্য যে কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী অনুষ্ঠানটো ফিটা কাটি উদ্বোধন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। এই প্ৰদৰ্শনীত যোৰহাট, নগাঁও, ডিব্ৰুগড়, শিৱসাগৰ আদি বিভিন্ন জিলাৰ কৃষক সকলে অংশগ্ৰহণ কৰে। আনহাতে, পুৱা পঞ্জীয়ন হোৱাৰ পাছত বিচাৰক সকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি নিজৰ বিচাৰ প্ৰদান কৰে আৰু ইয়াৰ পাছতেই কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী সকলোৰে বাবে মুকলি কৰি দিয়া হয়।