Logo
image

আজি মুম্বাইত আম্বানিক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ  চলিত মাহৰ শেষ সপ্তাহত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ‘এডভাণ্টেজ আছাম-২.০’ক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অসম মন্ত্ৰীসভাৰ কেবাজনো মন্ত্ৰীয়ে প্ৰায় এমাহ ধৰি দেশ-বিদেশে ব্যস্ত হৈ আছে৷ ইফালে ইয়াৰ মাজতে ১৩ শতাংশতকৈ অধিক জি এছ ডি পি বৃদ্ধিৰ হাৰ আৰু সন্তুলিত নীতিগত ব্যৱস্থাৰে   অসম ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় উন্নয়নশীল আৰু বিকশিত ৰাজ্য হোৱাৰ দিশে ধাৱমান হৈছে৷ ইয়াৰ মাজতে শনিবাৰে দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত দেশৰ অন্যতম ধৰ্ণাঢ্য ব্যক্তি হিচাপে পৰিচিত, উদ্যোগী মুকেশ আম্বানীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে শুকুৰবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নতুন দিল্লী অভিমুখে যাত্ৰা কৰিছে৷ তাৰ পিছত শনিবাৰে পুৱাৰ ভাগত ড॰ শৰ্মাই নতুন দিল্লীৰ পৰা মুম্বাইলৈ যাব৷ তাত আগতীয়া বন্দবস্তি অনুসৰি উদ্যোগপতি মুকেশ আম্বানীক সাক্ষাৎ কৰিব৷ জানিব পৰামতে, সাক্ষাৎ কালত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আগন্তুক এডভাণ্টেজ আছামৰ লগতে অসমৰ উদ্যোগিক ক্ষেত্ৰখনত বিনিয়োগ কৰাৰ বাবে মুকেশ আম্বানীক আমন্ত্ৰণ জনাব৷ আনহাতে শনিবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰী গৰাকী মুম্বাইৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ কথা আছে৷ উল্লেখ্য যে, বিগত দিনকেইটাত বিদেশৰ উপৰিও দেশতো বিভিন্ন প্ৰখ্যাত উদ্যোগপতিক সাক্ষাৎ কৰি ‘এডভাণ্টেজ আছাম-২.০’ৰ লগতে অসমৰ উদ্যোগীক ক্ষেত্ৰখনত বিনিয়োগ কৰাৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে৷



জনতা ভৱনৰ প্ৰৱেশদ্বাৰত স্থাপন হ’ব আম্বেদকাৰৰ প্ৰতিমূৰ্তি

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ  দেশৰ সংবিধান প্ৰণেতাক সন্মান দিয়াৰ উদ্দেশ্যে প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে৷ ইয়াকে লৈ সম্প্ৰতি তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকাক৷ দিছপুৰৰ জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড॰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি৷ ১৫ আগষ্টৰ ভিতৰত স্থাপন কৰা হ’ব দেশৰ সংবিধানৰ পিতৃপুৰুষ ড॰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি৷ মন্ত্ৰী পীয়ূষ হাজিৰকাই আজি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে৷ শেহতীয়াভাৱে ড॰ ভীমৰাও আম্বেদকাৰক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে আৰু কংগ্ৰেছ দলে আম্বেদকাৰক লৈ বিভিন্ন বিষয়ত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি থকাৰ মাজতে মন্ত্ৰীগৰাকীয়ে ড॰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য যে দেশৰ সংবিধান প্ৰণেতা ড॰ ভীমৰাও আম্বেদকাৰক লৈ কিছুদিন পূৰ্বে ৰাজ্যখনত কংগ্ৰেছ দলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ বিজেপি চৰকাৰে ড॰ আম্বেদকাৰক নূ্যনতম সন্মান প্ৰদৰ্শন নকৰা বুলি কংগ্ৰেছে সময়ে সময়ে সমালোচনা কৰি আহিছিল৷ অৱশ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছ দলক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছিল৷ কংগ্ৰেছক নিকৃষ্ট আৰু নিৰ্লজ্জ দল বুলি আখ্যা দি মুখ্যমন্ত্ৰীয়ে যি কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিছিল, সংবিধানক নিলম্বিত কৰিছিল, গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল, সেই কংগ্ৰেছ দলে সংবিধান লৈ প্ৰতিবাদ কৰাটো শোভা নাপায় বুলি মন্তব্য কৰিছিল৷ কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে আম্বেদকাৰক ব্যৱহাৰ কৰা বুলিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ তুলিছিল৷ আনকি ৭৫ বছৰে শাসনত থাকিও কংগ্ৰেছ দলে আম্বেদকাৰক ভাৰতৰত্ন নিদিয়াত মুখ্যমন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰিছিল৷ এনে পৰিৱেশৰ মাজতে আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত দেশৰ সংবিধানৰ পিতৃপুৰুষ ড॰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে প্ৰতিমূৰ্তি স্থাপন হ’বলগীয়া উক্ত স্থান পৰিদৰ্শন কৰি গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷

নগাঁও, মৰিগাঁও, হোজাইত এডভাণ্টেজ অসমৰ কৰ্মশালা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ নগাঁৱত আজি জিলাভিত্তিত এদিনীয়া এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ ৰ এক কৰ্মশালা অনুষ্ঠিত হয়৷ নগাঁও জিলা প্ৰশাসনৰ সৌজন্যত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালা মুকলি কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে৷  জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আদৰণি ভাষণ প্ৰদান কৰা কৰ্মশালাখনত উদ্দেশ্য ব্যাখ্যা কৰে জিলা উদ্যোগ আৰু বাণিজ্যি কেন্দ্ৰৰ প্ৰধান পৰিচালক জয়ন্ত পাটোৱাৰীয়ে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে