১০খন জিলাত গুণোৎসৱ আৰম্ভ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় তথা চলিত বৰ্ষৰ শেষ পৰ্যায়ৰ গুণোৎসৱ৷ বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰী জিলাক (মুঠ ১০ জিলা) সামৰি এই গুণোৎসৱ আৰম্ভ হৈছে৷ মঙলবাৰে গুণোৎসৱৰ স্বমূল্যায়ন কৰা হয়৷ ৫ ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ বহিঃমূল্যায়ন অনুষ্ঠিত হ’ব৷ তৃতীয় পৰ্যায়ৰ গুণোৎসৱত মুঠ ১২,৩৭৫খন বিদ্যালয়ৰ ১১,৩৮,২৭৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা গুণগত মূল্যায়ন কৰা হ’ব৷ মুঠ ৪,৯৬৭ গৰাকী বহিঃ মূল্যায়কক নিয়োজিত কৰা হৈছে৷
এই গুণোৎসৱে চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়, আদৰ্শ বিদ্যালয় চাহ বাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ লগতে চাহ বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক সামৰি ল’ব৷ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীক গুণোৎসৱে সামৰি ল’ব৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱতো মন্ত্ৰী, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্যৰ লগতে আই এ এছ, আই পি এছ বিষয়াসহ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল বহিঃ মূল্যায়ক হিচাপে বিদ্যালয়সমূহলৈ যাব৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুণোৎসৱ উপলক্ষে সকলোলৈকে শুভেচ্ছা জনাইছে৷