
এজাক বৰষুণৰ লগতে ৰাজ্যত আকৌ নামিব শীত
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৬ ফেব্ৰুৱাৰীঃ চুবুৰীয়া দেশ বাংলাদেশৰ লগতে কাষৰীয়া ৰাজ্যত হঠাতে হোৱা বতৰৰ কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে বতৰৰ আকস্মিক পৰিবৰ্তন হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইয়াৰ প্ৰভাৱত উত্তৰ পূৱৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অহা দুদিনত আকাশ মেঘাছন্ন হৈ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সদৰি কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে বিগত ৪৮ ঘণ্টাত দিনৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা স্বাভাবিকতকৈ ১ ৰ পৰা প্ৰায় ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত আছে৷ সম্প্ৰতি সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ পৰা ৩.৫ কিলোমিটাৰ ওপৰেৰে বতাহ বলি আছে৷ কিন্তু বৰষুণ আহিলে বত্তৰ্মানকৈ সাগৰপৃষ্ঠৰ আধা উচ্চতাৰে বতাহ বলিব৷ তাৰ পাছত পুনৰ সাময়িকভাবে ৰাজ্যত পুনৰ শীতৰ আগমণ হব৷
অৱশ্যে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বতৰৰ এই শেহতীয়া আকস্মিক পৰিবৰ্তন মাত্ৰ দুটা দিনৰ বাবেহে থকাৰ সম্ভাৱনা আছে৷ শনিবাৰৰ বিয়লি ভাগৰ পৰা বতৰ পুনৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে বতৰৰ আকস্মিক পৰিবৰ্তনৰ বাবে বিগত ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইৰ লগতে ডিব্ৰুগড় আৰু উত্তৰ লখিমপুৰ জিলাৰ কেতবোৰ ঠাইত পাতলীয়া পৰিমাণৰ বৰষুণ হৈছে৷ ইফালে বিগত প্ৰায় এমাহৰো অধিক দিন ধৰি ৰাজ্যৰ বেচিভাগ ঠাইতে বৰষুণ নোহোৱাত সকলো ফালে ধূলিময় আৰু শুকান পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ বাবে ৰাইজে এজাক দবা পিতা বৰষুণ অহাৰ বাবে কামনা কৰিছে৷ যাতে ধূলিময় পৰিস্থিতিৰ পৰা কিছু সকাহ লাভ কৰে৷ আনহাতে বৃহস্পতিবাৰ সন্ধিয়া পৰ্যন্ত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল এনে ধৰণৰঃগুৱাহাটীত ১৫.০ ডিগ্ৰী চেলচিয়াছ, ডিব্ৰগড়ত ১৫.৬ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ১৭.৯ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ১৫.২ ডিগ্ৰী চেলচিয়াছ, যোৰহাটত ১৫.৪ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত ১৩.২ ডিগ্ৰী চেলচিয়াছ৷ এই সময়চোৱাত উত্তৰ পূৱৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৮.১ ডিগ্ৰী চেলচিয়াছ৷