Logo
image

গীনিজ বিশ্ব অভিলেখৰ লক্ষ্যত উপনীত অসম সন্তান

'আমাৰ অসম'ৰ মহানগৰ সংবাদ,৭ ফেব্ৰুৱাৰীঃ অসমৰ মেণ্ডলিন বাদক আৰু অনুৰাগীৰ একত্ৰিত মঞ্চ ব্ৰহ্মপুত্ৰ মেণ্ডলিন্চ (Brahmaputra Mandolins)ৰ সদস্য কুন্তল ৰাজ চক্ৰৱৰ্তী সদ্যহতে একেৰাহে দীৰ্ঘ সময়ৰ বাবে মেণ্ডলিন বাদন কৰি নতুন গীনিজ বিশ্ব অভিলেখ স্থাপনৰ বাবে স্থিৰ কৰা ৪৮ ঘন্টাৰ লক্ষ্য অতিক্ৰম কৰাত সফল হয়। স্থানীয় "ব্যতিক্ৰম" আৰু "ভাৰতীয় এচ'ছিয়েটছ" নামৰ সংস্থা দুটিৰ উদ্যোগত গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত ৩১ জানুৱাৰীৰ সন্ধিয়া ৮ বজাত এই প্ৰতিযোগীতামূলক মেণ্ডলিন বাদন আৰম্ভ হয়। দুই জানুৱাৰীৰ সন্ধিয়া ৮ বজাত চক্ৰৱৰ্তীয়ে নিৰ্দিষ্ট সময়সীমা অতিক্ৰম কৰি মাজনিশালৈকে অতিৰিক্ত সময়ৰ বাবে মেণ্ডলিন বাদন কৰি গীনিজ অভিলেখৰ বাবে কৃতকাৰ্য্য হয়। 


উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনত চক্ৰৱৰ্তীয়ে গুৱাহাটীত একেৰাহে ২৬ ঘন্টা ৪১ মিনিট জুৰি মেণ্ডলিন বাদন কৰি গীনিজ বিশ্ব অভিলেখ স্থাপন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত Stephen Oliver-এ ২০২২ চনত আমেৰিকাৰ চাউথ কেৰ'লিনাৰ গ্ৰীনভিল চহৰত ২৭ ঘন্টা ৮ মিনিট ৩৩ চেকেণ্ড জুৰি যতিবিহীন ভাবে মেণ্ডলিন বজাই চক্ৰৱৰ্তীৰ পূৰ্বৰ অভিলেখ ভঙ্গ কৰি বিশ্ব খিতাপ অৰ্জন কৰে। ইয়াৰ পিছত চক্ৰৱৰ্তীয়ে পুনৰ আন এক প্ৰয়াসত একেৰাহে ৩৬ ঘন্টাৰ বাবে মেণ্ডলিন বাদন কৰি Stephen Oliver ৰ অভিলেখ অতিক্ৰম কৰে। এই ক্ষেত্ৰত গীনিজ কৰ্তৃপক্ষৰ তৰফৰ পৰা স্বীকৃতিপত্ৰ আহিবলগীয়া হৈ থকা বৰ্তমানৰ সময়ছোৱাতে কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে অধিক বাদন সময় (৪৮ ঘন্টা)ৰ লক্ষ্য স্থিৰ কৰি পুনৰ প্ৰতিযোগীতাত নামি কৃতকাৰ্য্য হয়। অসমৰ সু-সন্তান কুন্তল ৰাজৰ এই ৪৮ ঘন্টীয়া মেণ্ডলিন বাদনৰ বৃহৎ অভিলেখ এক সুদীৰ্ঘ কালৰ বাবে অটুত হৈ থাকিব বুলি ভবাৰ অপৰিসীম থল আছে।