Logo
image

কাইলৈ ইভিএমবন্দী হ’ব হিমন্ত, ৰঞ্জিত, সিদ্ধাৰ্থৰ ভাগ্য

আমাৰ অসম, ৫ এপ্ৰিলঃ কাইলৈ [মঙলবাৰে] নিৰ্ণয় হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি কেইবাজনো হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য৷ উল্লেখ্য যে জালুকবাৰী সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে ষষ্ঠবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বৰ্তমানলৈকে তেওঁ একেধাৰে চাৰিবাৰ এই সমষ্টিটোৰ পৰা নিৰ্বাচনত জয় লাভ কৰাৰ বিপৰীতে এবাৰ পৰাজিত হৈছে৷ ইফালে প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এইবাৰ সৰভোগৰ পৰিৱৰ্তে প্ৰথমবাৰৰ বাবে পাটাছাৰকুছি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পূব গুৱাহাটী সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনে ভাগ্য নিৰ্ণায়ক কৰিবলগীয়া উল্লেখযোগ্য হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে চাৰি মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, প্ৰমীলাৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীৰ লগতে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰেকিবুদ্দিন আহমেদ, অতুল বৰা, ভোজপুৰী কুইন কল্পনা পাটোৱাৰী আদিৰো নাম৷

কাইলৈ বংগ, তামিলনাডু, কেৰালা, পুডুচেৰীৰ ৩৯৫টা সমষ্টিত ভোট

অহা ৬ এপ্ৰিলত অসম আৰু পশ্চিম বংগত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই তামিলনাডু, কেৰালা আৰু পুডুচেৰীতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ৬ এপ্ৰিলত পশ্চিম বংগত ৩১ খন আসনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হোৱাৰ পাছতো পাঁচটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী থাকিব৷ অসমত সেইদিনাই চলিত বিধানসভাৰ ভোটৰ সামৰণি পৰিব৷ আনহাতে তামিলনাডু, কেৰালা আৰু পুডুচেৰীত ৬ এপ্ৰিলত এটা পৰ্যায়তে ভোটদান সম্পন্ন হ’ব৷ তামিলনাডুত ২৩৪ খন, কেৰালাত ১৪০খন আৰু পুডুচেৰীত ৩০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন হ’ব৷ আজি উক্ত দুয়োখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ পুডুচেৰীত নিৰ্বাচনী প্ৰচাৰৰ সামৰণ পৰে৷ অসমক বাদ দি ৬ এপ্ৰিলত আন ৩ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশত মুঠতে ৩০৫ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব৷