Logo
image

ভৰিত শিকলি, হাতকেৰেয়া লগাই বহিষ্কাৰ আমেৰিকা নিবাসী শতাধিক ভাৰতীয়ক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ ফেব্ৰুৱাৰীঃ  দেশান্তৰ কৰাটো অৱধাৰিত আছিল৷ কিন্তু ‘বিশ্বগুৰু’ ভাৰতৰ নাগৰিকক, তাকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে পৰাধীন ভাৰতত  ব্ৰিটিছে বন্ধাৰ দৰে হাতকেৰেয়া আৰু ভৰিত শিকলি বান্ধি আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয় নাগৰিকক বহিষ্কাৰ কৰিব, সেয়া কল্পনাৰো অগোচৰ আছিল৷ যোৱা সপ্তাহত ব্ৰাজিলৰ নাগৰিকক হাতে-ভৰিয়ে বান্ধি আমেৰিকাই দেশান্তৰ কৰাৰ ঘটনাত ৰাষ্ট্ৰপতি লুলা ডি ছিলভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া মানৱাধিকাৰ উলংঘনৰ ঘটনা বুলি আমেৰিকাৰ ওচৰত আপত্তি উত্থাপন কৰিছিল৷ কিন্তু ১০৪ জন ভাৰতীয় নাগৰিকক হেণ্ডকাফ আৰু ভৰিত শিকলিৰে বান্ধি বুধবাৰে মাৰ্কিন সামৰিক বিমান এখনে অমৃতসৰত নমাই থৈ যোৱাৰ ঘটনাত মোদী চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিক প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই৷ তাৎপৰ্যপূৰ্ণ, এই দেশান্তৰ কৰা ১০৪ জন ভাৰতীয় নাগৰিকৰ ৩০ জন পঞ্জাবৰ আৰু ৩৩ জনেই প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ ৰাজ্য গুজৰাটৰ আৰু আন এখন বিজেপি শাসিত ৰাজ্য হাৰিয়ানাৰ৷ আন দুখন বিজেপিশাসিত ৰাজ্য উত্তৰ প্ৰদেশ, মহাৰাষ্ট˜ৰ ৩জনকৈ আৰু চণ্ডীগড়ৰ দুজনক একেলগে দেশান্তৰিত কৰিছে ট্ৰাম্প প্ৰশাসনে৷ দেশান্তৰিত কৰা মুঠ ১০৪ জন ভাৰতীয় নাগৰিকৰ ৭৯ জন পুৰুষ আৰু ২৫ গৰাকী মহিলা, য’ত আছে ১৩ টা শিশু৷


সামগ্ৰী কঢ়িওৱা সামৰিক বিমান চি-১৭ত তুলি অবৈধ প্ৰব্ৰজনকাৰী হিচাপে চিহ্নিত হোৱা ভাৰতীয় নাগৰিকক ট্ৰাম্প প্ৰশাসনে দেশান্তৰ কৰিব বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় ভালদৰেই অৱগত আছিল৷ কিয়নো এই সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনৰ সৈতে সমন্বয় আৰু সহযোগিতা অব্যাহত ৰাখিছিল ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে৷ প্ৰথম পৰ্যায়ত যিকেইজন অবৈধ প্ৰব্ৰজনকাৰীক আমেৰিকাই দেশান্তৰ কৰিব, তেওঁলোকক চিহ্নিত কৰা বুলি ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছিল৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে মুকলিকৈ নক’লেও তেওঁলোকেই যে ভাৰতীয় নাগৰিক বুলি আমেৰিকাই দেশান্তৰিত কৰিবলৈ লোৱা ১০৪ জনক চিহ্নিত কৰি দিছিল, সেয়া মাৰ্কিন বিষয়াৰ ভাষ্যৰ পৰাই স্পষ্ট হৈছে৷ অন্ততঃ মাৰ্কিন প্ৰশাসনৰ ‘ভেৰিফায়েড’ বুলি কোৱা শব্দটোৱে এই প্ৰক্ৰিয়াত নতুন দিল্লী জড়িত বুলি নিশ্চিত কৰিছে৷ কেইদিনমান পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছিল– ‘আমেৰিকাকে ধৰি বিদেশী ৰাষ্ট˜ত ‘অবৈধভাৱে’ থকা ভাৰতীয় নাগৰিকৰ ‘বৈধ’ প্ৰত্যাৱৰ্তনত নতুন দিল্লীৰ সন্মতি আছে৷’ একে প্ৰসংগত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল– ‘মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছোঁ৷ তেওঁ যিটো ভাল বুলি ভাবে সেয়াই কৰিব৷’ ৰাষ্ট্ৰপতি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এই দায়িত্বশীল প্ৰত্যেকৰে মন্তব্যৰ পৰা এইটো অন্ততঃ স্পষ্ট, ভাৰতে আমেৰিকাক ভাৰতীয় নাগৰিকক দেশান্তৰ কৰাৰ বিষয়টোত সহযোগিতা কৰি আছে৷

নতুন দিল্লীয়ে আমেৰিকাক ইমান সহযোগিতা কৰা সত্ত্বেও কিয় ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ভাৰতীয় নাগৰিকক অপৰাধীৰ দৰে হাত-ভৰি শিকলিৰে বান্ধি পঠিয়ালে– প্ৰতিজন ভাৰতীয়ৰ মনত এতিয়া এই প্ৰশ্নই ক্ষোভৰ সৃষ্টি কৰিছে৷ অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ কথা৷ ভাৰতীয় নাগৰিকক এই ভয়ংকৰ অপমান কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে কোন সতেৰে ট্ৰাম্পৰ সৈতে সখ্যতা প্ৰদৰ্শন কৰিব বুলিও প্ৰশ্ন উঠিছে৷ একেই ঘটনা ভাৰতে আমেৰিকাৰ সৈতে কৰিবলৈ সাহ আছেনে? খাবলৈ নিদিয়াকৈ, টয়লেটলৈ যাব নোৱাৰাকৈ হাত-ভৰি শিকলিৰে বান্ধি এনেদৰে আমেৰিকাই ভাৰতীয় নাগৰিকক দেশান্তৰ কৰাৰ ঘটনাত নতুন দিল্লীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰকেই বা নকৰক, প্ৰকৃত ভাৰতীয় এই অপমান আৰু মানৱাধিকাৰ উলংঘনত কঁপি উঠিছে৷ কিয়নো এনে ঘটনা পৰাধীন ভাৰতত ব্ৰিটিছে কৰাৰহে উদাহৰণ আছে৷ আজিৰ প্ৰজন্মই চিনেমাতহে তেনে দৃশ্য দেখিছে৷ আমেৰিকাই এনে অমানৱীয়, বৰ্বৰ আচৰণ কৰাটো কোনো সভ্য ভাৰতীয়ই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