
অৰুণাচলৰ বুকুত অসম চৰকাৰৰ অনুদানেৰে নিৰ্মাণ হৈছে নামঘৰ আৰু ঐতিহ্যক্ষেত্ৰ
'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ আধ্যাত্মিকতাৰ জৰিয়তে অসম-অৰুণাচল ৰাজ্যৰ ভাতৃত্ববোধক সুদৃঢ় কৰাৰ উদ্দেশ্যৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হৈছে অসমীয়া জনজীৱনৰ সাংস্কৃতিক সম্পদ নামঘৰ। অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ প্ৰচেষ্টাত প্ৰায় ৩ বিঘা ভূমিত নিৰ্মাণ হোৱা নামঘৰে দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ বাৰ্তা বহন কৰিব। চুবুৰীয়া ৰাজ্যখনৰ টিৰাপ জিলাৰ নামচাং অঞ্চলৰ সুউচ্চ পাহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নামঘৰ নিৰ্মাণৰ বাবে ৫ কোটি টকা অনুমোদন জনাইছে। ইতিমধ্যে প্ৰথম পৰ্যায়ত মুকলি কৰা ৩ কোটি টকাৰে পূৰ্ণগতিৰে নামঘৰৰ নিৰ্মাণকাৰ্য চলিছে চুবুৰীয়া ৰাজ্যখনত। উল্লেখযোগ্য যে ৫০-৬০ দশকতে অসমৰ পৰা অৰুণাচললৈ প্ৰব্ৰজিত হৈছিল কেইটামান অসমীয়া পৰিয়াল। সম্প্ৰতি ৮০টা অসমীয়া পৰিয়াল নামচাং অঞ্চলত বাস কৰি আছে। শংকৰদেৱৰ অন্যতম শিষ্য নৰোত্তমৰ সংস্কৃতি আৰু আদৰ্শৰে উজ্জীৱিত নক্টে জনজাতিসকলৰ সৈতে অৰুণাচলৰ অসমীয়া পৰিয়ালে বৰ্তাই ৰাখিছে গুৰুজনাৰ সমন্বয়ৰ ৰামধেনু। নগাৰ নৰোত্তমৰ জৰিয়তে গুৰুজনাই লুইতৰ পাৰত গঢ়ি তুলিছিল অসমীয়া সংস্কৃতিৰ বৰঘৰ। পাহাৰে-ভৈয়ামে গুঞ্জৰিত হৈ পৰিছে গুৰুজনাৰ সৃষ্টিৰাজি।
এটা সময়ত অৰুণাচলৰ টিৰাপ জিলাত নামঘৰৰ সংখ্যা আছিল ৬০টা। কিন্তু বিভিন্ন কাৰণত অৰুণাচলৰ বুকুৰ পৰা হেৰাই গ'ল নামঘৰসমূহ। সম্প্ৰতি ৭টা মানহে নামঘৰ নৰত্তোমৰ আদৰ্শৰে পৰিচালিত হৈ আছে অৰুণাচলৰ মাটিত। স্বাভাৱিকতে মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত পুনৰ নামঘৰসমূহ অৰুণাচলত পুনৰ উজ্জীৱিতকৰণৰ বাবে লোৱা পদক্ষেপৰ বাবে অৰুণাচলৰ ভকত-বৈষ্ণৱৰ মাজত হাঁহিৰ ৰেঙনী কঢ়িয়াই আনিছে। মন কৰিবলগীয়া যে, ২০২৪ চনৰ ১৯ জানুৱাৰীত অৰুণাচলৰ নামচাঙত বিধায়ক তৰংগ গগৈ আৰু অৰুণাচলৰ মন্ত্ৰী ৱাংকি লৱাঙে নামঘৰ আৰু ঐতিহ্যক্ষেত্ৰৰ নিৰ্মাণকাৰ্য আধাৰশিলা স্থাপন কৰিছিল। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তত্বাৱধানত নিৰ্মাণ হৈ থকা নামঘৰ আৰু ঐতিহ্যক্ষেত্ৰৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত আছিল ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, মেৰবিল বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্ত। ইফালে নামঘৰলৈ যোৱা পথটো অৰুণাচল চৰকাৰে নিৰ্মাণৰ ব্যৱস্থা কৰিছে। অৰুণাচলৰ ভূমিত নিৰ্মাণ হোৱা নামঘৰ আৰু ঐতিহ্যক্ষেত্ৰই স্বাভাৱিকতে অসম আৰু অৰুণাচলৰ মাজত সমন্বয়ৰ বাৰ্তা বহন কৰি ৰাখিব।