Logo
image

কাইলৈৰ পৰা শংকৰ সংঘৰ অধিৱেশন

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ফেব্ৰুৱাৰীঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ বাবে মাজত মাত্ৰ এটা দিন বাকী৷ প্ৰায় ২-৩ মাহ ধৰি হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ কায়িক শ্ৰম আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে যোৰহাটৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ  ম’হবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ৷ অধিৱেশনলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰাও আহিবলগীয়া ভক্ত তথা প্ৰতিনিনিধক আদৰাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটী ৰৈ নাযায় তাৰ বাবে সাজু কৰি ৰখা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱাবাহিনীৰ ১০,০০০ সদস্য৷ ইয়াৰে ৫০০০ সদস্য যোৰহাট জিলাৰ আৰু আন ৫০০০ ৰাজ্যখনৰ আন আন জিলাৰ পৰা আহিব৷ উল্লেখ্য, ইতিমধ্যে অধিৱেশনৰ চৌহদত নিৰ্মাণ কৰা হৈছে এক সুদৃশ্য নামঘৰ আৰু বিশেষ শিবিৰ৷ এই নামঘৰত দিনে নিশাই নাম কীৰ্তন কৰা হৈছে৷ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই হৰিনামেৰে মুখৰিত হৈ পৰিছে এৰালতলি পথাৰ৷ অধিৱেশনস্থলীত প্ৰতিনিধিৰ বাবে সাজু হৈ উঠিছে ২০০ টা শিবিৰ৷ ইফালে মূল অধিৱেশনৰ বাবে বৃহৎ সভাগৃহৰ লগতে সাজু কৰি তোলা হৈছে বৃহৎ খাদ্যৰ ভঁৰাল৷ উক্ত ভঁৰালত এদিনৰ খাদ্য আগতীয়াকৈ জমা কৰি ৰখা হ’ব৷ মুঠ ৮ সাজ খাদ্যৰ বাবে অভ্যৰ্থনা সমিতিয়ে নিজাববীয়াকৈ এদিনৰ বাবে সাজু ৰখাৰ উপৰি অতিৰিক্ত কিছু জমা ৰাখিব৷ আনহাতে বাকী কেইসাঁজ ব্যক্তি বিশেষে দান কৰিব বুলি জানিব পৰা গৈছে৷ ১০ হাজাৰ লোকে একেলগে খাব পৰা বৃহৎ ভোজনালয় আৰু তেনেদৰে ৰন্ধনশালা সাজু হৈ উঠিছে৷ ভোজনালয়ত আহাৰ বিতৰণৰ বাবে বিশেষ কৌশলেৰে ২৫ খন মটৰচাইকেলৰ চকা লগোৱা হাত ঠেলাৰ ব্যৱস্থা কৰা হৈছে৷ তেনেদৰেই অধিৱেশনস্থলীত সাজু কৰি তোলা হৈছে গ্ৰন্থ বিপণী আৰু প্ৰদৰ্শনী৷ প্ৰদৰ্শনীৰ বিশেষ আকৰ্ষণ কুৰুক্ষেত্ৰ যুদ্ধত নিৰ্মাণ কৰা চক্ৰবেহু আৰু বাঁহেৰে নিৰ্মাণ কৰা আইফেল টাৱাৰ৷ 


