Logo
image

ডিটেনশ্বন কেম্পৰ বাংলাদেশীক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰক

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৪ ফেব্ৰুৱাৰীঃ  ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ১৮ হাজাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে ডিটেনশ্বন কেম্পত বন্দী হৈ থকা ৬৩ জন বাংলাদেশী নাগৰিকক বহিষ্কাৰ নকৰাৰ বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনাৰ সন্মুখীন হয় অসম চৰকাৰ৷ আমেৰিকাৰ সেনা বাহিনীৰ বিশেষ বিমানেৰে ২০৫ জন প্ৰবাসী ভাৰতীয়ক লৈ অহাৰ সময়তে বাংলাদেশী নাগৰিকক বছৰৰ পাছত বছৰ ধৰি বিভিন্ন অজুহাতত বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে ডিটেনশ্বন কেম্পত আবদ্ধ কৰি ৰখা কাৰ্যত ক্ষুব্ধ হৈ পৰে দেশৰ   সৰ্বোচ্চ  ন্যায়ালয়৷ বিদেশীক বহিষ্কাৰৰ বাবে চৰকাৰে শুভক্ষণৰ অপেক্ষাত আছে নেকি? ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ উদ্দেশ্যে এই তীৰ্যক প্ৰশ্ন উচ্ছতম ন্যায়ালয়ৰ৷ এখনৰ পাছত আনখন ত্ৰুটিপূৰ্ণ শপতনমা দাখিল কৰি উচ্ছতম ন্যায়ালয়ৰ ৰোষত পৰা অসম চৰকাৰক আজি ন্যায়াধীশ অভয় এছ অকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে ককৰ্থনা কৰে৷ অসম চৰকাৰৰ অজুহাতক নৎসাত কৰি অহা দুই সপ্তাহৰ ভিতৰত ৰাজ্যৰ ডিটেনশ্বন কেম্পত আবদ্ধ ৬৩ জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবলৈ সৰ্বোচ্ছ ন্যায়ালয়ে মঙলবাৰে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে৷ বিদেশী বহিষ্কাৰকলৈ অসম চৰকাৰে আনকি ন্যয়ালয়ত তথ্য গাপ দিয়াৰ অপচেষ্টা কৰা বুলিও খণ্ড বিচাৰপীঠে আজি ক্ষোভ প্ৰকাশ কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভৎৰ্সনা কৰে৷ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজিৰ শুনানীকালত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে উপস্থিত থকা ৰাজ্যৰ মুখ্য সচিব ৰবি কোটালৈ বিচাৰপীঠৰ স্পষ্ট নিৰ্দেশ— অহা দুই সপ্তাহৰ ভিতৰত ডিটেনশ্বন কেম্পত বন্দী ৬৩ জন বিদেশীক স্বদেশলৈ প্ৰেৰণ কৰাৰ যথোচিত ব্যৱস্থা গ্ৰহণ কৰক৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাক ন্যায়ালয়ে আজি পুনৰ অযোগ্য তথা ত্ৰুটিপূৰ্ণ বুলি ইয়াক নৎসাত কৰে৷ ইয়াৰ পূৰ্বে চলিত বছৰৰ ২২ জানুৱাৰীৰ শুনানীতো ৰাজ্য চৰকাৰে দাখিল কৰা শপতনমাক ত্ৰুটিপূৰ্ণ আখ্যা দিছিল৷ শেহতীয়া শপতনামাত বিদেশীক বহিষ্কাৰৰ ক্ষেত্ৰত অন্তৰায় স্বৰূপে তেওঁলোকৰ স্বদেশত থকা ঠিকনা চৰকাৰ জ্ঞাত নহয় বুলি আগবঢ়োৱা যুক্তিত ক্ষুব্ধ বিচাৰপীঠৰ প্ৰশ্ন— আপোনালোকে [চৰকাৰ] তেওঁলোকৰ ঠিকনা নজনাৰ অজুহাতত বহিষ্কাৰ কৰিব পৰা নাই বুলি যুক্তি প্ৰদৰ্শন কৰিছে৷ কিন্তু সেয়া আদালতৰ চিন্তনীয় বিষয় কেনেকৈ হব? যেনেকৈয়ে হওক কিয় চৰকাৰে ডিটেনশ্বন কেম্পত আবদ্ধ বিদেশীসকলক বহিষ্কাৰ কৰক৷ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ স্পষ্ট বক্তব্য—সংশ্লিষ্ট লোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত তাৎক্ষণিতভাৱে পৰবৰ্তী যুক্তিসংগত পদক্ষেপ গ্ৰহণ কৰিবই লাগিব চৰকাৰক৷ বিদেশী বুলি এজন লোকক অনন্ত কাল ধৰি বন্দী কৰি ৰাখিব নোৱাৰে৷ সংবিধানৰ ২১ নং অনুচ্ছেদ বুলি কিবা এটা আছে৷ অসমত একাধিক ডিটেনশ্বন চেণ্টাৰ আছে৷


