Logo
image

আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত নতুন আয়কৰ বিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কেবিনেটে দেশৰ নতুন আয়কৰ বিধেয়কত অনুমোদন জনাব৷ আগন্তুক সপ্তাহৰ পহিলাতে লোকসভাত বিধেয়কখন (বিল) উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, বৰ্তমান দেশত ১৯৬১ চনৰ আয়কৰ আইনেই বলৱৎ  হৈ আছে৷ সেই আইনৰ অৱসান ঘটাবলৈ কেন্দ্ৰই আনিছে নতুন আইন৷ আৰ্থিক বিশ্লেষকসকলৰ অনুমান– নতুন আইনে আয়কৰৰ ক্ষেত্ৰত ৬০ শতাংশ জটিলতা দূৰ কৰিব৷ ব্যক্তিগত আয়কৰ দাতাসকলৰ লগতে ব্যৱসায়িক কৰৰ বিষয়টোও সহজলভ্য হৈ পৰিব৷ নতুন আইনে ৰুদ্ধ কৰিব আইনবিৰোধী কাম-কাজৰ সুৰুঙা৷ নতুন আইনত হয়তো পুৰণি আয়কৰ ব্যৱস্থা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব পাৰে৷’ উল্লেখ্য, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিলৰ সময়তে ঘোষণা কৰিছিল যে চলিত সপ্তাহতে কেবিনেটত নতুন আয়কৰ বিলৰ অনুমোদন দিয়া হ’ব৷ উল্লেখ্য, প্ৰস্তাৱিত নতুন টেক্স ৰিজিম অনুসৰি বাৰ্ষিক ১২ লাখ টকা আয় পৰ্যন্ত কৰ সম্পূৰ্ণ ৰেহাই দিয়া হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন আইনৰ সন্দৰ্ভত কয়– ‘নতুন আয়কৰ বিলখন স্পষ্ট আৰু পোনপটীয়া হ’ব৷


নতুন আইনে ১৯৬১ চনৰ আওপুৰণি আয়কৰ আইনৰ সমাপ্তি ঘটাব৷ এই আইনখনৰ ইতিমধ্যে ৬০ বছৰ হৈছে৷ পুৰণি আইনখনত ২৯৮ টা চেক্সন আৰু ২৩ টা ছেপ্টাৰ আছে৷ যোৱা দশকত বহুখিনি সংযোজন কৰা হৈছে৷ ইয়াৰ ফলত আইনখন কৰদাতাসকলৰ বাবে জটিল হৈ পৰিছিল৷ সেয়েহে আমি দেশত এখন নতুন সৰল আৰু ফলপ্ৰসু আয়কৰ আইন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷’ ইফালে, কাইলৈ কেবিনেটে নতুন আয়কৰ আইনত অনুমোদন জনোৱাৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ভাষণ দি কয়– ‘কেন্দ্ৰীয় চৰকাৰ মধ্যবিত্ত আৰু নব্য মধ্যবিত্তৰ সৈতে সকলো সময়তে আছে৷ আমি মধ্যবিত্তৰ এটা বৃহৎ অংশৰ আয়কৰ শূন্য কৰি দিলোঁ৷ ২০১৩ চনলৈ বাৰ্ষিক ২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই আছিল৷ আজি আমি ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই কৰি দিলোঁ৷’ আজি কেন্দ্ৰীয় কেবিনেটে নতুন আয়কৰ আইনত অনুমোদন দিলে ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে নতুন বিলখন সংসদত উত্থাপন কৰাৰ সম্ভাৱনা আছে৷