পীতাম্বৰ দেৱ গোস্বামীৰ নামেৰে মূল তোৰণঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰৰ প্ৰৱেশৰ পথত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ সোঁৱৰণত বৃহৎ তোৰণ৷ তদুপৰি সংঘৰ কেইবাজনো প্ৰাক্তন পদাধিকাৰ, সাহিত্যিক আদিৰ সোঁৱৰণতো ভিন্ন স্থানত তোৰণ নিৰ্মাণ কৰা হৈছে৷ মূল পথৰ পৰা অধিৱেশনৰ থলীলৈ যাবৰ বাবে পেভাৰ ব্লকেৰে এটা পথ  নিৰ্মাণ কৰা হৈছে৷ অভ্যৰ্থনা সমিতিৰ সূত্ৰৰ পৰা জানিব পৰা মতে কাইলৈ সন্ধিয়া প্ৰতিনিধি শিবিৰ মুকলি কৰা হ’ব৷ ইফালে দূৰদূৰণিৰ পৰা ৰে’লযোগে আহিব লগা প্ৰতিনিধিসকলৰ সুবিধাৰ বাবে মৰিয়নি আৰু যোৰহাট ৰে’ল ষ্টেচনৰ পৰা অধিৱেশন থলীলৈ বাছৰ ব্যৱস্থা কৰা হৈছে৷

খোজকাঢ়ি, চাইকেল চলাই অধিৱেশনলৈ ভক্তঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনস্থলীত একাধিক ভক্ত দূৰ-দূৰণিৰ পৰা খোজকাঢ়ি অথবা চাইকেল চলাই উপস্থিত হৈছে৷ ধেমাজি জিলাৰ লালুকৰ উমাকান্ত সন্দিকৈ নামৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী খোজ কাঢ়ি আহি আজি যোৰহাটত উপস্থিত হয়৷ তেওঁ ২২ জানুৱাৰীতে ঘৰৰ পৰা পদব্ৰজে ৰাওনা হৈ ১৪ দিনৰ অন্তত যোৰহাটত উপস্থিত হয়৷ তেওঁ আজি পশ্চিম যোৰহাটৰ এখন গাঁৱত আশ্ৰয় লৈ আছে আৰু কাইলৈ অধিৱেশনস্থলীত পদাৰ্পণ কৰিব৷ আনহাতে, মৰিগাঁৱৰ পৰা আন এজন ভক্ত আজি চাইকেল চলাই অধিৱেশনস্থলীত উপস্থিত হয়৷

