Logo
image

নিৰ্বাচন, বিহুৰ পিছত আহিব পাৰে ক’ভিড

আমাৰ অসম, ৫ এপ্ৰিলঃ মাস্ক কা জৰুৰত নেহী হ্যে৷ নেহী হ্যে তো নেহী হ্যে৷ মে ক্যা কৰু? কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশ দে, লেকিন ইন দ্য কনটেক্সট অব আছাম ক’ভিড আজ কা দিন মে নহী হ্যে৷ কিয়ো বেকাৰ কা আপ পেনিক ক্ৰিয়েট কৰে, জব হোগা মে’ বতা দুংগা লোগোকো...৷ অসমৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল চেনেল ‘লালনটপত’ অসমত ক’ভিড নাই আৰু সেইবাবেই মাস্ক পৰিধান কৰাৰ কোনো প্ৰয়োজন নাই বুলি দিয়া এই সাক্ষাৎকাৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ এই সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ দিনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন উচ্ছস্তৰীয় বৈঠক অনুষ্ঠিত কৰি সকলো ক’ভিড বিধি পালন কৰিবলৈ ৰাজ্যসমূহক কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ সমগ্ৰ দেশতে যেতিয়া পুনৰ কৰ’নাৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে, কৰ’নাৰ দ্বিতীয় তৰংগই যেতিয়া দেশক গ্ৰাস কৰিবলৈ উদ্যত হৈছে, অসমতো ২৪ ঘণ্টাত যিদিনা ৬৪ জন আক্ৰান্ত ধৰা পৰিছে, ঠিক তেতিয়াই অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক মাস্ক নিপিন্ধিবলৈ পৰামৰ্শ দিছে৷ ‘লালনটপ’ৰ সংবাদদাতাৰ সৈতে নিজৰ গাড়ীত বহি দিয়া সাক্ষাৎকাৰত তেওঁ কিয় মাস্ক  পিন্ধা নাই বুলি সাংবাদিকজনে বাৰে বাৰে কৰা প্ৰশ্নত উত্তেজিত হৈ কয়–‘অসমত যিহেতু কৰ’নাই নাই, তেন্তে কেৱল অপ্ৰয়োজনত কিয় ৰাজ্যৰ মানুহে মাস্ক পিন্ধিব৷ মিছাকৈ আতংক বঢ়াই লাভ নাই৷’ সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে ক’ভিড বিধি পালন কৰিবলৈ নিৰ্দেশ দিলেও অসমত ইয়াৰ বিৰোধিতা কিয়? উত্তৰত হিমন্ত বিশ্বই কয়–‘কেন্দ্ৰই নিৰ্দেশ দিবই পাৰে৷ নিৰ্দেশিকাও জাৰি কৰিব পাৰে৷ কিন্তু অসমত ক’ভিড নাই৷ যেতিয়া ক’ভিড আহিব তেতিয়া ৰাজ্যবাসীক মাস্ক পিন্ধিবলৈ কম৷ নিপিন্ধিলে ৫০০ টকা ফাইন লগাই দিম৷ ক’ভিড যদি ৰাজ্যত নাথাকেই, তেতিয়া মই কি কৰিব পাৰো৷’ তেওঁ পুনৰ কয়–‘মানুহে যদি মাস্ক পিন্ধি থাকে, তেতিয়া বিউটি পাৰ্লাৰবোৰ কেনেকৈ চলিব? বিউটি পাৰ্লাৰকো বচাই ৰাখিব লাগিব৷ অসমৰ অৰ্থনীতিৰ কথালৈয়ো চাব লাগিব, ব্যৱসায়-বাণিজ্যও জীয়াই ৰাখিব লাগিব৷ জিডিপি ওপৰলৈ উঠি আছে, তাকো ৰাখিব লাগিব৷’ হিমন্ত বিশ্বই কয়–‘আমি এইবাৰ ধুমধামেৰে বিহু উদ্‌যাপন কৰিম৷ মোৰ বিশ্বাস, ৰাজ্যত ক’ভিড নথকাৰ বাবে বিহু পালনতো চৰকাৰে কোনো নিষেধাজ্ঞা জাৰি নকৰে৷’ মাস্ক নিপিন্ধাৰ বাবে তেওঁ কোনো বিশেষজ্ঞৰ পৰামৰ্শ লৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত কয়–‘এই ক্ষেত্ৰত আলোচনাৰ কোনো প্ৰয়োজন নাই৷ ইমানদিনে ক’ভিড দেখি সকলো বুজি গৈছো৷ যিদিনাৰ পৰা ৰাজ্যত দৈনিক ১০০ জন সংক্ৰমিত হ’ব সেইদিনাই প্ৰেছমীট পাতি ৰাজ্যবাসীক মাস্ক পিন্ধিবলৈ নিৰ্দেশ দিম৷’

নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগে কঠোৰ হৈ আহিছে ক’ভিড বিধি

ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ লগে লগে চৰকাৰী ক’ভিড বিধিও কঠোৰ হৈ আহিছে৷ সামাজিক ব্যৱধান অবিহনে আৰু মাস্ক পৰিধান নকৰাকৈ হাজাৰ হাজাৰ মানুহক লগত লৈ নেতা-মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰ সভা-ৰেলী বাহিৰ কৰাত ৰাজ্যত পুনৰ ক’ভিড ভাইৰাছে মূৰ দাঙি উঠিছে৷ নিৰ্বাচন আয়োগে কাগজে-কলমে কঠোৰ ক’ভিড বিধি বলবৎ কৰণৰ কথা উল্লেখ কৰিছিল যদিও কাৰ্যতঃ ক্ষমতাশালী স্বতন্ত্ৰ নিৰ্বাচন আয়োগকো শাসক-বিৰোধীৰ ৰাজনৈতিক হেঁচাত মৌন হৈ থকাহে দেখা গ’ল৷ যাৰ ফলত অসমত বিগত ৪৮ ঘণ্টাত শতাধিক লোকৰ দেহত ক’ভিড ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে৷ দেওবাৰৰ দিনটোত ৰাজ্যত ৬৯জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰাৰ পৰাৰ বিপৰীতে দুজন ৰোগীৰ মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে সদৰি কৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই বিগত ২৪ মাৰ্চত ASDMA.২৪/২০২০/ Part-১/১৫৩ নম্বৰত নিৰ্দেশনাৰ জৰিয়তে কঠোৰ ক’ভিড বিধি জাৰি কৰি ৰাজহুৱা সমাগম এক প্ৰকাৰ নিষিদ্ধ ঘোষণা কৰিছিল৷ মুখ্য সচিবজনে কাগজে কলমে এই নিৰ্দেশ দিলেও বাস্তৱত কাৰ্যকৰী হোৱাটো দূৰৰে কথা উক্ত নিৰ্দেশনা পত্ৰখনৰ সন্দৰ্ভতো ৰাজ্যৰ জনসাধাৰণ আজিলৈকে অৱগত নহ’ল৷ নিৰ্বাচনী প্ৰচাৰত বাধা পৰাৰ ভয়তে চৰকাৰ-প্ৰশাসনে সৰ্বসাধাৰণ নাগৰিকক ভয়ংকৰ বিপদলৈ ঠেলি দি নিৰ্বাচনী প্ৰচাৰ অন্ত পৰালৈ ক’ভিড বিধি কাৰ্যকৰীকৰণৰ বাবে হাত সাবটি বহি থাকিল৷ দেওবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ ভোটৰ প্ৰচাৰ শেষ হোৱাৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগে ক’ভিড সম্পৰ্কীয় কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰা ক’ভিডে ভয়াৱহ ৰূপ লোৱা মুম্বাই আৰু বেংগালুৰুৰ পৰা অসমলৈ অহা বিমান যাত্ৰীয়ে বাধ্যতামূলকভাৱে ক’ভিড নিগেটিভ আৰ টি পি চি আৰ ৰিপ’ৰ্ট লৈ আনিব লাগিব৷ অৱশ্যে উক্ত ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন বিমান অৱতৰণৰ ৭২ ঘণ্টাৰ ভিতৰত হ’ব লাগিব৷ আনহাতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা ৰে’লেৰে অসমলৈ অহা যাত্ৰী সকলেও ক’ভিড স্ক্ৰীণিঙৰ সন্মুখীন হ’ব৷ যদিহে ক’ভিডৰ লক্ষণ ধৰা পৰে, সেইসকল যাত্ৰীৰ বাধ্যতামূলকভাৱে ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব৷ স্বাস্থ্য বিভাগে আন এটা নিৰ্দেশনা যোগে এতিয়াৰে পৰা ক’ভিড পজিটিভ ধৰা পৰিলে সংশ্লিষ্ট লোকজনৰ সংস্পৰ্লৈ অহা কমেও ২০-২৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে৷ ইপিনে আৰটি-পিচিআৰ টেষ্টৰ নামত এতিয়াৰে পৰা নাৰ্চিং হোম তথা লেব’ৰেটৰীয়ে নিজ ইচ্ছামতে মাচুল সংগ্ৰহ কৰিব নোৱাৰিব৷ এন এ বি এল আৰু আই চি এম আৰৰ অনুমোদিত ব্যক্তিগত খণ্ডৰ লেব’ৰেটৰীয়ে ক’ভিড টেষ্টৰ বাবদ সংগ্ৰহ কৰা মাচুল নিৰ্ধাৰণ কৰি দিছে স্বাস্থ্য বিভাগে৷ চিকিৎসালয় বা পৰীক্ষাগাৰত আৰ টি-পি চি আৰৰ সৰ্বাধিক মাচুল ৫০০ টকা ল’ব পাৰিব৷ ঘৰৰ পৰা ক’ভিড নমুনা সংগ্ৰহ কৰিলে [আৰ টি পি চি আৰ] মাচুল ল’ব পাৰিব সৰ্বাধিক ৭০০ টকা৷ আনহাতে ৰেপিড এণ্টিজেন টেষ্টৰ মাচুল হ’ব ২৫০ টকা৷ বিমান বন্দৰসমূহত আৰ টি পি চি আৰ টেষ্টৰ বাবদ ৫০০ টকা মাচুল ধাৰ্য কৰিছে স্বাস্থ্য বিভাগে৷