Logo
image

এডভাণ্টেজ আছামৰ প্ৰস্তুতি, খানাপাৰাত দিনে-নিশাই ব্যস্ততা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ  অসম চৰকাৰৰ উদ্যোগত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত ‘এডভাণ্টেজ আছাম ২.০’ৰ প্ৰস্তুতি পূৰ্ণোদ্যমে অব্যাহত আছে৷ সেইসূত্ৰে খানাপাৰাত দিনে-নিশাই ব্যস্ত হৈ আছে মন্ত্ৰী-বিধায়ক-বিষয়াসকল৷ এডভাণ্টেজ আছামৰ অংশ হিচাপে এখন আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ তথা আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ প্ৰদৰ্শনীখন আটক-ধুনীয়াকৈ অনুষ্ঠিত কৰিবলৈ এডভাণ্টেজ আছাম প্ৰদৰ্শনী উপ-সমিতিয়ে জোৰদাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে৷ প্ৰদৰ্শনী উপ-সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা ৰাজ্যৰ ৰাজহ, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি প্ৰদৰ্শনীথলী সাজু কৰি তোলাৰ বাবে চলোৱা প্ৰস্তুতিৰ চৰজমিন বুজ লয়৷ এই পৰিদৰ্শনৰ পাছতে মন্ত্ৰী মহন্তই উপ-সমিতিৰ আহ্বায়ক হিচাপে থকা ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী আৰু অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড (এআইডিচিএল) ৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্ৰতাপ সিংসহ সমিতিৰ দায়িত্বত থকা জ্যেষ্ঠ বিষয়াবৰ্গৰে এখন বৈঠকতো মিলিত হৈ প্ৰদৰ্শনীখনৰ আয়োজনৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহকলৈ বিতংভাৱে আলোচনা কৰে৷ অসমত ইতিমধ্যে গঢ়ি উঠা বিনিয়োগৰ অতি অনুকূল বাতাৱৰণ, সামৰ্থ আৰু সম্ভাৱনাক প্ৰতিফলিত কৰিব লগা এই প্ৰদৰ্শনীখনত টাটা গ্ৰুপ, ৰিলায়েন্স, আদানী আদি আগশাৰীৰ ভাৰতীয় কোম্পানীৰ লগতে বহুকেইটা বহুজাতিক কোম্পানী, ৰাষ্ট্ৰীয় স্তৰৰ অগ্ৰণী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব৷ তদুপৰি, এডভাণ্টেজ আছাম ২.০১ প্ৰদৰ্শনীখনত ‘অংশীদাৰ দেশ’ হিচাপে ভাগ ল’বলৈ ইতিমধ্যে কেবাখনো দেশেও ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে৷


অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনৰ লগতে লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, এপিডিচিএল আদি বিভাগৰ জ্যেষ্ঠ বিষয়া-অভিযন্তা, ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানৰ আৰ্কিটেক্ট আদিয়েও অংশগ্ৰহণ কৰা আজিৰ বৈঠকত প্ৰদৰ্শনীথলীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বহুজাতিক প্ৰতিষ্ঠান তথা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ, অংশীদাৰ দেশৰ প্ৰদৰ্শনী গোটৰ লগতে অংশগ্ৰহণকাৰী প্ৰতিটো প্ৰতিষ্ঠানৰ বাবেই প্ৰদৰ্শনী ক্ষেত্ৰত সঠিক স্থান উপলব্ধ কৰোৱাত গুৰুত্ব দিয়া হয়৷ ইতিমধ্যে প্ৰদৰ্শনীত অংশগ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰা টাটা গ্ৰুপৰ টাটা ছেমিকণ্ডাক্টৰ, টাটা পাৱাৰ, টাটা পাৱাৰ ৰিনিউৱেবল এনাৰ্জী, ৰিলায়েন্স, আদানী ইনফ্ৰাষ্ট্ৰাকচাৰকে ধৰি আগশাৰীৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠান, দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰমুখ প্ৰতিষ্ঠানৰ লগতে অসমৰ চাহ উদ্যোগ, তেল আৰু প্ৰাকৃতিক গেছ খণ্ড, আন্তঃগাঁথনি তথা নিৰ্মাণ খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগকে ধৰি উদ্যোগ তথা বাণিজ্য খণ্ডক প্ৰতিনিধিত্বকাৰী আগশাৰীৰ প্ৰতিষ্ঠানসমূহে প্ৰদৰ্শনীত আন্তঃৰাষ্ট্ৰীয় মানৰ বিপণী স্থাপন কৰিব৷ প্ৰদৰ্শনীত ভাগ ল’ব লগা প্ৰতিটো প্ৰতিষ্ঠানৰে বিপনীৰ মান আন্তঃৰাষ্ট্ৰীয় স্তৰৰ হোৱাটো সুনিশ্চিত কৰিবলৈ আগতীয়াকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও বৈঠকত থিৰাং কৰা হয়৷ প্ৰদৰ্শনীখনক বিষয়বস্তৰ দিশৰ পৰা চাৰিটা সুকীয়া সুবৃহৎ প্ৰদৰ্শনী মণ্ডপত বিভক্ত কৰি অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক স্থান উপলব্ধ কৰোৱা হ’ব৷