Logo
image

স্কুল ভৱন নিৰ্মাণৰ বাবে চৰকাৰে দিব ৭ৰ পৰা ১০ কোটিকৈ টকা

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক,৭ ফেব্ৰুৱাৰীঃ ‘ৰাজ্যৰ ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰতিখনতে ৭-১০ কোটি টকাকৈ খৰচ কৰি  নতুনকৈ নিৰ্মাণ কৰা হ’ব৷ ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ নৱজাগৰণ অনাৰ প্ৰয়াস কৰিছে৷ ইয়াৰ অংশ হিচাপেই এনে বুজন পৰিমাণৰ ধন ব্যয় কৰি ৫০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, শুকুৰবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পলাশবাৰীৰ আগছিয়াস্থিত পি এমশ্ৰী পলাশবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৭ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া ৰূপান্তৰমুখী প্ৰকল্প ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ পুৱাৰ ভাগতে লোকনিৰ্মাণ বিভাগৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে নিৰ্মাণ হ’বলগীয়া এই নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ৫০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৭-১০ কোটি টকা খৰচ কৰি নতুনকৈ নিৰ্মাণ কৰা হ’ব৷


উল্লেখ্য যে, অসমত ২০২৩ চনৰ নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে পি এমশ্ৰী অৰ্থাৎ ‘প্ৰধানমন্ত্ৰী স্কুলছ্‌ ফৰ ৰাইজিং ইণ্ডিয়া’ আঁচনিখন শুভাৰম্ভ কৰা হৈছিল৷ এই আঁচনিৰ প্ৰথম দুটা পৰ্যায়ত ৰাজ্যৰ মুঠ ৩৮২  খন বিদ্যালয় অন্তভূৰ্ক্ত কৰা হৈছে৷ ইয়াৰে প্ৰথম পৰ্যায়ত ২৬৬ খন আৰু দ্বিতীয় পৰ্যায়ত ১১৬খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে৷ এই নিৰ্বাচিত বিদ্যালয়সমূহ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সকলো উপাদান সামৰি একোখন আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লোৱা হৈছে৷ পি এমশ্ৰী আঁচনিৰ লক্ষ্য হৈছে বিদ্যালয়সমূহত শৈক্ষিক মানদণ্ড, আন্তঃগাঁথনি আৰু ছাত্ৰ-ছাত্ৰীৰ ফলাফল উন্নত কৰা৷ এনে বিদ্যালয়সমূহে কাষৰীয়া অন্যান্য বিদ্যালয়সমূহক মেণ্টৰশ্বিপো প্ৰদান কৰিব৷ এই শিলান্যাস অনুষ্ঠানত জিলা আয়ুক্ত সুমিত চাত্তাৱান, লোকনিৰ্মাণ গৃহ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সভাপতি ৰবীন্দ্ৰনাথ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷  ইফালে, ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা তৃতীয় তথা শেষ পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে৷ বিশ্বনাথ, বঙাইগাঁও, কাচাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰী জিলাক সামৰি এই গুণোসৱ অনুষ্ঠিত হৈছিল৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্তমল্ল বৰুৱাইয়ো গুণোৎসৱত বহিঃ মূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে৷ মুঠ ১৩,৩৫৬ খন বিদ্যালয়ৰ ১১,৭২,৪০১গৰাকী ছাত্ৰ-ছাত্ৰীক গুণোৎসৱত শৈক্ষিক মূল্যায়ন কৰা হয়৷