ম’হবন্ধাত উদুলি মুদুলি পৰিৱেশ

‘আমাৰ অসম’ৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদকঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাট পশ্চিম অঞ্চলৰ ৰাষ্ট্ৰীয় পথৰ কাষৰ ম’হবন্ধাৰ এৰালতলি পথাৰৰ অধিৱেশনস্থলীত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে৷ অধিৱেশনস্থলীত ভকত-বৈষ্ণৱক আদৰিবলৈ আদৰণী সমিতিৰ লগতে ৩৮ খন উপ-সমিতিৰ কৰ্মকৰ্তা সাজু হৈছে৷ তদুপৰি, অধিৱেশনস্থলীৰ নিৰ্মাণ সজ্জাৰ কামো প্ৰায় শেষ হৈছে৷ প্ৰতিনিধিৰ লগতে দৰ্শনাৰ্থীসকলক প্ৰতিদিনে পুৱা জা-জলপান খুওৱাৰ লগতে দিনৰ ৯ বজাৰ পৰা ২ বজালৈ, নিশা ৭ বজাৰ পৰা ২ বজালৈ ভোজনালয়ত আপ্যায়ন কৰিব৷ এসাঁজৰ বাবে ৭০ কুইণ্টল চাউল, ৫০ কুইণ্টল দাইলৰ অনুপাতে শাক-পাচলি, অন্যান্য সা-সামগ্ৰীৰে অন্ন প্ৰস্তুত কৰা হ’ব৷ ৰৰৈয়াৰ এগৰাকী ভকতে দুই ট্ৰাক বেঙেনা, বন্ধাকবি, এভৰীডে’ মিলৰ স্বত্বাধিকাৰীয়ে এক কুইণ্টল হালধি দান দিছে৷ এবাৰতে ২০ কেজি চাউল সিজাব পৰাকৈ কেৰাহী, দাইলৰ বাবে এহেজাৰ লিটাৰৰ ৭ খন ফেলাই আনিছে৷ ৰন্ধন প্ৰকৰণ খৰিৰে কৰিবৰ বাবে ৪০ গাড়ী খৰি বন বিভাগে দিছে৷ বাঁহ, কাঠ আদিও আদৰণী সমিতিয়ে যোগাৰ কৰিছে৷ খাদ্য বিতৰণৰ বাবে ৪ হেজাৰ কৰ্মী থাকিব৷ শাক-পাচলি কুটা-বচা কৰিব এহেজাৰগৰাকীকৈ লোকে৷ দুহাজাৰটা বাল্টি, পাঁচশটা গামলাত খাদ্য-সামগ্ৰী লৈ ৫৬ খন ট্ৰলীত লৈ বিতৰণ কৰিব৷ একোখন ট্ৰলীত ৮০ কেজি চাউলৰ ভাত ধৰাকৈ পাত্ৰ তৈয়াৰ কৰি লৈছে৷ ৰন্ধনশালাত ২০০ টা চৌকাৰ ব্যৱস্থা কৰিছে৷ ৫ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰাই আহাৰৰ ব্যৱস্থা কৰিব৷ ইয়াৰে সাত সাঁজ সিদ্ধ মাজুলী, তিতাবৰ, গোলাঘাট, শিৱসাগৰৰ লগতে মন্ত্ৰী অজন্তা নেওগ আৰু বিভিন্নজন ব্যক্তি-অনুষ্ঠানে প্ৰদান কৰিব৷ একোসাঁজ আহাৰ এক লাখৰো অধিক লোকে গ্ৰহণ কৰিব বুলি খাদ্য উপ-সমিতিৰ সূত্ৰত প্ৰকাশ৷ প্ৰয়োজন সাপেক্ষে অতিৰিক্তভাৱেও ৰন্ধন প্ৰকৰণ কৰা হ’ব৷ পুৱা জলপানৰ লগতে অধিৱেশনস্থলীত চাহৰ সৈতে মিঠৈ দিবলৈ চাৰি লাখ মিঠৈ ইতিমধ্যে জমা হৈছে৷ অধিৱেশনস্থলীত উপস্থিত হোৱা ভকত-দৰ্শনাৰ্থীসকলক ২৪ ঘণ্টাই চাহৰ যোগান ধৰিব পৰাকৈ পাঁচটা স্থানত চাহ বিতৰণৰ ব্যৱস্থা কৰিব৷ ৮ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত সংঘৰ নৱ-নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন কৰিব৷ এই পতাকাস্থলী কাছসদৃশ বেদীত নিৰ্মাণ কৰা হৈছে৷ গুৰু, দেৱ, নাম, ভকত আৰ্হিত কুৰ্ম আকৃতিত বেদীটো সাজি উলিয়াইছে৷ সন্মুখত ঠোক ধানেৰে সৈতে সজা বাটচ’ৰাৰ পৰা বাঁহেৰে সজা খটখটীৰে বেদীলৈ উত্তোলকৰ লগতে সংগীসকল উঠিব পাৰিব৷ বেদীটোৰ চৌপাশত ৫৪ খন জিলাৰ প্ৰতীকী অৰ্থত ৫৪ খন পতাকা উত্তোলন কৰা হ’ব৷ কুৰ্মসদৃশ বেদীটোৰ চৌপাশত খন্দা খালত থাকিব পানী৷ এই পানীত থাকিব জলজ উদ্ভিদ, জলজ প্ৰাণীৰ লগতে শয়নৰত অৱস্থাত নাৰায়ণৰ প্ৰতীক৷ চৌপাশত জেওৰা৷ এহাজাৰ জোপা ৰোপণ কৰা ফুলেৰে চৌপাশটো সজাই তোলা হৈছে৷ ৯৪ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি ৯৪ টা খোল আৰু ৯৪ জোৰ তাল লৈ গায়ন-বায়নৰ লগতে মাংগলিক ধ্বনি আৰু আইসকলে উৰুলি ধ্বনি পৰিৱেশন কৰিব৷