
‘ঝুমুৰ বিনন্দিনী’ক লৈ দিছপুৰত বৈঠক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছাম-২.০ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ‘ঝুমুৰ বিনন্দিনী’ক লৈ দিছপুৰত অনুষ্ঠিত কৰা হৈছে বৈঠক৷ এডভাণ্টেজ আছাম ২.০ আৰু ঝুমুৰ বিনন্দিনী শীৰ্ষক মেগা ঝুমুৰ নৃত্য অনুষ্ঠানৰ বাবে বৃহস্পতিবাৰে লোকসেৱা ভৱনত পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লগতে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াই ভাগ লয়৷ ইতিমধ্যে অসমক বিনিয়োগ আৰু আন্তঃগাঁথনিৰ অন্যতম কেন্দ্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য লৈ আৰু ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ বাবে ব্যাপক আয়োজন চলি আছে ৰাজ্যত৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটান, জাপান, দক্ষিণ কোৰিয়ালৈ গৈ ব্যৱসায়িক আৰু উদ্যোগী নেতাক আমন্ত্ৰণ জনাই আহিছে৷ আনকেইবাজনো মন্ত্ৰীয়ে দেশৰ বাহিৰে-ভিতৰে ৰোড শ্ব’ত ভাগ লৈ আমন্ত্ৰণ জনাইছে উদ্যোগী-ব্যৱসায়ীক৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুয়োটা বৃহৎ অনুষ্ঠানতে উপস্থিত থাকিব৷ আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰথমতে ‘ঝুমুৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানৰ আয়োজনৰ অগ্ৰগতিৰ বুজ লয়৷ তেওঁ মূল সমিতি, আতিথ্য সমিতি, চিকিৎসা সমিতি, কাৰিকৰী সমিতি আদিৰ বৰ্তমানলৈকে হোৱা প্ৰস্তুতিৰ লগতে যান-বাহন ব্যৱস্থাপনাৰ অৰ্থে আৰক্ষীয়ে লোৱা পৰিকল্পনা, শিল্পীসকলক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সুকলমে অনা-নিয়াৰ ব্যৱস্থা তথা থকা-মেলাৰ সুবিধা আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়৷ তেওঁ কয় এই অনুষ্ঠান যাতে বাগানসমূহত পোনপটীয়াকৈ প্ৰদৰ্শন কৰিব পৰা যায় তাৰ বাবে জিলা আয়ুক্তসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এই অনুষ্ঠানক কেন্দ্ৰ কৰি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত কেইবাসহস্ৰ শিল্পীৰ লগতে আমন্ত্ৰিত অতিথি আৰু দৰ্শনাৰ্থীৰ সমাগম হ’ব৷ ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ যান-বাহন ব্যৱস্থাপনা যাতে সুষম হয় সেয়া সুনিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে৷ তদুপৰি সমগ্ৰ অনুষ্ঠানস্থলীত যাতে বিশুদ্ধ খোৱাপানীৰ যোগান, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা সুনিশ্চিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ তেনেদৰে শিল্পীসকলক প্ৰদান কৰা খাদ্যৰ গুণমান যাতে উন্নত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, ‘ঝুমুৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানটো ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷ আনহাতে, আজিৰ এই বৈঠকতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ‘এডভাণ্টেজ আছাম ২.০’ শীষৰ্ক দুদিনীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰস্তুতিৰো বুজ লয়৷ এই বৈঠকত তেওঁ ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান, এই সন্মিলনত বিভিন্ন সংস্থা আৰু প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণৰ বাবে বৰ্তমানলৈকে প্ৰদান কৰা নিশ্চিতি আদিৰ বুজ লৈ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া ব্যক্তিসকলৰ আতিথ্য, থকা-লোৱা, পৰিবহন আদিকে ধৰি বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে৷ তদুপৰি তেওঁ সন্মিলনৰ সময়ছোৱাত অনুষ্ঠিত হ’বলগীয়া বৈঠকসমূহৰ যাৱতীয় প্ৰস্তুতিৰ খতিয়ান লয়৷ সন্মিলনত অসমৰ চাহ আৰু থলুৱা বস্ত্ৰশিল্পক যাতে উপযুক্তভাৱে প্ৰদৰ্শিত কৰা হয় সেই দিশতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্ৰীয়ে বৈঠকত ‘ঝুমইৰ বিনন্দিনী’ আৰু ‘এডভাণ্টেজ আছাম ২.০’ শীষৰ্ক অনুষ্ঠান দুটা যাতে নিয়াৰিকৈ অনুষ্ঠিত হয় তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷
অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, পীয়ূষ হাজৰীকা, ইউ জি ব্ৰহ্ম, অশোক সিংহল, যোগেন মহন, জয়ন্ত মল্লবৰুৱা, বিমল বড়া, নন্দিতা গাৰ্লোছা, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৌশিক ৰায়, কৃষ্ণেন্দু পালৰ উপৰি মুখ্যসচিব ড॰ ৰবি কোটা, ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদীকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷ ইফালে, আজি জনতা ভৱনস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয়৷ এই বৈঠকত অসমৰ আৰ্থ-সামাজিক উন্নয়নত উল্লেখযোগ্য ভূমিকা থকা আঁচনিসমূহ ক্ৰমে অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি বিভিন্ন বিষয়সমূহ আলোচনা কৰে৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ আছাম ২.০ আৰু ঝুমুৰ নৃত্য অনুষ্ঠানৰ সম্পৰ্কতো আয়ুক্তসকলৰ লগত আলোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাত জিলা আয়ুক্তসকলৰ পৰা আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়৷ তেওঁ লগতে এই আঁচনিসমূহে যাতে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰে জনসাধাৰণ উপকৃত হ’ব পাৰে সেয়া নিশ্চিত কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সমজিলা আয়ুক্তসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি কয় যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহৰ সদস্য হিচাপে তেওঁলোকে তৃণমূল পৰ্যায়ত ইয়াৰ কাৰ্যকৰীকৰণৰ সু-ব্যৱস্থা কৰিব৷ বৈঠকত ঔদ্যোগিকীকৰণ আৰু মহিলা সবলীকৰণৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি দুখনৰ ৰূপায়ণ সন্দৰ্ভতো বিতংভাৱে পৰ্যালোচনা কৰা হয়৷ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ দিশত এই আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাটো সুনিশ্চিত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান সময় নিৰ্দ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত জিলা অভিভাৱক মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে আলোচনা কৰি আঁচনিসমূহ তৃণমূল পৰ্যায়ত সঠিকভাৱে ৰূপায়ণ কৰিবলৈও কয়৷