আজি লৈকে কিমান সংখ্যক বিদেশীক আপোনালোকে বহিষ্কাৰ কৰিছে? উল্লেখ্য যে সংবিধানৰ ২১ নং অনুচ্ছেদত সংশ্লিষ্ট লোকৰ স্বাধীনতা তথা মৌলিক অধিকাৰ সুনিশ্চিত ৰখাৰ দিহা প্ৰদান কৰা হৈছে৷ লক্ষণীয়ভাবে ন্যায়াধীশ ভূঞাই গ্ৰহণ কৰা কঠোৰ স্থিতিত উপায়হীন হৈ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তজনে এখন সঠিক শপতনামা দাখিল কৰাৰ বাবে ন্যায়ালয়ৰ পৰা কিছু অতিৰিক্ত সময় বিচাৰে যদিও ক্ষুব্ধ বিচাৰপীঠে পুনৰ অতিৰিক্ত সময় দিবলৈ অস্বীকাৰ কৰে৷ ইয়াৰ পাছত ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ— দুসপ্তাহৰ ভিতৰত ডিটেনশ্বন কেম্পত আবদ্ধ ৬৩ জন বিদেশী নাগৰিকক নিজা নিজা দেশলৈ প্ৰত্যৰ্পণৰ ব্যৱস্থা কৰি ন্যায়ালয়ত আদেশ পালনকাৰী শপতনামা দাখিল কৰক৷ ভিডিঅ কনফাৰেন্স যোগে শুনানীত উপস্থিত থকা ৰাজ্যৰ মুখ্য সচিবলৈ ন্যায়াধীশ অকাৰ তীৰ্যক মন্তব্য— আপোনালোকে কেতিয়াও ডিটেনচন চেণ্টাৰত বন্দী বিদেশীৰ ঠিকনা উদ্ধাৰ কৰিব নোৱাৰিব৷ সেয়েহে সংশ্লিষ্ট বিদেশী নাগৰিকক তেওঁৰ নিজা দেশৰ ৰাজধানীলৈ প্ৰেৰণ কৰা হওক৷ এজনক এবাৰ বিদেশী বুলি ঘোষণা কৰাৰ পাছত ততালিকে সংশ্লিষ্ট লোকক তেওঁৰ দেশলৈ প্ৰত্যৰ্পণ কৰিবই লাগিব৷ সেই মুহূৰ্তত ন্যায়ালয়ত উপস্থিত হোৱা চলিচিটৰ জেনাৰেল তুষাৰ মেহতাক উদ্দেশ্য কৰি ন্যায়াধীশ ওকাই পোনেপোনে অভিযোগ আনে যে অসম চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত তথ্য গাপ দিয়া কাৰ্যত লিপ্ত হৈছে৷ ইয়াৰ পাছতে মেহতাই ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ৰ সংশ্লিষ্ট কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান দিয়ে৷ কাৰণ বিদেশী প্ৰত্যৰ্পণৰ ক্ষেত্ৰত বিদেশ মন্ত্ৰণালয়ৰো ভূমিকা আছে৷ ২৫ ফেব্ৰুৱাৰীত ন্যায়ালয়ে পৰবৰ্তী শুনানীৰ দিন ধাৰ্য কৰে৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে দীৰ্ঘ দিন ধৰি বিদেশী ঘোষিত লোকসকলৰ প্ৰত্যৰ্পণ প্ৰক্ৰিয়া আৰু ডিটেনচন কেম্পৰ সা-সুবিধাকলৈ জনোৱা কেবাটাও আবেদনৰ শুনানী গ্ৰহণ কৰি আছে৷ আবেদনখনত এয়াও কোৱা হৈছে যে অদূৰ ভৱিষ্যতে প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া স্পষ্ট নকৰাকৈ বিদেশী ঘোষিত কোনো লোকক যেন গ্ৰেপ্তাৰ কৰা নহয়৷